--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি কোনো সংগঠনৰ সদস্য নহওঁ,  নিৱনুৱাৰ স্বাৰ্থতে  আমাৰ এই প্ৰতিবাদ। এই দাবী কৰিছে বুধবাৰে সংসদ ভৱনত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱা চাৰি যুৱক-যুৱতীয়ে। প্ৰতিবাদকাৰী নীলম  আৰু অমল চিন্দেই আজি ধৰা পৰাৰ পিছতে এই দাবী কৰে।  যেতিয়া নীলমক আৰক্ষীয়ে লৈ গৈছিল, তেওঁ কৈছিল যে এই সকলোবোৰ নিবনুৱাৰ বাবেই কৰা হৈছে। তেওঁ কয়-যেতিয়া আমি অধিকাৰৰ কথা কওঁ, লাঠী চাৰ্জ কৰা হয়, অত্যাচাৰ কৰা হয়। আমি শিক্ষাৰ্থী। 

আমি কোনো সংগঠনৰ অন্তৰ্ভুক্ত নহয়, আমি নিবনুৱা।আমাক চাকৰি লাগে। উল্লেখ্য  সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই সংসদত তাণ্ডৱৰ সৃষ্টি কৰা সকলৰ চাৰিজনক আইবিয়ে চিনাক্ত কৰি আটক কৰিছে। সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।  

তেওঁলোকৰ হাতত  আছিল  গেছ স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছ প্ৰয়োগো কৰে। তেওঁলোকৰ হাতত কি গেছ আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে চাৰি জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ দুজন হৈছে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। এই দুজনে  সংসদ ভৱনত  প্ৰৱেশ কৰিছিল। সাগৰ মাইচুৰুৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। মনোৰঞ্জন মাইচুৰৰ বাসিন্দা। বুধবাৰে সাংসদ খগেন মুৰ্মুৰ ভাষণৰ সময়তে দুয়োজন ব্যক্তিয়ে লোকসভাত হুলস্থূলৰ সৃষ্টি কৰে।  আক্ৰমণৰ সময়ত আন দুজন সংসদৰ বাহিৰত ৰৈ  আছিল। তেওঁলোকক আইবিয়ে আটক কৰিছে।সূত্ৰ অনুসৰি, বাহিৰত ৰৈ   থকা দুজনৰ ভিতৰত এগৰাকী মহিলা। মহিলাগৰাকীক হাৰিয়ানাৰ বাসিন্দা নীলম সিং বুলি চিনাক্ত কৰা হৈছে। আনজন মহাৰাষ্ট্ৰৰ অমল শিন্দে। আৰু জুজন অভিযুক্তৰ এতিয়া সন্ধান চলিছে। 

সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই পুনৰ অঘটন।  সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।  

তেওঁলোকৰ হাতত  আছিল  গেছ স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছ প্ৰয়োগো কৰে। তেওঁলোকৰ হাতত কি গেছ আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে চাৰি জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ দুজন হৈছে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। এই দুজনে  সংসদ ভৱনত  প্ৰৱেশ কৰিছিল। সাগৰ মাইচুৰুৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। মনোৰঞ্জন মাইচুৰৰ বাসিন্দা। বুধবাৰে সাংসদ খগেন মুৰ্মুৰ ভাষণৰ সময়তে দুয়োজন ব্যক্তিয়ে লোকসভাত হুলস্থূলৰ সৃষ্টি কৰে।  আক্ৰমণৰ সময়ত আন দুজন সংসদৰ বাহিৰত ৰৈ  আছিল। তেওঁলোকক আইবিয়ে আটক কৰিছে।সূত্ৰ অনুসৰি, বাহিৰত ৰৈ   থকা দুজনৰ ভিতৰত এগৰাকী মহিলা। মহিলাগৰাকীক হাৰিয়ানাৰ বাসিন্দা নীলম সিং বুলি চিনাক্ত কৰা হৈছে। আনজন মহাৰাষ্ট্ৰৰ অমল শিন্দে। আৰু দুজন অভিযুক্তৰ এতিয়া সন্ধান চলিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান