--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চ শিক্ষা গ্ৰহণত হিন্দী ভাষাৰ ব্যৱহাৰ আনুষ্ঠানিক ভাবে আৰম্ভ হ’ল। দেশত প্ৰথমবাৰৰ বাবে  হিন্দী ভাষাত  লিখা চিকিৎসা বিজ্ঞানৰ  কিতাপ আজি মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।  গৃহমন্ত্ৰী অমিত শ্বাহে মধ্য প্ৰদেশৰ প্ৰথম বৰ্ষৰ চিকিৎসা  বিজ্ঞানৰ শিক্ষাৰ্থীৰ  বাবে লিখা কিতাপসমূহ মুকলি কৰে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্যৰ চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস কৈলাশ চাৰোও অনুষ্ঠানটোত উপস্থিত আছিল।

পাঠ্যপুঠি মুকলি কৰি  অমিত শ্বাহে কয়, "আজিৰ দিনটো দেশৰ শিক্ষাখণ্ডত অতি গুৰুত্বপূৰ্ণ দিন হ’ব। যেতিয়াই আগন্তুক দিনৰ ইতিহাস লিখা হয়, আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। বিজেপিৰ শিৱৰাজ সিং চৌহানে দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শিকোৱা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ইচ্ছাক স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এইটো এটা ঐতিহাসিক সিদ্ধান্ত। "

ইফালে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, "আজি অমিত শ্বাহে দৰিদ্ৰ লোকসকলৰ সন্তানৰ বাবে এক নতুন পুৱাৰ সূচনা কৰিছে। বহুতেই চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে। কিন্তু ইংৰাজীৰ ফান্দত পৰাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে বহুতে পঢ়া শুনা এৰিবলৈ বাধ্য হৈছিল"। তেওঁ পূৰ্বে  কৈছিল, "হিন্দীত চিকিৎসাবিজ্ঞান বা অভিযান্ত্ৰিক অধ্যয়ন কৰা সম্ভৱ নহয় বুলি থকা  ধাৰণাটোৰ আমূল সলনি হ'ব। হিন্দী মাধ্যমৰ জৰিয়তে শিক্ষা লাভ কৰাৰ পাছতো  জীৱনত আগবাঢ়িব পাৰি বুলি প্ৰমাণ কৰিবলৈ আমি এই নতুন পদক্ষেপ গ্ৰহণ কৰিছো। "

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যত হিন্দী ভাষাতো বাধ্যতামূলক ভাবে জাপি দিব বিচৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ অনা-হিন্দীভাষী ৰাজ্যসমূহৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত এই বিষয়টোকলৈ তীব্ৰ প্ৰতিবাদ হোৱাও দেখা গৈছে। অমিত শ্বাহে চৰকাৰী অনুষ্ঠান আৰু যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিষয়ত বিৰোধীয়ে বিজেপি চৰকাৰকো সমালোচনা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক