--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেক্সিকোত পুনৰ বন্দুকধাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিলে।  মেক্সিকোৰ স্থানীয় সময় অনুসৰি শনিবাৰে সন্ধিয়া ঔদ্যোগিক চহৰ গুয়ানাজুয়াটোৰ এখন বাৰত এদল লোকে আক্ৰমণ কৰে। ঘটনাস্থলীত কমেও ১২ জন লোকৰ মৃত্যু হয়। এই ঘটনাত আন কেইবা জনো লোক আহত হয়।

 মধ্য মেক্সিকোৰ গুয়ানাজুয়াটোত মাফিয়াৰ আধিপত্য বৃদ্ধি পাইছে। আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি মাফিয়াৰ দলেই  হঠাতে মেক্সিকোৰ বাৰত আক্ৰমণ কৰিছে। অস্তৰধাৰী লোকে বাৰত প্ৰৱেশ কৰিয়েই নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে। নিহতসকলৰ ভিতৰত ছয়গৰাকী মহিলাও আছে। 
নিহতসকলৰ কেইজনমান বাৰৰ কৰ্মচাৰী। কোনে আক্ৰমণটো সংঘটিত কৰিছে আৰু কি উদ্দেশ্যৰ বাবে কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে অনুসন্ধান চলাই আছে যদিও কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ৫ অক্টোবৰত এজন বন্দুকধাৰীয়ে মেক্সিকোত আক্ৰমণ কৰিছিল।

 উক্ত আক্ৰমণত চহৰখনৰ মেয়ৰকে ধৰি মুঠ ১৮ জন লোক নিহত হৈছিল। চিটি হলত আক্ৰমণৰ আগতে আক্ৰমণকাৰীয়ে চহৰখনৰ প্ৰাক্তন মেয়ৰৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক হত্যা কৰিছিল । আৰক্ষীৰ মতে ড্ৰাগছ মাফিয়াই দলটোৰ নেতাক হত্যাৰ প্ৰতিশোধ ল'বলৈ নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছিল। অচিনাক্ত আক্ৰমণকাৰীৰ এটা দলে দক্ষিণ-পশ্চিম মেক্সিকোৰ সৰু চহৰ চান মিগুৱেল টোটালাপনৰ টাউন হলত উক্ত আক্ৰমণ সংঘটিত কৰিছিল। আক্ৰমণকাৰীয়ে চহৰখনৰ মেয়ৰ, পৰিষদৰ সদস্য আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক গুলীয়াই হত্যা কৰিছিল।

 লছ টেকুইলাৰ নামৰ মাফিয়া দলটোৱে আক্ৰমণটো সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।। তেওঁলোকৰ বাবে এটা অনুসন্ধান আৰম্ভ কৰা হৈছে।  উক্ত  আক্ৰমণটো গেংষ্টাৰ  জেকব ডি আলমন্টৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে গংষ্টাৰ  ৰেবেল জেকব ডি আলমণ্টাৰ ওৰফে এল টাকিলাৰ্ছক আৰক্ষীয়ে হত্যা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক