--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে একেসময়তে একেলগে তিনিগৰাকী যমজ ভগ্নীক পাতিলে বিয়া। আফ্ৰিকাৰ কংগোত তিনিগৰাকী যমজ ভগ্নীয়ে একে সময়তে একেজন যুৱকক বিয়া কৰাই সকলোকে আচৰিত কৰি তুলিছে। ৩২ বছৰীয়া লুইজু নামৰ যুৱকজনে এক বিশেষ বিবাহ অনুষ্ঠানত নাদিগে, নাতাশা আৰু নাটালী নামৰ তিনিগৰাকী যমজ ভগ্নীক বিয়া কৰায়। লুইজুৱে কয় যে তেওঁ তিনিওগৰাকী যমজ ভগ্নীৰ পৰা একেলগে বিবাহৰ প্ৰস্তাৱ পাইছিল আৰু সেই প্ৰস্তাৱ তেওঁ অস্বীকাৰ কৰিব নোৱাৰিলে, সেয়েহে তেওঁ তিনিওগৰাকীকে বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। লুইজুৱে লগতে কয় যে "মই কি কৰি আছো তাক লৈ মোৰ মা-দেউতা চিন্তিত আছিল। সেইকাৰণে তেওঁলোকে মোৰ বিয়াত উপস্থিত নাছিল। মই কিবা এটা লাভ কৰিবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব, সেয়েহে আনে কি ভাবে মই গুৰুত্ব নিদিওঁ। মই বিয়া পাতি সুখী," সেয়াই মোৰ বাবে যথেষ্ট।" লুইজুৱে কৈছিল যে তেওঁ প্ৰথমে নাটালীৰ প্ৰেমত পৰিছিল কিন্তু যেতিয়া নাটালীয়ে তেওঁক তাইৰ যমজ ভগ্নী নাদিগে আৰু নাতাছাৰ সৈতে পৰিচয় কৰাই দিছিল, তেতিয়া তেওঁলোক দুয়ো লুইজুৰ প্ৰেমত পৰিছিল। ইয়াৰ পাছতেই তিনিও যমজ ভগ্নীয়ে একেজন যুৱকক বিয়া পতাৰ সিদ্ধান্ত লয়। নাটালীয়ে এই বিয়াৰ সম্পৰ্কত কয় যে "আমি সৰুৰে পৰা সকলোবোৰ বস্তু শ্বেয়াৰ কৰি আহিছো, সেয়েহে স্বামীক ভাগ বতৰা কৰাটো আমাৰ বাবে একো কঠিন কাম নহয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে