--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমিষা পেটেল পৰিছে বিপদত। আইনী মেৰপাকত সোমাল বলীউড অভিনেত্ৰী আমিষা পেটেল (Ameesha Patel)। কি দোষ কৰিলে ‘কহোনা প্যাৰ হ্যে’ খ্যাত অভিনেত্ৰীগৰাকীয়ে। আমিষা পেটেলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰায় ৩২ লাখ টকাৰ বিত্তীয় প্ৰতাৰণাৰ অভিযোগত আমিষাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। ইউটিএফ টেলিফিল্ম প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আনিছে এই গুৰুতৰ অভিযোগ।

অহা ৪ ডিচেম্বৰৰ ভিতৰত আমিষাক ভূপালৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। সংস্থাটোৱে অভিযোগ কৰা অনুসৰি ছবি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি নিজৰ প্ৰযোজনা সংস্থাৰ নামত ৩২লাখ ২৫হাজাৰ টকা লৈছিল আমিষাই। সেয়া পাছত চেকৰ জৰিয়তে ঘুৰাই দিয়ে যদিও সেই চেক বাউন্স হয়। তাৰ পাছতে সংস্থাটোৱে আমিষাৰ বিৰুদ্ধে বিত্তীয় প্ৰতাৰণাৰ গোচৰ ৰুজু কৰে।

উল্লেখ্য বলীউডত আমিষা পেটেলৰ কেৰিয়াৰ সুখদায়ক বুলি ক'ব নোৱাৰি। হৃতিক ৰোশনৰ বিপৰীতে চলচ্চিত্ৰত কেৰিয়াৰ আৰম্ভ কৰিছিল আমিষাই। সেই ছবিখন বলীউদত ব্লকব্লাষ্টাৰ হৈছিল। ইয়াৰ পাছত তেওঁ ছানী দেউলৰ বিপৰীতে ‘গড্ডাৰ-এক প্ৰেম কথা’ত নায়িকাৰ ভূমিকা ৰূপায়ন কৰিছিল। এই ছবিখনেও অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ পাছত তেওঁক কেইখন চিনেমাত দেখা গৈছিল যদিও সেই চিনেমাই আমিষাৰ কেৰিয়াৰ গ্ৰাফ উন্নত কৰিব নোৱাৰিলে। দুখনকৈ ছুপাৰ ডুপাৰ হিট ছবি উপহাৰ দিও বলীউডত তিষ্ঠি থাকিব নোৱাৰিলে তেওঁ। আমিষাৰ বিৰুদ্ধে এয়াই প্ৰথম বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উঠা নাই। ইয়াৰ আগতেও আমিষা পেটেলৰ বিৰুদ্ধে বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছিল। ৪ ডিচেম্বৰত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আদালতে কি ৰায় দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ জাতীয় জীৱনৰ সাহ হওক জুবিন, জাতিৰ অৱসাদ ভঙাৰ গান হওক জুবিন


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ