--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় এসপ্তাহ পূৰ্বে দেশৰ সুপৰিচিত কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱে জিমত ৱৰ্কআউট কৰি থাকোঁতে হঠাতে ঢলি পৰিছিল আৰু তেতিয়াৰ পৰা চিকিৎসালয়ৰ ভেন্টিলেটৰত থাকি জীৱন-মৃত্যুৰ সৈতে তেওঁ যুঁজি আছে। ৰাজুৰ অৱস্থা এতিয়া অতি সংকটজনক। ৰাজুৱে চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবেই চিকিৎসকে কৈছে যে এতিয়া কেৱল ভগৱানেহে তেওঁক বচাব পাৰিব। 

শেহতীয়াকৈ ৰাজুৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত কমেডিয়ান গৰাকীয়ে মৃত্যুৰ কথা কৈছে। শেহতীয়া তথ্য অনুসৰি ৰাজু শ্ৰীবাস্তৱৰ ব্ৰেইন ডেড হৈ পৰিছে আৰু তেওঁ চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। লাইফ চাপৰ্টত নিজৰ জীৱনৰ বাবে যুঁজি থকা ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অত্যন্ত জটিল আৰু এতিয়া তেওঁৰ জীৱন ৰক্ষা পৰিলে সেয়া কেৱল মিৰাকল হ'ব বুলি জনাইছে চিকিৎসকে। তেওঁৰ পত্নী, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।

ৰাজু শ্ৰীবাস্তৱৰ প্ৰায় ২৭ দিনৰ পুৰণি এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তেওঁ মৃত্যুৰ কথা কৈছে। এইটো এটা কমেডী ভিডিঅ' য'ত ৰাজুৱে তেওঁৰ জনপ্ৰিয় চৰিত্ৰ 'গজোধৰ ভাইয়া’ৰ কণ্ঠেৰে কথা কৈছে।

ভিডিঅ'টোত ৰাজুৱে কয় ''আমাৰ মৃত্যুৰ সময়ত যমৰাজে ম’হৰ ওপৰত বহি আমাক নিবলৈ আহে। জীৱনত সকলোৱে এনেকুৱা কাম কৰিব লাগে যেতিয়াই যমৰাজে নিবলৈ আহে তেতিয়াই যাতে কয় তুমি ম’হৰ ওপৰত বহা। জীৱনটো এনেকুৱা হ’ব লাগে যে যমৰাজে নিজেই খোজ কাঢ়ি তোমাক ম’হৰ ওপৰত উঠিবলৈ কয়। যমৰাজে যাতে কয়  ‘তুমি এজন ভাল আৰু চৰিত্ৰৱান মানুহ, তুমি খোজ কাঢ়ি গ'লে ভাল নালাগিব! গতিকে ময়ে খোজ কাঢ়ি যাম, তুমি ম'হৰ ওপৰত বহি লোৱা।''

জীৱন তথা মৃত্যুৰ সন্দৰ্ভত ৰাজু শ্ৰীবাস্তৱে এনেদৰে কোৱা কথাটো এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।

ৰাজু শ্ৰীবাস্তৱ যাতে সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ ঘূৰি আহে তাৰবাবে প্ৰাৰ্থনা জনাইছে ইণ্ডাষ্ট্ৰীৰ সকলো অভিনেতা-অভিনেত্ৰী পৰা আৰম্ভ কৰি তেওঁৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি