--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৬১ বছৰীয়া ৰোলফ বুখোলজে (ৰল্ফ বুচোলজ) গীনিজবুকত অব্ ৱ’ৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছে। কিন্তু এই ব্যক্তিজন কোন? কিহৰ বাবে তেওঁৰ নাম গীনিজ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে? জাৰ্মানীত বাস কৰা ৰফ নামৰ লোকজনৰ শৰীৰত মুঠ ৪৩৩টা ছিদ্ৰ আছে। ইয়াৰে প্ৰায় ২৭৮টা ছিদ্ৰ তেওঁৰ ব্যক্তিগত কিছু অংশত আছে। জাৰ্মানীত বাস কৰা ৬১বছৰীয়া বৃদ্ধজনৰ শৰীৰত অজস্ৰ বিন্ধা আছে। ৰফ হৈছে এনে এজন ব্যক্তি যি শৰীৰত আটাইতকৈ বেছি বিন্ধা কৰিছে।

ৰফৰ মতে, তেওঁৰ শৰীৰৰ বিভিন্ন অংশ বিন্ধা কৰাটো তেওঁৰ চখ। ছিদ্ৰ কৰিলে সাধাৰণতে শৰীৰৰ এটা স্থানত বিন্ধে আৰু ধাতুৰ এটা মুৰ সুমুৱাই দিয়ে। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল, এই লাঠিৰ বেছিভাগ তেওঁৰ শৰীৰৰ ব্যক্তিগত অংশত ব্যৱহাৰ কৰা হৈছে। পৃথিৱীৰ সৰ্বাধিক সংখ্যক বিন্ধাৰ বাবে ৰেকৰ্ড কৰিছে ৰফে। জাৰ্মানীৰ ডৰ্টমুণ্ডত বাস কৰা ৰফৰ শৰীৰৰ ৯০ শতাংশ টেটুৰে ভৰি আছে। ৪০ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে বিন্ধা হৈছিল। তেতিয়াৰেপৰা তেওঁ শৰীৰত অবিৰতভাৱে গজালেৰে বিন্ধিয়েই আছে। এতিয়া তেওঁৰ গোটেই শৰীৰটো টেটুৰে ভৰি আছে আৰু বিন্ধা হৈছে।

ৰফে বৰ্তমান এটা টেলিকম উদ্যোগত কাম কৰে। ৰফৰ মতে, তেওঁৰ হাতৰ তলুৱাৰ টেটুটোৱে তেওঁক আটাইতকৈ বেছি আঘাত দিয়ে। সেই টেটুটোৰ কাৰণে তেওঁ জীৱন ধাৰণ কৰাটো যথেষ্ট সমস্যৰ সন্মুখীন হৈছে৷ এবাৰ তেওঁক শৰীৰত অতিৰিক্ত বিন্ধাৰ বাবে ইউ.এ.ই.ত প্ৰৱেশ কৰাতো বাধা দিছিল। তেওঁক ভুলৱশতঃ বিমানবন্দৰত এজন ক’লা যাদুকৰ হিচাপে আটক কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ