--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডে্‌কঃ বুধবাৰে লোকসভাৰ শীতকালীন অধিৱেশন আছিল ‘শূন্য ঘন্টা’ত। এই ঘটনাই ২০০১ চনত ২২ বছৰ পূৰ্বে সংসদত সংঘটিত আক্ৰমণ মনত পেলায় দিয়ে। ২০০১ চনৰ ১৩ ডিচেম্বৰৰ ভয়ংকৰ দিনটোৰ কথা মনত পেলাই দিলে। বুধবাৰে ঠিক কি হৈছিল?

বুধবাৰে লোকসভাৰ শীতকালীন অধিৱেশনৰ সময়ত সভাৰ মাজভাগত জপিয়াই পৰে দুজন যুৱকে। শ্লোগান দি হালধীয়া গেছ বিয়পাই দিয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, সভাত আক্ৰমণকাৰীয়ে ‘ৰঙীন বোমা’ বিয়পাইছিল। পিছত সাংসদ দুজনে তেওঁলোকক ধৰি নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। এই ঘটনাই পুনৰ সংসদৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

লোকসভাৰ গেলেৰীৰ পৰা ‘তনাশাহী নেহি চলিগা’ শ্ল’গান দি চেম্বাৰত জপিয়াই পৰে দুজন যুৱকে। অভিযোগ অনুসৰি যুৱক দুজনে লোকসভাত প্ৰৱেশ কৰি ‘ৰঙীন বোমা’ নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল। গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰৰ এই ঘটনাই ২২ বছৰ পূৰ্বে সংসদত সংঘটিত আক্ৰমণৰ স্মৃতি কঢ়িয়াই আনিলে। ইয়াৰ পূৰ্বে ২০০১ চনত এই ১৩ ডিচেম্বৰত সংসদত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।

প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে যে আক্ৰমণকাৰীয়ে সভাত হালধীয়া গেছৰ দৰে পদাৰ্থ বিয়পাইছিল। এখন বেঞ্চৰ পৰা আন এখন বেঞ্চলৈ জপিয়াই ধোঁৱা বিয়পাই আছিল। ‘ৰঙীন বোমা’ বুলি দাবী কৰা হৈছে। গেছ দেখি সভাত আতংক বিয়পি পৰে। ধোঁৱা বিষাক্ত হ’ব পাৰে বুলি আতংকিত হৈ পৰিছিল সাংসদসকল। আক্রমণকাৰীয়ে শ্ল’গান দি থকাৰ অভিযোগ উত্থাপন হৈছে৷ সাংসদ দুজনে খৰধৰকৈ ধৰি নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। ধৰা পৰাৰ পিছত আক্ৰমণকাৰীয়ে সভা ত্যাগ কৰি শ্লোগান দি থকা দেখা যায়।

দুই সাংসদে বাধা দিলে যুৱক দুজনক। আৰ এল পিৰ এজন সাংসদ আৰু বি এছ পিৰ এজন সাংসদ। সেই সময়ত দুজন যুৱকে চিঞৰি আছিল, "এনানায়কত্ববাদ নচলিব"। লোকসভা পৰিবহণ ভৱনৰ সন্মুখৰ পৰা আৰক্ষীয়ে আৰু দুজন লোকক আটক কৰে। তাৰ ভিতৰত এগৰাকী মহিলাও আছিল। লগতে একেধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে।

এই আক্ৰমণকাৰী কোন? এজন হৈছে অমল শিন্দে। তেওঁৰ ঘৰ মহাৰাষ্ট্ৰত। আন এজন ব্যক্তিৰ নাম নীলম সিং। তেওঁ হাৰিয়ানাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। সাগৰ শৰ্মা নামৰ এজন ব্যক্তিক আটক কৰিছে দিল্লী আৰক্ষীয়ে। অভিযোগ কৰা হৈছে যে তেওঁ সমগ্ৰ ঘটনাৰ ‘নেতৃত্ব’ লৈছিল। একাধিক খবৰ অনুসৰি সাগৰে অতিথি হিচাপে বিজেপি সাংসদ প্ৰতাপ সিমহাৰৰ বাবে ভিজিটৰ পাছ ক্ৰয় কৰিছিল। তেওঁৰ লগতে নীলম কৌৰ নামৰ আন এজন ব্যক্তিয়ে সংসদত প্ৰৱেশৰ চেষ্টা কৰে।


হালধীয়া ধোঁৱা নিৰ্গত ‘কেন’ লৈ প্ৰতিবাদ সাব্যস্ত কৰি সংসদ ভৱনৰ বাহিৰত এজন যুৱক আৰু এগৰাকী মহিলাক আটক কৰি ৰখা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত নীলমৰ বয়স ৪২ বছৰ। অমলৰ বয়স ২৫। ইয়াৰে দুজনক পৰিবহণ ভৱনৰ সন্মুখত গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন