--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আয়েশা টাকিয়া । বহু ছুপাৰ হিট ছবিত অভিনয় কৰিছিল। এই সুন্দৰী অভিনেত্ৰীগৰাকীয়ে বলীউডৰ বহু বিখ্যাত নায়কৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছে। কিন্তু ২০১১ চনৰ পৰা তেওঁক এতিয়া পৰ্দাত দেখা নাযায়। ৰূপালী পৰ্দাৰ পৰা আঁতৰত এতিয়া কেনেকুৱা হৈছে অভিনেত্ৰী গৰাকী? আয়েশাৰ বৰ্তমান জীৱনৰ বিষয়ে অলপ জানো আহক।

হিন্দী চিনেমা জগতৰ এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয় আৰু মধুৰ হাঁহিৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। ১৩ বছৰ বয়সতে আয়েশাই মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পাছত ফালগুনী পাঠকৰ ‘মেৰি চুন্দ উৰ উৰ যায়’ গীতেৰে জনপ্ৰিয়তা লাভ কৰে আয়েশাই।

বলীউডৰ বহু ছুপাৰ হিট চিনেমাতো দেখা গৈছিল আয়েশাক। তেওঁৰ ছবিসমূহৰ ভিতৰত আছে টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ’, ‘ছ’চা না থা’, ‘ড’ৰ’, ‘ছালাম-ই ইছক’, ‘ৱাণ্টেড’। বিশেষকৈ ছলমানৰ সৈতে ‘ৱাণ্টেড’ত অভিনয় কৰি এইগৰাকী অভিনেত্ৰীয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।

কিন্তু সেই আয়েশাক ২০১১ চনৰ পিছত কোনো চিনেমাত দেখা নাযায়। কিন্তু ৰূপালী পৰ্দাৰ পৰা আঁতৰত আছে যদিও ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় অভিনেত্ৰীগৰাকী। ইনষ্টাগ্ৰামতো তেওঁৰ ১২ লাখ ফ’ল’ৱাৰ আছে। বলিপাৰাৰ এই বিখ্যাত অভিনেত্ৰীগৰাকীয়ে কেতিয়াবা তাত বিভিন্ন ছবি শ্বেয়াৰ কৰে।

শেহতীয়াকৈ আয়েছাৰ কেইবাখনো ছবিয়ে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। আচলতে তাত দেখা গৈছিল, অভিনেত্ৰীগৰাকীৰ সমগ্ৰ ৰূপ সম্পূৰ্ণৰূপে সলনি হৈছে। তেওঁৰ মুখৰ মিঠা হাঁহিটোও বেলেগ হৈ পৰিছে। এক কথাত ক’বলৈ গলে বৰ্তমান সম্পূৰ্ণ পৃথক আয়েশা ।

আয়েশাৰ ব্যক্তিগত দিশৰ কথা ক’বলৈ গ’লে বি-টাউনৰ এই বিখ্যাত অভিনেত্ৰীগৰাকীয়ে ২০০৯ চনত ফাৰহান আজমীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। সমাজবাদী পাৰ্টীৰ নেতা আবু আজমীৰ পুত্ৰ ফাৰহান। আয়েশা বৰ্তমান এজন পুত্ৰ সন্তানৰ মাতৃ তেওঁৰ নাম মাইকেল আজমী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?