--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মনীষ ছিছ’দিয়াক কাইলৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিব। এই বিস্ফোৰক দাবী কৰিছে আম আদমী পাৰ্টিয়ে।


উল্লেখযোগ্য যে দিল্লী আবকাৰি নীতিৰ সম্পৰ্কে দিল্লীৰ উপ মুখ্যমন্ত্ৰী ছিছ’দিয়াক সোমবাৰে দিনৰ ১১ বজাত চিবিআইয়ে চমন জাৰি কৰিছে। তাৰপাছতে আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভাৰদ্বাজে এখন সংবাদমেল অনুষ্ঠিত কৰি দাবী কৰে যে ইয়াৰ দ্বাৰা চিবিআইয়ে ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে।

বিজেপিক তুলা-ধূণা দি জ্যেষ্ঠ নেতাজনে কয় যে গুজৰাট বিধানসভালৈ লক্ষ্য ৰাখিয়ে চিবিআইয়ে এই ষড়যন্ত্ৰ কৰিছে।

কেৱল জ্যেষ্ঠ নেতা ভাৰদ্বাজেই নহয়, অৰবিন্দ কেজৰিৱালেও বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ ছিছ’দিয়াক টুইটাৰযোগে স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ স’তে তুলনা কৰিছে। কয় যে এয়া দ্বিতীয়খন স্বাধিনতা সংগ্ৰাম আৰু মনীষ ছিছ’দিয়া আজিৰ ভগৎ সিং।

আনহাতে, চিবিআইৰ চমনৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছিছ’দিয়াই কয় যে তেওঁ চিবিআইৰ স’তে সম্পূৰ্ণ সহযোগ কৰিব।

উল্লেখযোগ্য দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় দুৰ্নীতিৰ অভিযোগ আপ চৰকাৰে বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে। আপৰ নেতাসকলৰ বাসগৃহসমূহত শেহতীয়াকৈ চিবিআইয়ে ব্যাপক হাৰত তালাচী চলাই আছে। মনীষ ছিছ’দিয়াৰ ঘৰতো তালাচী চলোৱা হৈছিল কিন্তু কোনো আপত্তিজনক তথ্য লাভ কৰা নাছিল। সেয়ে আপে ইয়াক বিজেপিৰ ষড়যন্ত্ৰ বুলি সমালোচনা কৰি আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক