--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চ শিক্ষা গ্ৰহণত হিন্দী ভাষাৰ ব্যৱহাৰ আনুষ্ঠানিক ভাবে আৰম্ভ হ’ল। দেশত প্ৰথমবাৰৰ বাবে  হিন্দী ভাষাত  লিখা চিকিৎসা বিজ্ঞানৰ  কিতাপ আজি মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।  গৃহমন্ত্ৰী অমিত শ্বাহে মধ্য প্ৰদেশৰ প্ৰথম বৰ্ষৰ চিকিৎসা  বিজ্ঞানৰ শিক্ষাৰ্থীৰ  বাবে লিখা কিতাপসমূহ মুকলি কৰে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্যৰ চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস কৈলাশ চাৰোও অনুষ্ঠানটোত উপস্থিত আছিল।

পাঠ্যপুঠি মুকলি কৰি  অমিত শ্বাহে কয়, "আজিৰ দিনটো দেশৰ শিক্ষাখণ্ডত অতি গুৰুত্বপূৰ্ণ দিন হ’ব। যেতিয়াই আগন্তুক দিনৰ ইতিহাস লিখা হয়, আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। বিজেপিৰ শিৱৰাজ সিং চৌহানে দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শিকোৱা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ইচ্ছাক স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এইটো এটা ঐতিহাসিক সিদ্ধান্ত। "

ইফালে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, "আজি অমিত শ্বাহে দৰিদ্ৰ লোকসকলৰ সন্তানৰ বাবে এক নতুন পুৱাৰ সূচনা কৰিছে। বহুতেই চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে। কিন্তু ইংৰাজীৰ ফান্দত পৰাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে বহুতে পঢ়া শুনা এৰিবলৈ বাধ্য হৈছিল"। তেওঁ পূৰ্বে  কৈছিল, "হিন্দীত চিকিৎসাবিজ্ঞান বা অভিযান্ত্ৰিক অধ্যয়ন কৰা সম্ভৱ নহয় বুলি থকা  ধাৰণাটোৰ আমূল সলনি হ'ব। হিন্দী মাধ্যমৰ জৰিয়তে শিক্ষা লাভ কৰাৰ পাছতো  জীৱনত আগবাঢ়িব পাৰি বুলি প্ৰমাণ কৰিবলৈ আমি এই নতুন পদক্ষেপ গ্ৰহণ কৰিছো। "

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যত হিন্দী ভাষাতো বাধ্যতামূলক ভাবে জাপি দিব বিচৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ অনা-হিন্দীভাষী ৰাজ্যসমূহৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত এই বিষয়টোকলৈ তীব্ৰ প্ৰতিবাদ হোৱাও দেখা গৈছে। অমিত শ্বাহে চৰকাৰী অনুষ্ঠান আৰু যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিষয়ত বিৰোধীয়ে বিজেপি চৰকাৰকো সমালোচনা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু