ডিজিটেল
ডেস্ক : আমূলৰ পাছত এইবাৰ দাম বাঢ়িব মাদাৰ ডেইৰীৰ। আমূলৰ দৰ বৃদ্ধিৰ মাত্ৰ এদিনৰ
পাছতেই মাদাৰ ডেইৰীয়েও ২ টকাকৈ বৃদ্ধি কৰিলে দাম। ইয়াৰ লগে লগে ক্ৰীম গাখীৰৰ মূল্য
প্ৰতি লিটাৰত ৬১ টকাৰ পৰিৱৰ্তে ৫৩ টকাৰ পৰা ৫৫ টকালৈ বৃদ্ধি পাইছে।
উল্লেখ্য
যে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ দিল্লী আৰু এন চি আৰ আৰু উত্তৰ ভাৰতৰ বহুতো ঠাইত
প্ৰতি লিটাৰ গাখীৰৰ দাম ২ টকাকৈ বৃদ্ধি কৰাৰ কৰা সদৰী কৰেছ মাদাৰ ডেইৰীয়ে। এই
সন্দৰ্ভত মাদাৰ ডেইৰীৰ কৰ্তৃপক্ষই একাধিক কাৰণ থকা বুলি উল্লেখ কৰে যদিও মূলতঃ
পৰিবহণৰ ব্যয় ইয়াৰ মুখ্য কাৰণে হিচাপে উল্লেখ কৰিছে।