--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আয়েশা টাকিয়া । বহু ছুপাৰ হিট ছবিত অভিনয় কৰিছিল। এই সুন্দৰী অভিনেত্ৰীগৰাকীয়ে বলীউডৰ বহু বিখ্যাত নায়কৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছে। কিন্তু ২০১১ চনৰ পৰা তেওঁক এতিয়া পৰ্দাত দেখা নাযায়। ৰূপালী পৰ্দাৰ পৰা আঁতৰত এতিয়া কেনেকুৱা হৈছে অভিনেত্ৰী গৰাকী? আয়েশাৰ বৰ্তমান জীৱনৰ বিষয়ে অলপ জানো আহক।

হিন্দী চিনেমা জগতৰ এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয় আৰু মধুৰ হাঁহিৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। ১৩ বছৰ বয়সতে আয়েশাই মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পাছত ফালগুনী পাঠকৰ ‘মেৰি চুন্দ উৰ উৰ যায়’ গীতেৰে জনপ্ৰিয়তা লাভ কৰে আয়েশাই।

বলীউডৰ বহু ছুপাৰ হিট চিনেমাতো দেখা গৈছিল আয়েশাক। তেওঁৰ ছবিসমূহৰ ভিতৰত আছে টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ’, ‘ছ’চা না থা’, ‘ড’ৰ’, ‘ছালাম-ই ইছক’, ‘ৱাণ্টেড’। বিশেষকৈ ছলমানৰ সৈতে ‘ৱাণ্টেড’ত অভিনয় কৰি এইগৰাকী অভিনেত্ৰীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।

কিন্তু সেই আয়েশাক ২০১১ চনৰ পিছত কোনো চিনেমাত দেখা নাযায়। কিন্তু ৰূপালী পৰ্দাৰ পৰা আঁতৰত আছে যদিও ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় অভিনেত্ৰীগৰাকী। ইনষ্টাগ্ৰামতো তেওঁৰ ১২ লাখ ফ’ল’ৱাৰ আছে। বলিপাৰাৰ এই বিখ্যাত অভিনেত্ৰীগৰাকীয়ে কেতিয়াবা তাত বিভিন্ন ছবি শ্বেয়াৰ কৰে।

শেহতীয়াকৈ আয়েছাৰ কেইবাখনো ছবিয়ে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। আচলতে তাত দেখা গৈছিল, অভিনেত্ৰীগৰাকীৰ সমগ্ৰ ৰূপ সম্পূৰ্ণৰূপে সলনি হৈছে। তেওঁৰ মুখৰ মিঠা হাঁহিটোও বেলেগ হৈ পৰিছে। এক কথাত ক’বলৈ গলে বৰ্তমান সম্পূৰ্ণ পৃথক আয়েশা ।

আয়েশাৰ ব্যক্তিগত দিশৰ কথা ক’বলৈ গ’লে বি-টাউনৰ এই বিখ্যাত অভিনেত্ৰীগৰাকীয়ে ২০০৯ চনত ফাৰহান আজমীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। সমাজবাদী পাৰ্টীৰ নেতা আবু আজমীৰ পুত্ৰ ফাৰহান। আয়েশা বৰ্তমান এজন পুত্ৰ সন্তানৰ মাতৃ তেওঁৰ নাম মাইকেল আজমী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ