--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই কিছুসময় পূৰ্বে  এক সফল ভাৰত ভ্ৰমণ কাৰ্যসূচী সম্পূৰ্ণ কৰে৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰতো বিশেষ প্ৰভাৱ পেলাব বুলি ইতিমধ্যে স্পষ্ট হৈ উঠিছে৷ এই ভ্ৰমণৰ  সাতখন গুৰুত্বপূৰ্ণ  চুক্তি স্বাক্ষৰিত হয়৷লগতে বহুকেইটা 
 প্ৰকল্প উদ্বোধন কৰা হয় ৷ 

ভাৰত-বাংলাদেশৰ দীৰ্ঘদিনীয়া  বন্ধুত্বক প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ভ্ৰমণে আৰু সবল কৰি তোলাৰ থল আছে৷  লগতে, এই ভ্ৰমণ কাৰ্যসূচীয়ে  বিভিন্ন ক্ষেত্ৰত, মুখ্যতঃ অৰ্থনীতি আৰু সংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বাট মুকলি কৰিছে। যিহেতু দ্বিপাক্ষিক বাণিজ্য এতিয়া ১৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যোৱা পাঁচ বছৰত দুগুণ হৈছে, আৰু অহা কেইবছৰমানৰ ভিতৰত বাংলাদেশ নিম্নতম উন্নত দেশৰ শ্ৰেণীৰ পৰা উন্নয়নশীল দেশৰ মৰ্যাদালৈ আগবাঢ়ি অহাৰ লগে লগে, দুয়োখন দেশে বিশেষ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ যথেষ্ট আগ্ৰহী হৈ পৰাও দেখা গৈছে৷ 

চলিত বৰ্ষৰ এপ্ৰিল মাহত বাংলাদেশে ভাৰতক  দুটা গুৰুত্বপূৰ্ণ জাহাজ বন্দৰ মংলা আৰু চিটাগং ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। চিটাগং বন্দৰ ত্ৰিপুৰাৰ সৈতে  দুখন চহৰ কুমিল্লা আৰু ফেনিৰ জৰিয়তে  সংযুক্ত হৈ আছে ৷ যাৰ দূৰত্ব ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা ক্ৰমান্বয়ে ২১২  কি.মি আৰু২৪১   কি.মি। আজি আগৰতলা উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ সৈতে স্থল পথ, ৰে’লপথ আৰু বায়ুপথৰ দ্বাৰা  সংযুক্ত হৈ আছে বাবেহে  নিয়মীয়া আনুষ্ঠানিক বাণিজ্যৰ সম্ভাৱনা বাস্তৱত পৰিণত হৈছে৷ 

ভাৰতে চিটাগং বন্দৰৰ জৰিয়তে মধ্য আৰু পূব ভাৰতৰ পৰা উত্তৰ-পূবলৈ সামগ্ৰীৰ মালবাহী চালান সফলতাৰে পৰীক্ষা কৰিছে।  শেহতীয়াকৈ, ৩ ছেপ্টেম্বৰত চিটাগং আৰু মংলা বন্দৰৰ ব্যৱহাৰৰ চুক্তিৰ অধীনত অসমৰ শিলচৰ হৈ কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা চিটাগং আৰু চিলেট হৈ ২৫ মেট্ৰিক টন টি এম টি বাৰ থকা এখন জাহাজৰ ফ্লেগ অফ কৰা হৈছিল।

 ভাৰত আৰু বাংলাদেশৰ মাজত দুটা নতুন  ৰে'ল পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে৷ যি দুয়ো দেশৰ মাজত যোগাযোগ অধিক বৃদ্ধি কৰিব।এই ৰে’ল পথৰ জৰিয়তে  কৰিমগঞ্জৰ মহিষাচান অসম আৰু বাংলাদেশৰ শ্বাহবাজপুৰৰ সৈতে সংযুক্ত হ'ব আৰু ত্ৰিপুৰাৰ আগৰতলা বাংলাদেশৰ আখাউৰাৰ সৈতে সংযুক্ত হ'ব। 

এই দুটা নতুন ৰে’ল পথ পৰৱৰ্তী তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ।একে সময়তে, ত্ৰিপুৰাৰ আখাউৰাৰ পিছত এন ই আৰৰ একমাত্ৰ দুটা কাৰ্যকৰী ইণ্টিগ্ৰেটেড চেক পোষ্টৰ (আইচিপি) ভিতৰত অসমৰ চুটাৰকান্দিৰ জৰিয়তে, চিলেটহৈ চিটাগং বন্দৰলৈ বৈকল্পিক প্ৰৱেশাধিকাৰ থাকিব। চুটাৰকান্দিৰ পৰা চিটাগং বন্দৰৰ মাজত পোনপটীয়া সংযোগ প্ৰায় ৪০০ কিলোমিটাৰ। মেঘালয় আৰু মিজোৰামত দুটা নতুন আইচিপি নিৰ্মাণাধীন হোৱাৰ সৈতে, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ মাজৰ সংযোগ আৰু উন্নত হ'ব।

কোৱাৰ প্ৰয়োজন নাই যে, উত্তৰ-পূব হৈছে ভাৰতৰ গুৰুত্বপূৰ্ণ সংযোগ আৰু ক্ষমতা বিকাশৰ মঞ্চ। উন্নত সংযোগে কেৱল অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধি নকৰে, লগতে দুয়োপক্ষৰ লোকসকলৰ মাজত উন্নত সম্পৰ্কও গঢ়ি তোলে ৷ লগতে  অবৈধ প্ৰব্ৰজনৰ দৰে অতীতৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰিব বুলিও আশা কৰা হৈছে৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু