--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষটো সম্পূৰ্ণৰূপে ক’ভিডৰ বৰ্ষ আছিল বুলি ক’লেও ভূল কোৱা নহ’ব৷ ক’ৰোনাৰ কৰাল গ্ৰাসত পৰি বহুতে হেৰুৱালে জীৱিকাৰ পথ, আন কোনোৱে হেৰুৱালে নিজৰ আত্মীয়-স্বজনক৷ ক’ভিডৰ প্ৰথম ঢৌক যদিও ভাৰতে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনীতিৰ অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷

এইক্ষেত্ৰত ভাৰতৰো অৰ্থনীতিৰ অৱস্থা একেবাৰে পুতৌলগা৷ বিশেষকৈ ইমান দীঘলীয়া লকডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীটোৱে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিলে চৰকাৰে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও এই যাত্ৰা সুগম নাছিল।। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পাছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়। কিন্তু ইয়াৰ মাজতে চীনে সকলো দেশকে অতিক্ৰম কৰি অৰ্থনৈতিক ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰিছে৷ এইক্ষেত্ৰত ছুপাৰ পাৱাৰ আমেৰিকাকো অতিক্ৰম কৰিলে চীনে৷

আজি বছৰটোৰ অন্তিম দিন৷ বিদায় ক্ষণত পুৰণিক পাহৰি সকলোৱে নতুনক আদৰিবলৈ প্ৰস্তুতি চলাইছে৷ কিন্তু নতুন বছৰক আপুনি আদৰাৰ সমান্তৰালকৈ নতুন বছৰৰ আৰম্ভণিৰেপৰাই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে বৃদ্ধি হ’ব জিএছটিৰ হাৰ ৷ কৰৰ হাৰ বৃদ্ধি পোৱা সামগ্ৰীৰ ভিতৰত আছে পোছাক আৰু জোতা৷ জোতা আৰু পোছাকত জিএছটিৰ হাৰ নতুনকৈ প্ৰযোজ্য হোৱাৰ পাছত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাব৷ অনিয়ন্ত্ৰিতভাৱে জিএছটি বৃদ্ধিয়ে বস্ত্ৰ নিৰ্মাণ উদ্যোগলৈ অমানিশা নমাই অনাৰ লগতে প্ৰায় ১৫ লাখ লোক জীৱিকাহীন হ’ব বুলি আশংকা কৰা হৈছে৷

ইপিনে অতিৰিক্ত জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্তশিপিনীসকলকো ক্ষতি কৰিব বুলি আশংকা কৰিছে৷ ইফালে দেশৰ ব্যৱসায়ী সংস্থাৰ সৰ্ব্বোচ্চ সংগঠন কনফেডাৰেছন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কাপোৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে৷ পত্ৰত তেওঁলোকে লিখিছে- এনে সিদ্ধান্ত অ-যুক্তিকৰ, চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে৷

ইফালে, জমেট’, ছুইগীৰ দৰে খাদ্য বিতৰণকাৰী কোম্পানীয়েও পাঁচ শতাংশ জিএছটি চৰকাৰক জমা দিব লাগিব৷ পূৰ্বতে এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে৷ কিন্তু এতিয়াৰেপৰা এই কৰ গ্ৰাহকসকলৰ পৰা সংগ্ৰহ কৰা হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু