--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুই বলীউড তাৰকাৰ বিয়া ৰ চৰ্চাই এতিয়া তোলপাৰ লগাইছে এণ্টাৰটেইনমেণ্ট জগতত। এতিয়া চৰ্চা আৰু জল্পনা-কল্পনাৰ কেন্দ্ৰ হৈ পৰিছে ছবিজগতৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই তাৰকা যুগল। ক’ব খোজা হৈছে কেটৰিনা কাঈফ আৰু ভিকী কৌশলৰ কথা। দুয়োৰে বিয়াক লৈ নিতৌ নতুন চৰ্চা চলিছে। জয়পুৰৰ ৰিজ’ৰ্টত ৭,৮, ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব কেটৰিনা-ভিকীৰ বহুচৰ্চিত বিবাহ অনুষ্ঠান। কিন্তু কথা হ’ল লোকচক্ষুৰ পৰা এই বিবাহ অনুষ্ঠানক আঁতৰাই ৰাখিবলৈ কেট-ভিকীকে যিবোৰ চৰ্ত আৰোপ কৰিছে তথা যিবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে সেইবোৰে এতিয়া বহুতকে অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে।


ইতিমধ্যে বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ভ্যেনুৰ সকলো যা-যোগাৰৰ পৰা আউটফিট নিৰ্বাচন কৰালৈ, অতিথিক আদৰাৰ পৰা অতিথিৰ বাবে এক্সক্লুছিভ ‘টাইগাৰ ছাফাৰী’ৰ ব্যৱস্থা কৰালৈ সকলো কৰা হৈছে এই তাৰকা যুগলৰ বিয়াৰ বাবে। কিন্তু অভ্যাগতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিভিন্ন নিয়ম-নিৰ্দেশনাও। প্ৰতিদিনে নিত্য-নতুন নিয়ম নিৰ্ধাৰণৰে জাৰি কৰা হৈছে কেট-ভিকীৰ বিয়াৰ এছঅ’পি। যাক লৈ এতিয়া একাংশ অতিথি অস্বস্তিত পৰাৰ লগতে অপমানিত বোধ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এগৰাকী অতিথিয়ে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, এয়া বিয়াহে কোনো দেশ বা ৰাজ্যৰ গুপুত অভিযানতো নহয় যে দিনে দিনে নতুন নতুন নিয়ম নিৰ্ধাৰণ কৰি থকা হৈছে। এই বিয়াৰ ইভেণ্ট অৰ্গেনাইজাৰে দিনে দিনে নতুন নিয়ম নিৰ্ধাৰণ কৰি অভ্যাগতলৈ প্ৰেৰণ কৰি থকাটো অপমানজনক বুলি মন্তব্য কৰিছে অতিথিগৰাকীয়ে।

অতিথিসকলক যদি বিশ্বাস কৰিবই নোৱাৰে যাৰ বাবে ইটো কৰিব, সিটো নকৰিব বুলি কৈ থকা হৈছে তেন্তে তেওঁলোকক মতা হৈছে কিয়? ‘ইণ্ডিয়া টুডে’ত প্ৰকাশ পোৱা মতে নতুন এছঅ’পি প্ৰকাশ কৰা হৈছে বিয়াৰ অতিথিৰ বাবে। এই নীতি-নিয়ম বহুতেই ভাল চকুৰে চোৱা নাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ভিকী-কেটৰ বিয়াত অংশ লোৱা অভ্যাগত সৈতে non-disclosure agreement কৰা হ’ব। তেওঁলোকে কোনো আলোকচিত্ৰ সংগ্ৰহ কৰিবতো নোৱাৰিবই আনকি তেওঁলোক বিয়াত অংশ গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰিব নোৱাৰিব। তেওঁলোকে ভ্যেনুৰ কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰিব, বিয়াৰ ফটো বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোৱাৰিব তথা ফোন ব্যৱহাৰ কৰিব নোৱৰাৰ চৰ্ত আৰোপ কৰা হৈছে। পিছে কিহৰ বাবে এনে গুপুত আয়োজন ভিকী-কেটে কৰিছে তাক লৈও চৰ্চা চালিছে। এতিয়া এনে কঠোৰ এছঅ’পি মানি অভ্যাগতই কিমান সুখত বিয়া খাব পাৰে সেয়াও চাবলগীয়া হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ