--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দয়া কৰি বৃহস্পতিবাৰে ছুটি লওক কোহলীয়ে৷ ইংলেণ্ডৰ বিৰুদ্ধে কাইলৈ হ’বলগা টি২০ বিশ্বকাপৰ দ্বিতীয়খন চেমিফাইনেলৰ প্ৰাকমুহূৰ্তত বিৰাট কোহলীক উদ্দেশ্যি এইদৰে অনুৰোধ কৰিলে কেভিন পিটাৰছনে৷

 

ইংলেণ্ডৰ বিৰুদ্ধে নমাৰ পূৰ্বে কঠিন অনুশীলনত ব্যস্ত আছে কোহলী৷ ইনষ্টাগ্ৰামত অনুশীলনকালৰ এটা ভিডিঅ’ও তেওঁ শ্বেয়াৰ কৰিছে৷ অনুশীলনকালছোৱাক উপভোগ কৰা বুলি কোহলীয়ে ভিডিঅ’টোৰ কেপচন হিচাপে লিখিছে৷

 

ভিডিঅ’টোৰ কমেণ্ট হিচাপে ইংলেণ্ডৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ পিটাৰছনে এটা আমোদজনক মন্তব্য কৰিছে৷ তেওঁ লিখে- ‘‘দয়া কৰি বৃহস্পতিবাৰে তুমি ছুটি লোৱা৷ তুমিতো জানা যে মই তোমাক খুব ভালপাওঁ৷ সেয়ে কওঁ, বৃহস্পতিবাৰে তুমি আৰাম কৰা’’৷

 

বিৰাট কোহলীয়ে অৱশ্যে পিটাৰছনৰ এই কমেণ্টটোৰ কোনো উত্তৰ দিয়া নাই৷

 

উল্লেখ্য যে চলিত বিশ্বকাপত সৰ্বোচ্চ ৰাণ সংগ্ৰহৰ তালিকাত শীৰ্ষত আছে বিৰাট কোহলী৷ ইতিমধ্যে বিশ্বকাপত তিনিটাকৈ হাফ চেঞ্চুৰি অৰ্জন কৰিছে কোহলীয়ে৷

 

সেয়ে কাইলৈ হ’বলগা চেমিফাইনেলখনত কোহলীয়ে কেনেধৰণৰ বেটিং বিক্ৰম প্ৰদৰ্শন কৰে, তাৰ প্ৰতি ক্ৰিকেটানুৰাগীসকলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু