--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষটো সম্পূৰ্ণৰূপে ক’ভিডৰ বৰ্ষ আছিল বুলি ক’লেও ভূল কোৱা নহ’ব৷ ক’ৰোনাৰ কৰাল গ্ৰাসত পৰি বহুতে হেৰুৱালে জীৱিকাৰ পথ, আন কোনোৱে হেৰুৱালে নিজৰ আত্মীয়-স্বজনক৷ ক’ভিডৰ প্ৰথম ঢৌক যদিও ভাৰতে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনীতিৰ অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷

এইক্ষেত্ৰত ভাৰতৰো অৰ্থনীতিৰ অৱস্থা একেবাৰে পুতৌলগা৷ বিশেষকৈ ইমান দীঘলীয়া লকডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীটোৱে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিলে চৰকাৰে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও এই যাত্ৰা সুগম নাছিল।। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পাছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়। কিন্তু ইয়াৰ মাজতে চীনে সকলো দেশকে অতিক্ৰম কৰি অৰ্থনৈতিক ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰিছে৷ এইক্ষেত্ৰত ছুপাৰ পাৱাৰ আমেৰিকাকো অতিক্ৰম কৰিলে চীনে৷

আজি বছৰটোৰ অন্তিম দিন৷ বিদায় ক্ষণত পুৰণিক পাহৰি সকলোৱে নতুনক আদৰিবলৈ প্ৰস্তুতি চলাইছে৷ কিন্তু নতুন বছৰক আপুনি আদৰাৰ সমান্তৰালকৈ নতুন বছৰৰ আৰম্ভণিৰেপৰাই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে বৃদ্ধি হ’ব জিএছটিৰ হাৰ ৷ কৰৰ হাৰ বৃদ্ধি পোৱা সামগ্ৰীৰ ভিতৰত আছে পোছাক আৰু জোতা৷ জোতা আৰু পোছাকত জিএছটিৰ হাৰ নতুনকৈ প্ৰযোজ্য হোৱাৰ পাছত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাব৷ অনিয়ন্ত্ৰিতভাৱে জিএছটি বৃদ্ধিয়ে বস্ত্ৰ নিৰ্মাণ উদ্যোগলৈ অমানিশা নমাই অনাৰ লগতে প্ৰায় ১৫ লাখ লোক জীৱিকাহীন হ’ব বুলি আশংকা কৰা হৈছে৷

ইপিনে অতিৰিক্ত জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্তশিপিনীসকলকো ক্ষতি কৰিব বুলি আশংকা কৰিছে৷ ইফালে দেশৰ ব্যৱসায়ী সংস্থাৰ সৰ্ব্বোচ্চ সংগঠন কনফেডাৰেছন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কাপোৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে৷ পত্ৰত তেওঁলোকে লিখিছে- এনে সিদ্ধান্ত অ-যুক্তিকৰ, চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে৷

ইফালে, জমেট’, ছুইগীৰ দৰে খাদ্য বিতৰণকাৰী কোম্পানীয়েও পাঁচ শতাংশ জিএছটি চৰকাৰক জমা দিব লাগিব৷ পূৰ্বতে এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে৷ কিন্তু এতিয়াৰেপৰা এই কৰ গ্ৰাহকসকলৰ পৰা সংগ্ৰহ কৰা হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ