--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দয়া কৰি বৃহস্পতিবাৰে ছুটি লওক কোহলীয়ে৷ ইংলেণ্ডৰ বিৰুদ্ধে কাইলৈ হবলগা টি২০ বিশ্বকাপৰ দ্বিতীয়খন চেমিফাইনেলৰ প্ৰাকমুহূৰ্তত বিৰাট কোহলীক উদ্দেশ্যি এইদৰে অনুৰোধ কৰিলে কেভিন পিটাৰছনে৷

 

ইংলেণ্ডৰ বিৰুদ্ধে নমাৰ পূৰ্বে কঠিন অনুশীলনত ব্যস্ত আছে কোহলী৷ ইনষ্টাগ্ৰামত অনুশীলনকালৰ এটা ভিডিঅও তেওঁ শ্বেয়াৰ কৰিছে৷ অনুশীলনকালছোৱাক উপভোগ কৰা বুলি কোহলীয়ে ভিডিঅটোৰ কেপচন হিচাপে লিখিছে৷

 

ভিডিঅটোৰ কমেণ্ট হিচাপে ইংলেণ্ডৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ পিটাৰছনে এটা আমোদজনক মন্তব্য কৰিছে৷ তেওঁ লিখে- ‘‘দয়া কৰি বৃহস্পতিবাৰে তুমি ছুটি লোৱা৷ তুমিতো জানা যে মই তোমাক খুব ভালপাওঁ৷ সেয়ে কওঁ, বৃহস্পতিবাৰে তুমি আৰাম কৰা’’

 

বিৰাট কোহলীয়ে অৱশ্যে পিটাৰছনৰ এই কমেণ্টটোৰ কোনো উত্তৰ দিয়া নাই৷

 

উল্লেখ্য যে চলিত বিশ্বকাপত সৰ্বোচ্চ ৰাণ সংগ্ৰহৰ তালিকাত শীৰ্ষত আছে বিৰাট কোহলী৷ ইতিমধ্যে বিশ্বকাপত তিনিটাকৈ হাফ চেঞ্চুৰি অৰ্জন কৰিছে কোহলীয়ে৷

 

সেয়ে কাইলৈ হবলগা চেমিফাইনেলখনত কোহলীয়ে কেনেধৰণৰ বেটিং বিক্ৰম প্ৰদৰ্শন কৰে, তাৰ প্ৰতি ক্ৰিকেটানুৰাগীসকলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক