--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে একেসময়তে একেলগে তিনিগৰাকী যমজ ভগ্নীক পাতিলে বিয়া। আফ্ৰিকাৰ কংগোত তিনিগৰাকী যমজ ভগ্নীয়ে একে সময়তে একেজন যুৱকক বিয়া কৰাই সকলোকে আচৰিত কৰি তুলিছে। ৩২ বছৰীয়া লুইজু নামৰ যুৱকজনে এক বিশেষ বিবাহ অনুষ্ঠানত নাদিগে, নাতাশা আৰু নাটালী নামৰ তিনিগৰাকী যমজ ভগ্নীক বিয়া কৰায়। লুইজুৱে কয় যে তেওঁ তিনিওগৰাকী যমজ ভগ্নীৰ পৰা একেলগে বিবাহৰ প্ৰস্তাৱ পাইছিল আৰু সেই প্ৰস্তাৱ তেওঁ অস্বীকাৰ কৰিব নোৱাৰিলে, সেয়েহে তেওঁ তিনিওগৰাকীকে বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। লুইজুৱে লগতে কয় যে "মই কি কৰি আছো তাক লৈ মোৰ মা-দেউতা চিন্তিত আছিল। সেইকাৰণে তেওঁলোকে মোৰ বিয়াত উপস্থিত নাছিল। মই কিবা এটা লাভ কৰিবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব, সেয়েহে আনে কি ভাবে মই গুৰুত্ব নিদিওঁ। মই বিয়া পাতি সুখী," সেয়াই মোৰ বাবে যথেষ্ট।" লুইজুৱে কৈছিল যে তেওঁ প্ৰথমে নাটালীৰ প্ৰেমত পৰিছিল কিন্তু যেতিয়া নাটালীয়ে তেওঁক তাইৰ যমজ ভগ্নী নাদিগে আৰু নাতাছাৰ সৈতে পৰিচয় কৰাই দিছিল, তেতিয়া তেওঁলোক দুয়ো লুইজুৰ প্ৰেমত পৰিছিল। ইয়াৰ পাছতেই তিনিও যমজ ভগ্নীয়ে একেজন যুৱকক বিয়া পতাৰ সিদ্ধান্ত লয়। নাটালীয়ে এই বিয়াৰ সম্পৰ্কত কয় যে "আমি সৰুৰে পৰা সকলোবোৰ বস্তু শ্বেয়াৰ কৰি আহিছো, সেয়েহে স্বামীক ভাগ বতৰা কৰাটো আমাৰ বাবে একো কঠিন কাম নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক