--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমিষা পেটেল পৰিছে বিপদত। আইনী মেৰপাকত সোমাল বলীউড অভিনেত্ৰী আমিষা পেটেল (Ameesha Patel)। কি দোষ কৰিলে ‘কহোনা প্যাৰ হ্যে’ খ্যাত অভিনেত্ৰীগৰাকীয়ে। আমিষা পেটেলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰায় ৩২ লাখ টকাৰ বিত্তীয় প্ৰতাৰণাৰ অভিযোগত আমিষাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। ইউটিএফ টেলিফিল্ম প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আনিছে এই গুৰুতৰ অভিযোগ।

অহা ৪ ডিচেম্বৰৰ ভিতৰত আমিষাক ভূপালৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। সংস্থাটোৱে অভিযোগ কৰা অনুসৰি ছবি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি নিজৰ প্ৰযোজনা সংস্থাৰ নামত ৩২লাখ ২৫হাজাৰ টকা লৈছিল আমিষাই। সেয়া পাছত চেকৰ জৰিয়তে ঘুৰাই দিয়ে যদিও সেই চেক বাউন্স হয়। তাৰ পাছতে সংস্থাটোৱে আমিষাৰ বিৰুদ্ধে বিত্তীয় প্ৰতাৰণাৰ গোচৰ ৰুজু কৰে।

উল্লেখ্য বলীউডত আমিষা পেটেলৰ কেৰিয়াৰ সুখদায়ক বুলি ক'ব নোৱাৰি। হৃতিক ৰোশনৰ বিপৰীতে চলচ্চিত্ৰত কেৰিয়াৰ আৰম্ভ কৰিছিল আমিষাই। সেই ছবিখন বলীউদত ব্লকব্লাষ্টাৰ হৈছিল। ইয়াৰ পাছত তেওঁ ছানী দেউলৰ বিপৰীতে ‘গড্ডাৰ-এক প্ৰেম কথা’ত নায়িকাৰ ভূমিকা ৰূপায়ন কৰিছিল। এই ছবিখনেও অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ পাছত তেওঁক কেইখন চিনেমাত দেখা গৈছিল যদিও সেই চিনেমাই আমিষাৰ কেৰিয়াৰ গ্ৰাফ উন্নত কৰিব নোৱাৰিলে। দুখনকৈ ছুপাৰ ডুপাৰ হিট ছবি উপহাৰ দিও বলীউডত তিষ্ঠি থাকিব নোৱাৰিলে তেওঁ। আমিষাৰ বিৰুদ্ধে এয়াই প্ৰথম বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উঠা নাই। ইয়াৰ আগতেও আমিষা পেটেলৰ বিৰুদ্ধে বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছিল। ৪ ডিচেম্বৰত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আদালতে কি ৰায় দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ জাতীয় জীৱনৰ সাহ হওক জুবিন, জাতিৰ অৱসাদ ভঙাৰ গান হওক জুবিন


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু