--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন হৃদয়। অক্লান্ত ছলমানৰ অগণিত কাহিনী। এই সকলোবোৰৰ ঊৰ্ধ্বত চিৰসেউজ প্ৰেমকুমাৰ ছলমানৰ আছে এটা সঁচা মন, আছে  সেই ছলমানৰে জীৱনকাহিনী নানা কথা-উপকথাৰে ভৰপূৰ। বলীউডৰ ভাইজান খ্যাত ছলমান খানৰ বিপৰীতে 'বীৰ' ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল জেৰিন খানে। চাওতে চাওতে বলীউডত ১২টা বছৰ অতিক্ৰম কৰিলে এইগৰাকী অভিনেত্ৰীয়ে। বলীউডত এটা যুগ অতিবাহিত কৰাৰ পাছতো কিন্তু এইগৰাকী অভিনেত্ৰীয়ে প্ৰথমশাৰীৰ নায়িকাৰ তালিকাত স্থানলাভ কৰিবলৈ সক্ষম নহ’ল। ভাৰতীয় সংবাদ মাধ্যমৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এক সাক্ষাৎকাৰত ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। জেৰিনে কয়, ‘মই 'ভাইজান'ৰ প্ৰতি চিৰকৃতজ্ঞ। ছলমানৰ বাবেই মই বলীউডত অভিনয়ৰ সুযোগ পাইছিলো। তেওঁ নোহোৱা হ’লে মই আজি বলীউডত নাথাকিলোহেতেঁন।’ কিন্তু যিসকলে জেৰিনৰ কেৰিয়াৰৰ সকলো শ্ৰেয় ছলমানৰ বুলি ভাবে তেওঁলোকক উদ্দেশ্যি অভিনেত্ৰীগৰাকীয়ে কয়, ‘এই ধাৰণাটো সম্পূৰ্ণৰূপে ভুল। এইবোৰ উৰাবাতৰি। হয়, ছলমান এগৰাকী মহান ব্যক্তি। তেওঁ পৰোপকাৰীও। কিন্তু একেসময়তে মনত ৰাখিব যে, তেওঁ বহুত ব্যস্ত থাকে।’ তেওঁ লগতে কয়, ‘মই ছলমানৰ পোহনীয়া বান্দৰহৈ থাকিবলৈ অনিচ্ছুক। সকলো সময়তে তেওঁৰ কান্ধত উঠি ঘূৰি ফুৰা, তেওঁক জ্বলাই থকা এইবোৰ বিষয়তে মোৰ বৰ আপত্তি। জেৰিন খানে লগতে কয়, ‘ মই জানো ভাইজানক এটা ফোন কৰিলেই মোৰ ওচৰলৈ দৌৰি আহিব। কিন্তু মই সেই সুযোগ ল’বলৈ বিচৰা নাই। কিন্তু এটা কথা ঠিক, মোৰ কেৰিয়াৰৰ সকলো উপাদানৰ সৈতে ভাইজানৰ নাম সাঙোৰ খুৱাব খুজিলে মই আঘাত পাও। এনে ধৰণৰ কথা-বতৰাই মোৰ দীৰ্ঘদিনীয়া অভিনয় কেৰিয়াৰৰ পৰিশ্ৰমক আহত কৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ