--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ লাল সিং চাড্ডাই বক্স অফিচত যাদু দেখুৱাবলৈ সক্ষম হোৱা নাই। যোৱা ১৩ বছৰৰ ভিতৰত আমিৰ খানৰ আনবোৰ ছবিৰ তুলনাত লাল সিং চাড্ডাৰ প্ৰথম দিনৰ টকাৰ সংগ্ৰহ আটাইতকৈ কম। ১১ আগষ্টত ছবিগৃহত মুক্তি পালে আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি লাল সিং চাড্ডা। ৪ বছৰৰ মূৰত ৰূপালী পৰ্দালৈ ঘূৰি অহা আমিৰ খানৰ লাল সিং চাড্ডাই মুক্তিৰ সময়ত অক্ষয় কুমাৰৰ বচ্চন পাণ্ডেতকৈ কম সংগ্ৰহ কৰিছে। আমিৰ খানৰ ছবি লাল সিং চদ্ধাৰ অগ্ৰিম বুকিঙৰ সন্দৰ্ভত ইতিমধ্যে ট্ৰেড এনালাইষ্টে ভৱিষ্যদ্বাণী কৰিছিল যে ছবিখনে মুকলিৰ সময়ত বিশেষ একো কৰিব নোৱাৰিব। ৩৫০০ খন পৰ্দাত মুক্তি পোৱা লাল সিং চাড্ডাই প্ৰথম দিনা ১১.৫০ কোটি টকা সংগ্ৰহ কৰিছে।  যোৱা ১৩ বছৰৰ ভিতৰত আমিৰ খানৰ সৰ্বনিম্ন অ’পেনাৰ হিচাপে আত্মপ্ৰকাশ কৰিলে লাল সিং চাড্ডাই।

থাগছ অৱ হিন্দুস্তানৰ বিপৰ্যয়ৰ পিছত কালি বক্স অফিচত মুক্তি পোৱা লাল সিং চাড্ডাৰ সৈতে চাৰি বছৰৰ পাছত ৰূপালী পৰ্দালৈ ঘূৰি আহিল আমিৰ খান। ফৰেষ্ট গাম্পৰ এই অফিচিয়েল ৰিমেকৰ পৰা আশা আকাশলংঘী আছিল যদিও প্ৰথম দিনা ১১.৫০ কোটি টকা সংগ্ৰহ কৰাৰ বাবে ছবিখনে আশাব্যঞ্জক আৰম্ভণি লাভ কৰা নাই। ছবিখনৰ বিষয়ে অনুমান কৰা হৈছিল যে আটাইতকৈ বেয়া পৰিস্থিতিতো ছবিখনে মুক্তি পোৱাৰ সময়ত ১৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

আমিৰ খানৰ ছবিৰ প্ৰথম দিনৰ সংগ্ৰহসমূহ এনেধৰণৰ-

লাল সিং চাড্ডা - ১১.৫০ কোটি টকা
থাগছ অৱ হিন্দুস্তান - ৫২.২৫ কোটি টকা
দংগল - ২৯.১৯ কোটি টকা
পি কে - ২৬.৬৩ কোটি টকা
ধূম থ্ৰী - ৩৩.৩২ কোটি টকা

দেখা গল যে আমিৰৰ আন ছবি সমূহৰ তুলনাত লাল সিং চাড্ডাৰ প্ৰথম দিনৰ সংগ্ৰহ বহু কম। যিহেতু ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰিছে, গতিকে অনাগত দিনত বক্স অফিচত লাল সিং চাড্ডাই কেনে প্ৰভাৱ পেলাব সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ'ব। ছিক্ৰেট ছুপাৰষ্টাৰ খ্যাত অদ্বৈত চন্দনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আমিৰ খানৰ উপৰিও কৰীণা কাপুৰ খান, নগা চৈতন্য আক্কিনেনী, মানৱ বিজ আৰু ম'না সিঙেও বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ বেংকৰোল কৰিছে আমিৰ খান প্ৰডাকচন আৰু ভায়াকম ১৮-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ