--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানা চৰকাৰে ধৰ্মীয় শোভাযাত্ৰাক লৈ হোৱা অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ মঙলবাৰে বন্ধ ৰখা হৈছে। কৰ্তৃপক্ষক এই আদেশ পালন কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে।

সোমবাৰে নিশাৰোে পৰা হাৰিয়ানাৰ কিছু অংশত ইণ্টাৰনেট সেৱাও বন্ধ  ৰখা হৈছে। উৰাবাতৰি প্ৰতিৰোধ কৰিবলৈয়ে প্ৰশাসনে এনে  সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰক্ষী আৰু সশস্ত্ৰ বাহিনীয়ে নিশাৰে পৰা অশান্ত  অঞ্চলত টহল দি আছে। যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আছে, গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ দৰে অঞ্চলবোৰত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে।

গুৰুগ্ৰাম আৰু নুহ (মেৱাট) জিলাত সোমবাৰে নিশাৰ পৰা ধাৰা ১৪৪ ধাৰা বলবৎ হৈ আছে।উল্লেখ্য  নুহত এক ধৰ্মীয় শোভাযাত্ৰাত সংঘৰ্ষত দুজন গৃহৰক্ষীসহ তিনিজন লোক নিহত হয়। গৃহৰক্ষীসকলক গুলীয়াই হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে কয়  যে সোমবাৰৰ সংঘৰ্ষত কমেও ৬০ জন লোক আহত হৈছে। তেওঁলোকৰ কেইজনমানৰ  অৱস্থা সংকটজনক। আহতসকলৰ ভিতৰত বহু আৰক্ষীৰ লোকো  আছে।
 গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ প্ৰশাসনে পৃথক বিবৃতি জাৰি কৰি আৰু জিলাখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। সংঘৰ্ষস্থলীত বৃহৎ অৰ্ধসামৰিক বাহিনী আৰু হাৰিয়ানা আৰক্ষীৰ এছটিএফ মোতায়েন কৰা হৈছে। ডিজিপিয়ে নিজেই গোটেই ঘটনাটো তদাৰক কৰি আছে।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু গৃহমন্ত্ৰী অনিল ভিজে ৰাজ্যখনৰ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেওঁলোকে এইবুলিও কৈছে  যে অপৰাধীসকলক চিনাক্ত কৰা হ'ব আৰু কঠোৰ শাস্তি বিহা  হ'ব।

নুহ জিলাৰ খেদলা মোড অঞ্চলত 'ব্ৰজ মণ্ডল জলাভিষেক যাত্ৰা'ৰ সময়তে একাংশ দুৰ্বৃত্তই সমদলকাৰীৰ ওপৰত  ইটা আৰু শিল নিক্ষেপ কৰিছিল।  ইয়াৰ পিছতে অস্থিৰতা বিয়পি পৰে । দুৰ্বৃত্তই দোকান-পোহাৰ আদিত  লুণ্ঠন আৰু অগ্নিসংযোগ কৰাৰো অভিযোগ উঠিছে। জীৱন হাজাৰ হাজাৰ লোকে  নিজৰ প্ৰাণ  বচাবলৈ ওচৰৰ গুৰুগ্ৰামৰ কিছুমান উপাসনাস্থলীত আশ্ৰয় লৈছিল। আক্ৰমণকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে লাঠি আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাছিল।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হাৰিয়ানাত বজৰং দলৰ নেতা আৰু গোৰক্ষক মনু মানেছাৰৰ শোভাযাত্ৰাত অংশগ্ৰহণক লৈ হিংসাত্মক ঘটনা সংঘটিত হৈছে। তেওঁ আগদিনা টুইট কৰিছিল যে তেওঁ পদযাত্ৰাত অংশগ্ৰহণ কৰিব। উল্লেখ্য তেওঁৰ বিৰুদ্ধে একাধিক হত্যাৰ অভিযোগ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ