--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত অভাৱনীয়ভাৱে স্থিতি দুৰ্বল হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেৰ। এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে কংগ্ৰেছে গ্ৰহণ কৰিছে ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক এক জনসম্পৰ্কমুখী অভিযান। দেশৰ জনসাধাৰণৰ মাজত পুনৰ দলীয় আস্থা ঘূৰাই অনা তথা সাংগঠনিক ভেটি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে গ্ৰহণ কৰা এই অভিযানৰ আৰম্ভণি ঘটাই আজি দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে আজি পুৱা কন্যাকুমাৰীৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে।

দীৰ্ঘকালীন এই পদযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে 'ভাৰত যাত্ৰী'ৰ শিবিৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গান্ধীৰ লগতে ১১৮ গৰাকী ‘ভাৰত যাত্ৰী’ তথা বিৰোধী দলৰ আন একাংশ নেতাইও তামিলনাডুৰ আগাষ্টিশ্বৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। এই পদযাত্ৰাই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ সূদীৰ্ঘ  ৩,৫৭০ কিলোমিটাৰ পথ সামৰি ল’ব। বুধবাৰে আনুষ্ঠানিকভাৱে ৰাহুল গান্ধীয়ে এই অভিলাসী ৰাজনৈতিক অভিযানৰ শুভাৰম্ভ কৰিছিল। 

ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে দেশক ধৰ্মীয় ভিত্তিত বিভাজন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি গান্ধীয়ে এনে ঘৃণাৰ বাতাৱৰণৰ মাজত দেশক হেৰুৱাব নোখোজে বুলি মন্তব্য কৰিছিল। 'ভাৰত জোড়ো যাত্ৰা'ৰ আৰম্ভণিৰ প্ৰতীকী ইংগিতস্বৰূপে ডিএমকেৰ সভাপতি তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কংগ্ৰেছ নেতাগৰাকীৰ হাতত ৰাষ্ট্ৰীয় পতাকা অৰ্পণ কৰি ঐক্যৰ এক স্পষ্ট ইঙ্গিত প্ৰদান কৰিছিল।

সূদীৰ্ঘ ৩,৫৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক বিগত শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ দুটা দলত বিভক্ত হৈ পদযাত্ৰা কৰিব। দুয়োটা দলে অহা ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব।

কংগ্ৰেছে প্ৰকাশ কৰা এক দলীয় বিবৃতিত উল্লেখ কৰিছে যে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিবলগীয়া এই পদযাত্ৰা কাশ্মীৰত সমাপ্ত হ’ব। কংগ্ৰেছৰ প্ৰতিখন ৰাজ্যিক কমিটিৰ সভাপতিয়ে ৰাহুল গান্ধীৰ সৈতে সহযোগিতা প্ৰদৰ্শন কৰি নিজ নিজ ৰাজ্যত ‘ভাৰত জোড়ো যাত্ৰা’ আয়োজন কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। কংগ্ৰেছে লগতে কয় যে এই যাত্ৰা হৈছে বৰ্তমানলৈকে কংগ্ৰেছে গ্ৰহণ কৰা সৰ্ববৃহৎ ‘জন সম্পৰ্ক কাৰ্যসূচী’, এই কাৰ্যসূচীৰ দ্বাৰা কংগ্ৰেছে মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি আৰু নিবনুৱাকে ধৰি বিভিন্ন বিষয়ত সাধাৰণ লোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিব বুলি কংগ্ৰেছে জানিবলৈ দিয়ে।

দলৰ অধ্যক্ষ ২০২৪ ছোনিয়া গান্ধীয়ে এই পদযাত্ৰাক এক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত সংকটগ্ৰস্ত অৱস্থালৈ গতি কৰা দলটোৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক "যুগান্তকাৰী অনুষ্ঠান" বুলি অভিহিত কৰিছে আৰু এই লক্ষ্য পূৰণত এই পদযাত্ৰাই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। দলটোৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশেও এই যাত্ৰাক “ভাৰতীয় ৰাজনীতিৰ বাবে এক পৰিৱৰ্তনশীল মুহূৰ্ত আৰু কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত” বুলি অভিহিত কৰিছে।

মুঠ ১১৮ গৰাকী ‘ভাৰত যাত্ৰীয়ে’ ৰাহুল গান্ধীৰ সৈতে এই সমগ্ৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিব। প্ৰায় ৫০,০০০ নাগৰিকেও এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে বুলি কংগ্ৰেছে জানিবলৈ দিছে। ১১ ছেপ্টেম্বৰত কেৰালাত উপস্থিত হোৱাৰ পিছত ‘ভাৰত যাত্ৰী’ সকল অহা ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত উপস্থিত হোৱাৰ লক্ষ্য  লৈছে। পদযাত্ৰী সকলে তিৰুৱন্তপুৰম, কোচি, নীলাম্বুৰ, মাইচুৰু, বেল্লাৰী, ৰাইচুৰ, বিকাৰাবাদ, নান্দেদ, জলগাওঁ, ইন্দোৰ, কোটা, দৌচা, আলৱাৰ, বুলন্দচহৰ, দিল্লী, আম্বালা, পাঠানকোট, জম্মুৰ মাজেৰে পাৰ হৈ শ্ৰীনগৰত কাৰ্যসূচীৰ সমাপ্তি ঘটাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু