--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় এসপ্তাহ পূৰ্বে দেশৰ সুপৰিচিত কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱে জিমত ৱৰ্কআউট কৰি থাকোঁতে হঠাতে ঢলি পৰিছিল আৰু তেতিয়াৰ পৰা চিকিৎসালয়ৰ ভেন্টিলেটৰত থাকি জীৱন-মৃত্যুৰ সৈতে তেওঁ যুঁজি আছে। ৰাজুৰ অৱস্থা এতিয়া অতি সংকটজনক। ৰাজুৱে চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবেই চিকিৎসকে কৈছে যে এতিয়া কেৱল ভগৱানেহে তেওঁক বচাব পাৰিব। 

শেহতীয়াকৈ ৰাজুৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত কমেডিয়ান গৰাকীয়ে মৃত্যুৰ কথা কৈছে। শেহতীয়া তথ্য অনুসৰি ৰাজু শ্ৰীবাস্তৱৰ ব্ৰেইন ডেড হৈ পৰিছে আৰু তেওঁ চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। লাইফ চাপৰ্টত নিজৰ জীৱনৰ বাবে যুঁজি থকা ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অত্যন্ত জটিল আৰু এতিয়া তেওঁৰ জীৱন ৰক্ষা পৰিলে সেয়া কেৱল মিৰাকল হ'ব বুলি জনাইছে চিকিৎসকে। তেওঁৰ পত্নী, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।

ৰাজু শ্ৰীবাস্তৱৰ প্ৰায় ২৭ দিনৰ পুৰণি এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তেওঁ মৃত্যুৰ কথা কৈছে। এইটো এটা কমেডী ভিডিঅ' য'ত ৰাজুৱে তেওঁৰ জনপ্ৰিয় চৰিত্ৰ 'গজোধৰ ভাইয়া’ৰ কণ্ঠেৰে কথা কৈছে।

ভিডিঅ'টোত ৰাজুৱে কয় ''আমাৰ মৃত্যুৰ সময়ত যমৰাজে ম’হৰ ওপৰত বহি আমাক নিবলৈ আহে। জীৱনত সকলোৱে এনেকুৱা কাম কৰিব লাগে যেতিয়াই যমৰাজে নিবলৈ আহে তেতিয়াই যাতে কয় তুমি ম’হৰ ওপৰত বহা। জীৱনটো এনেকুৱা হ’ব লাগে যে যমৰাজে নিজেই খোজ কাঢ়ি তোমাক ম’হৰ ওপৰত উঠিবলৈ কয়। যমৰাজে যাতে কয়  ‘তুমি এজন ভাল আৰু চৰিত্ৰৱান মানুহ, তুমি খোজ কাঢ়ি গ'লে ভাল নালাগিব! গতিকে ময়ে খোজ কাঢ়ি যাম, তুমি ম'হৰ ওপৰত বহি লোৱা।''

জীৱন তথা মৃত্যুৰ সন্দৰ্ভত ৰাজু শ্ৰীবাস্তৱে এনেদৰে কোৱা কথাটো এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।

ৰাজু শ্ৰীবাস্তৱ যাতে সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ ঘূৰি আহে তাৰবাবে প্ৰাৰ্থনা জনাইছে ইণ্ডাষ্ট্ৰীৰ সকলো অভিনেতা-অভিনেত্ৰী পৰা আৰম্ভ কৰি তেওঁৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী