--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুই বলীউড তাৰকাৰ বিয়া ৰ চৰ্চাই এতিয়া তোলপাৰ লগাইছে এণ্টাৰটেইনমেণ্ট জগতত। এতিয়া চৰ্চা আৰু জল্পনা-কল্পনাৰ কেন্দ্ৰ হৈ পৰিছে ছবিজগতৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই তাৰকা যুগল। ক’ব খোজা হৈছে কেটৰিনা কাঈফ আৰু ভিকী কৌশলৰ কথা। দুয়োৰে বিয়াক লৈ নিতৌ নতুন চৰ্চা চলিছে। জয়পুৰৰ ৰিজ’ৰ্টত ৭,৮, ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব কেটৰিনা-ভিকীৰ বহুচৰ্চিত বিবাহ অনুষ্ঠান। কিন্তু কথা হ’ল লোকচক্ষুৰ পৰা এই বিবাহ অনুষ্ঠানক আঁতৰাই ৰাখিবলৈ কেট-ভিকীকে যিবোৰ চৰ্ত আৰোপ কৰিছে তথা যিবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে সেইবোৰে এতিয়া বহুতকে অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে।


ইতিমধ্যে বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ভ্যেনুৰ সকলো যা-যোগাৰৰ পৰা আউটফিট নিৰ্বাচন কৰালৈ, অতিথিক আদৰাৰ পৰা অতিথিৰ বাবে এক্সক্লুছিভ ‘টাইগাৰ ছাফাৰী’ৰ ব্যৱস্থা কৰালৈ সকলো কৰা হৈছে এই তাৰকা যুগলৰ বিয়াৰ বাবে। কিন্তু অভ্যাগতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিভিন্ন নিয়ম-নিৰ্দেশনাও। প্ৰতিদিনে নিত্য-নতুন নিয়ম নিৰ্ধাৰণৰে জাৰি কৰা হৈছে কেট-ভিকীৰ বিয়াৰ এছঅ’পি। যাক লৈ এতিয়া একাংশ অতিথি অস্বস্তিত পৰাৰ লগতে অপমানিত বোধ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এগৰাকী অতিথিয়ে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, এয়া বিয়াহে কোনো দেশ বা ৰাজ্যৰ গুপুত অভিযানতো নহয় যে দিনে দিনে নতুন নতুন নিয়ম নিৰ্ধাৰণ কৰি থকা হৈছে। এই বিয়াৰ ইভেণ্ট অৰ্গেনাইজাৰে দিনে দিনে নতুন নিয়ম নিৰ্ধাৰণ কৰি অভ্যাগতলৈ প্ৰেৰণ কৰি থকাটো অপমানজনক বুলি মন্তব্য কৰিছে অতিথিগৰাকীয়ে।

অতিথিসকলক যদি বিশ্বাস কৰিবই নোৱাৰে যাৰ বাবে ইটো কৰিব, সিটো নকৰিব বুলি কৈ থকা হৈছে তেন্তে তেওঁলোকক মতা হৈছে কিয়? ‘ইণ্ডিয়া টুডে’ত প্ৰকাশ পোৱা মতে নতুন এছঅ’পি প্ৰকাশ কৰা হৈছে বিয়াৰ অতিথিৰ বাবে। এই নীতি-নিয়ম বহুতেই ভাল চকুৰে চোৱা নাই। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ভিকী-কেটৰ বিয়াত অংশ লোৱা অভ্যাগত সৈতে non-disclosure agreement কৰা হ’ব। তেওঁলোকে কোনো আলোকচিত্ৰ সংগ্ৰহ কৰিবতো নোৱাৰিবই আনকি তেওঁলোক বিয়াত অংশ গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰিব নোৱাৰিব। তেওঁলোকে ভ্যেনুৰ কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰিব, বিয়াৰ ফটো বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোৱাৰিব তথা ফোন ব্যৱহাৰ কৰিব নোৱৰাৰ চৰ্ত আৰোপ কৰা হৈছে। পিছে কিহৰ বাবে এনে গুপুত আয়োজন ভিকী-কেটে কৰিছে তাক লৈও চৰ্চা চালিছে। এতিয়া এনে কঠোৰ এছঅ’পি মানি অভ্যাগতই কিমান সুখত বিয়া খাব পাৰে সেয়াও চাবলগীয়া হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ