--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেক্সিকোত পুনৰ বন্দুকধাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে।  মেক্সিকোৰ স্থানীয় সময় অনুসৰি শনিবাৰে সন্ধিয়া ঔদ্যোগিক চহৰ গুয়ানাজুয়াটোৰ এখন বাৰত এদল লোকে আক্ৰমণ কৰে। ঘটনাস্থলীত কমেও ১২ জন লোকৰ মৃত্যু হয়। এই ঘটনাত আন কেইবা জনো লোক আহত হয়।

 মধ্য মেক্সিকোৰ গুয়ানাজুয়াটোত মাফিয়াৰ আধিপত্য বৃদ্ধি পাইছে। আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি মাফিয়াৰ দলেই  হঠাতে মেক্সিকোৰ বাৰত আক্ৰমণ কৰিছে। অস্তৰধাৰী লোকে বাৰত প্ৰৱেশ কৰিয়েই নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে। নিহতসকলৰ ভিতৰত ছয়গৰাকী মহিলাও আছে। 
নিহতসকলৰ কেইজনমান বাৰৰ কৰ্মচাৰী। কোনে আক্ৰমণটো সংঘটিত কৰিছে আৰু কি উদ্দেশ্যৰ বাবে কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে অনুসন্ধান চলাই আছে যদিও কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ৫ অক্টোবৰত এজন বন্দুকধাৰীয়ে মেক্সিকোত আক্ৰমণ কৰিছিল।

 উক্ত আক্ৰমণত চহৰখনৰ মেয়ৰকে ধৰি মুঠ ১৮ জন লোক নিহত হৈছিল। চিটি হলত আক্ৰমণৰ আগতে আক্ৰমণকাৰীয়ে চহৰখনৰ প্ৰাক্তন মেয়ৰৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক হত্যা কৰিছিল । আৰক্ষীৰ মতে ড্ৰাগছ মাফিয়াই দলটোৰ নেতাক হত্যাৰ প্ৰতিশোধ ল'বলৈ নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছিল। অচিনাক্ত আক্ৰমণকাৰীৰ এটা দলে দক্ষিণ-পশ্চিম মেক্সিকোৰ সৰু চহৰ চান মিগুৱেল টোটালাপনৰ টাউন হলত উক্ত আক্ৰমণ সংঘটিত কৰিছিল। আক্ৰমণকাৰীয়ে চহৰখনৰ মেয়ৰ, পৰিষদৰ সদস্য আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক গুলীয়াই হত্যা কৰিছিল।

 লছ টেকুইলাৰ নামৰ মাফিয়া দলটোৱে আক্ৰমণটো সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।। তেওঁলোকৰ বাবে এটা অনুসন্ধান আৰম্ভ কৰা হৈছে।  উক্ত  আক্ৰমণটো গেংষ্টাৰ  জেকব ডি আলমন্টৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে গংষ্টাৰ  ৰেবেল জেকব ডি আলমণ্টাৰ ওৰফে এল টাকিলাৰ্ছক আৰক্ষীয়ে হত্যা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক