--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন হৃদয়। অক্লান্ত ছলমানৰ অগণিত কাহিনী। এই সকলোবোৰৰ ঊৰ্ধ্বত চিৰসেউজ প্ৰেমকুমাৰ ছলমানৰ আছে এটা সঁচা মন, আছে  সেই ছলমানৰে জীৱনকাহিনী নানা কথা-উপকথাৰে ভৰপূৰ। বলীউডৰ ভাইজান খ্যাত ছলমান খানৰ বিপৰীতে 'বীৰ' ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল জেৰিন খানে। চাওতে চাওতে বলীউডত ১২টা বছৰ অতিক্ৰম কৰিলে এইগৰাকী অভিনেত্ৰীয়ে। বলীউডত এটা যুগ অতিবাহিত কৰাৰ পাছতো কিন্তু এইগৰাকী অভিনেত্ৰীয়ে প্ৰথমশাৰীৰ নায়িকাৰ তালিকাত স্থানলাভ কৰিবলৈ সক্ষম নহ’ল। ভাৰতীয় সংবাদ মাধ্যমৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এক সাক্ষাৎকাৰত ছলমানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে এইগৰাকী অভিনেত্ৰীয়ে। জেৰিনে কয়, ‘মই 'ভাইজান'ৰ প্ৰতি চিৰকৃতজ্ঞ। ছলমানৰ বাবেই মই বলীউডত অভিনয়ৰ সুযোগ পাইছিলো। তেওঁ নোহোৱা হ’লে মই আজি বলীউডত নাথাকিলোহেতেঁন।’ কিন্তু যিসকলে জেৰিনৰ কেৰিয়াৰৰ সকলো শ্ৰেয় ছলমানৰ বুলি ভাবে তেওঁলোকক উদ্দেশ্যি অভিনেত্ৰীগৰাকীয়ে কয়, ‘এই ধাৰণাটো সম্পূৰ্ণৰূপে ভুল। এইবোৰ উৰাবাতৰি। হয়, ছলমান এগৰাকী মহান ব্যক্তি। তেওঁ পৰোপকাৰীও। কিন্তু একেসময়তে মনত ৰাখিব যে, তেওঁ বহুত ব্যস্ত থাকে।’ তেওঁ লগতে কয়, ‘মই ছলমানৰ পোহনীয়া বান্দৰহৈ থাকিবলৈ অনিচ্ছুক। সকলো সময়তে তেওঁৰ কান্ধত উঠি ঘূৰি ফুৰা, তেওঁক জ্বলাই থকা এইবোৰ বিষয়তে মোৰ বৰ আপত্তি। জেৰিন খানে লগতে কয়, ‘ মই জানো ভাইজানক এটা ফোন কৰিলেই মোৰ ওচৰলৈ দৌৰি আহিব। কিন্তু মই সেই সুযোগ ল’বলৈ বিচৰা নাই। কিন্তু এটা কথা ঠিক, মোৰ কেৰিয়াৰৰ সকলো উপাদানৰ সৈতে ভাইজানৰ নাম সাঙোৰ খুৱাব খুজিলে মই আঘাত পাও। এনে ধৰণৰ কথা-বতৰাই মোৰ দীৰ্ঘদিনীয়া অভিনয় কেৰিয়াৰৰ পৰিশ্ৰমক আহত কৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু