--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত অভাৱনীয়ভাৱে স্থিতি দুৰ্বল হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেৰ। এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে কংগ্ৰেছে গ্ৰহণ কৰিছে ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক এক জনসম্পৰ্কমুখী অভিযান। দেশৰ জনসাধাৰণৰ মাজত পুনৰ দলীয় আস্থা ঘূৰাই অনা তথা সাংগঠনিক ভেটি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে গ্ৰহণ কৰা এই অভিযানৰ আৰম্ভণি ঘটাই আজি দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে আজি পুৱা কন্যাকুমাৰীৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে।

দীৰ্ঘকালীন এই পদযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে 'ভাৰত যাত্ৰী'ৰ শিবিৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গান্ধীৰ লগতে ১১৮ গৰাকী ‘ভাৰত যাত্ৰী’ তথা বিৰোধী দলৰ আন একাংশ নেতাইও তামিলনাডুৰ আগাষ্টিশ্বৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। এই পদযাত্ৰাই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ সূদীৰ্ঘ  ৩,৫৭০ কিলোমিটাৰ পথ সামৰি ল’ব। বুধবাৰে আনুষ্ঠানিকভাৱে ৰাহুল গান্ধীয়ে এই অভিলাসী ৰাজনৈতিক অভিযানৰ শুভাৰম্ভ কৰিছিল। 

ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে দেশক ধৰ্মীয় ভিত্তিত বিভাজন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি গান্ধীয়ে এনে ঘৃণাৰ বাতাৱৰণৰ মাজত দেশক হেৰুৱাব নোখোজে বুলি মন্তব্য কৰিছিল। 'ভাৰত জোড়ো যাত্ৰা'ৰ আৰম্ভণিৰ প্ৰতীকী ইংগিতস্বৰূপে ডিএমকেৰ সভাপতি তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কংগ্ৰেছ নেতাগৰাকীৰ হাতত ৰাষ্ট্ৰীয় পতাকা অৰ্পণ কৰি ঐক্যৰ এক স্পষ্ট ইঙ্গিত প্ৰদান কৰিছিল।

সূদীৰ্ঘ ৩,৫৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক বিগত শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ দুটা দলত বিভক্ত হৈ পদযাত্ৰা কৰিব। দুয়োটা দলে অহা ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব।

কংগ্ৰেছে প্ৰকাশ কৰা এক দলীয় বিবৃতিত উল্লেখ কৰিছে যে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিবলগীয়া এই পদযাত্ৰা কাশ্মীৰত সমাপ্ত হ’ব। কংগ্ৰেছৰ প্ৰতিখন ৰাজ্যিক কমিটিৰ সভাপতিয়ে ৰাহুল গান্ধীৰ সৈতে সহযোগিতা প্ৰদৰ্শন কৰি নিজ নিজ ৰাজ্যত ‘ভাৰত জোড়ো যাত্ৰা’ আয়োজন কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। কংগ্ৰেছে লগতে কয় যে এই যাত্ৰা হৈছে বৰ্তমানলৈকে কংগ্ৰেছে গ্ৰহণ কৰা সৰ্ববৃহৎ ‘জন সম্পৰ্ক কাৰ্যসূচী’, এই কাৰ্যসূচীৰ দ্বাৰা কংগ্ৰেছে মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি আৰু নিবনুৱাকে ধৰি বিভিন্ন বিষয়ত সাধাৰণ লোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিব বুলি কংগ্ৰেছে জানিবলৈ দিয়ে।

দলৰ অধ্যক্ষ ২০২৪ ছোনিয়া গান্ধীয়ে এই পদযাত্ৰাক এক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত সংকটগ্ৰস্ত অৱস্থালৈ গতি কৰা দলটোৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক "যুগান্তকাৰী অনুষ্ঠান" বুলি অভিহিত কৰিছে আৰু এই লক্ষ্য পূৰণত এই পদযাত্ৰাই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। দলটোৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশেও এই যাত্ৰাক “ভাৰতীয় ৰাজনীতিৰ বাবে এক পৰিৱৰ্তনশীল মুহূৰ্ত আৰু কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত” বুলি অভিহিত কৰিছে।

মুঠ ১১৮ গৰাকী ‘ভাৰত যাত্ৰীয়ে’ ৰাহুল গান্ধীৰ সৈতে এই সমগ্ৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিব। প্ৰায় ৫০,০০০ নাগৰিকেও এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে বুলি কংগ্ৰেছে জানিবলৈ দিছে। ১১ ছেপ্টেম্বৰত কেৰালাত উপস্থিত হোৱাৰ পিছত ‘ভাৰত যাত্ৰী’ সকল অহা ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত উপস্থিত হোৱাৰ লক্ষ্য  লৈছে। পদযাত্ৰী সকলে তিৰুৱন্তপুৰম, কোচি, নীলাম্বুৰ, মাইচুৰু, বেল্লাৰী, ৰাইচুৰ, বিকাৰাবাদ, নান্দেদ, জলগাওঁ, ইন্দোৰ, কোটা, দৌচা, আলৱাৰ, বুলন্দচহৰ, দিল্লী, আম্বালা, পাঠানকোট, জম্মুৰ মাজেৰে পাৰ হৈ শ্ৰীনগৰত কাৰ্যসূচীৰ সমাপ্তি ঘটাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু