--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মনীষ ছিছ’দিয়াক কাইলৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিব। এই বিস্ফোৰক দাবী কৰিছে আম আদমী পাৰ্টিয়ে।


উল্লেখযোগ্য যে দিল্লী আবকাৰি নীতিৰ সম্পৰ্কে দিল্লীৰ উপ মুখ্যমন্ত্ৰী ছিছ’দিয়াক সোমবাৰে দিনৰ ১১ বজাত চিবিআইয়ে চমন জাৰি কৰিছে। তাৰপাছতে আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভাৰদ্বাজে এখন সংবাদমেল অনুষ্ঠিত কৰি দাবী কৰে যে ইয়াৰ দ্বাৰা চিবিআইয়ে ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে।

বিজেপিক তুলা-ধূণা দি জ্যেষ্ঠ নেতাজনে কয় যে গুজৰাট বিধানসভালৈ লক্ষ্য ৰাখিয়ে চিবিআইয়ে এই ষড়যন্ত্ৰ কৰিছে।

কেৱল জ্যেষ্ঠ নেতা ভাৰদ্বাজেই নহয়, অৰবিন্দ কেজৰিৱালেও বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ ছিছ’দিয়াক টুইটাৰযোগে স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ স’তে তুলনা কৰিছে। কয় যে এয়া দ্বিতীয়খন স্বাধিনতা সংগ্ৰাম আৰু মনীষ ছিছ’দিয়া আজিৰ ভগৎ সিং।

আনহাতে, চিবিআইৰ চমনৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছিছ’দিয়াই কয় যে তেওঁ চিবিআইৰ স’তে সম্পূৰ্ণ সহযোগ কৰিব।

উল্লেখযোগ্য দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় দুৰ্নীতিৰ অভিযোগ আপ চৰকাৰে বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে। আপৰ নেতাসকলৰ বাসগৃহসমূহত শেহতীয়াকৈ চিবিআইয়ে ব্যাপক হাৰত তালাচী চলাই আছে। মনীষ ছিছ’দিয়াৰ ঘৰতো তালাচী চলোৱা হৈছিল কিন্তু কোনো আপত্তিজনক তথ্য লাভ কৰা নাছিল। সেয়ে আপে ইয়াক বিজেপিৰ ষড়যন্ত্ৰ বুলি সমালোচনা কৰি আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু