--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানা চৰকাৰে ধৰ্মীয় শোভাযাত্ৰাক লৈ হোৱা অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ মঙলবাৰে বন্ধ ৰখা হৈছে। কৰ্তৃপক্ষক এই আদেশ পালন কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে।

সোমবাৰে নিশাৰোে পৰা হাৰিয়ানাৰ কিছু অংশত ইণ্টাৰনেট সেৱাও বন্ধ  ৰখা হৈছে। উৰাবাতৰি প্ৰতিৰোধ কৰিবলৈয়ে প্ৰশাসনে এনে  সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰক্ষী আৰু সশস্ত্ৰ বাহিনীয়ে নিশাৰে পৰা অশান্ত  অঞ্চলত টহল দি আছে। যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আছে, গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ দৰে অঞ্চলবোৰত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে।

গুৰুগ্ৰাম আৰু নুহ (মেৱাট) জিলাত সোমবাৰে নিশাৰ পৰা ধাৰা ১৪৪ ধাৰা বলবৎ হৈ আছে।উল্লেখ্য  নুহত এক ধৰ্মীয় শোভাযাত্ৰাত সংঘৰ্ষত দুজন গৃহৰক্ষীসহ তিনিজন লোক নিহত হয়। গৃহৰক্ষীসকলক গুলীয়াই হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে কয়  যে সোমবাৰৰ সংঘৰ্ষত কমেও ৬০ জন লোক আহত হৈছে। তেওঁলোকৰ কেইজনমানৰ  অৱস্থা সংকটজনক। আহতসকলৰ ভিতৰত বহু আৰক্ষীৰ লোকো  আছে।
 গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ প্ৰশাসনে পৃথক বিবৃতি জাৰি কৰি আৰু জিলাখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। সংঘৰ্ষস্থলীত বৃহৎ অৰ্ধসামৰিক বাহিনী আৰু হাৰিয়ানা আৰক্ষীৰ এছটিএফ মোতায়েন কৰা হৈছে। ডিজিপিয়ে নিজেই গোটেই ঘটনাটো তদাৰক কৰি আছে।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু গৃহমন্ত্ৰী অনিল ভিজে ৰাজ্যখনৰ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেওঁলোকে এইবুলিও কৈছে  যে অপৰাধীসকলক চিনাক্ত কৰা হ'ব আৰু কঠোৰ শাস্তি বিহা  হ'ব।

নুহ জিলাৰ খেদলা মোড অঞ্চলত 'ব্ৰজ মণ্ডল জলাভিষেক যাত্ৰা'ৰ সময়তে একাংশ দুৰ্বৃত্তই সমদলকাৰীৰ ওপৰত  ইটা আৰু শিল নিক্ষেপ কৰিছিল।  ইয়াৰ পিছতে অস্থিৰতা বিয়পি পৰে । দুৰ্বৃত্তই দোকান-পোহাৰ আদিত  লুণ্ঠন আৰু অগ্নিসংযোগ কৰাৰো অভিযোগ উঠিছে। জীৱন হাজাৰ হাজাৰ লোকে  নিজৰ প্ৰাণ  বচাবলৈ ওচৰৰ গুৰুগ্ৰামৰ কিছুমান উপাসনাস্থলীত আশ্ৰয় লৈছিল। আক্ৰমণকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে লাঠি আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাছিল।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হাৰিয়ানাত বজৰং দলৰ নেতা আৰু গোৰক্ষক মনু মানেছাৰৰ শোভাযাত্ৰাত অংশগ্ৰহণক লৈ হিংসাত্মক ঘটনা সংঘটিত হৈছে। তেওঁ আগদিনা টুইট কৰিছিল যে তেওঁ পদযাত্ৰাত অংশগ্ৰহণ কৰিব। উল্লেখ্য তেওঁৰ বিৰুদ্ধে একাধিক হত্যাৰ অভিযোগ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী