--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ লাল সিং চাড্ডাই বক্স অফিচত যাদু দেখুৱাবলৈ সক্ষম হোৱা নাই। যোৱা ১৩ বছৰৰ ভিতৰত আমিৰ খানৰ আনবোৰ ছবিৰ তুলনাত লাল সিং চাড্ডাৰ প্ৰথম দিনৰ টকাৰ সংগ্ৰহ আটাইতকৈ কম। ১১ আগষ্টত ছবিগৃহত মুক্তি পালে আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি লাল সিং চাড্ডা। ৪ বছৰৰ মূৰত ৰূপালী পৰ্দালৈ ঘূৰি অহা আমিৰ খানৰ লাল সিং চাড্ডাই মুক্তিৰ সময়ত অক্ষয় কুমাৰৰ বচ্চন পাণ্ডেতকৈ কম সংগ্ৰহ কৰিছে। আমিৰ খানৰ ছবি লাল সিং চদ্ধাৰ অগ্ৰিম বুকিঙৰ সন্দৰ্ভত ইতিমধ্যে ট্ৰেড এনালাইষ্টে ভৱিষ্যদ্বাণী কৰিছিল যে ছবিখনে মুকলিৰ সময়ত বিশেষ একো কৰিব নোৱাৰিব। ৩৫০০ খন পৰ্দাত মুক্তি পোৱা লাল সিং চাড্ডাই প্ৰথম দিনা ১১.৫০ কোটি টকা সংগ্ৰহ কৰিছে।  যোৱা ১৩ বছৰৰ ভিতৰত আমিৰ খানৰ সৰ্বনিম্ন অ’পেনাৰ হিচাপে আত্মপ্ৰকাশ কৰিলে লাল সিং চাড্ডাই।

থাগছ অৱ হিন্দুস্তানৰ বিপৰ্যয়ৰ পিছত কালি বক্স অফিচত মুক্তি পোৱা লাল সিং চাড্ডাৰ সৈতে চাৰি বছৰৰ পাছত ৰূপালী পৰ্দালৈ ঘূৰি আহিল আমিৰ খান। ফৰেষ্ট গাম্পৰ এই অফিচিয়েল ৰিমেকৰ পৰা আশা আকাশলংঘী আছিল যদিও প্ৰথম দিনা ১১.৫০ কোটি টকা সংগ্ৰহ কৰাৰ বাবে ছবিখনে আশাব্যঞ্জক আৰম্ভণি লাভ কৰা নাই। ছবিখনৰ বিষয়ে অনুমান কৰা হৈছিল যে আটাইতকৈ বেয়া পৰিস্থিতিতো ছবিখনে মুক্তি পোৱাৰ সময়ত ১৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

আমিৰ খানৰ ছবিৰ প্ৰথম দিনৰ সংগ্ৰহসমূহ এনেধৰণৰ-

লাল সিং চাড্ডা - ১১.৫০ কোটি টকা
থাগছ অৱ হিন্দুস্তান - ৫২.২৫ কোটি টকা
দংগল - ২৯.১৯ কোটি টকা
পি কে - ২৬.৬৩ কোটি টকা
ধূম থ্ৰী - ৩৩.৩২ কোটি টকা

দেখা গল যে আমিৰৰ আন ছবি সমূহৰ তুলনাত লাল সিং চাড্ডাৰ প্ৰথম দিনৰ সংগ্ৰহ বহু কম। যিহেতু ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰিছে, গতিকে অনাগত দিনত বক্স অফিচত লাল সিং চাড্ডাই কেনে প্ৰভাৱ পেলাব সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ'ব। ছিক্ৰেট ছুপাৰষ্টাৰ খ্যাত অদ্বৈত চন্দনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আমিৰ খানৰ উপৰিও কৰীণা কাপুৰ খান, নগা চৈতন্য আক্কিনেনী, মানৱ বিজ আৰু ম'না সিঙেও বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ বেংকৰোল কৰিছে আমিৰ খান প্ৰডাকচন আৰু ভায়াকম ১৮-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু