--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তালিবান শাসিত আফগানিস্তানত অব্যাহত আছে সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। দেশখনৰ মূল সন্ত্ৰাসবাদী গোট তালিবানে যোৱা ২০২০ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আন ইছলামিক উগ্ৰপন্থী গোটসমূহে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিশেষকৈ তালিবানৰ সৈতে বিৰুদ্ধাত্মক স্থিতিত থকা এই গোটসমূহে ধাৰাবাহিকভাৱে দেশখনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে। 

এই কট্টৰ ইছলামিক সন্ত্ৰাসবাদী গোটসমূহৰ এনে কাৰ্যকলাপৰ মাজতে দেশখনত আজি পুনৰ এক ভয়াৱহ বিস্ফোৰণে জোকাৰি যায়। আজি দেশখনৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ কাষতে থকা এটা মছজিদত সংঘটিত বোমা বিস্ফোৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

তালিবানৰ মুখপাত্ৰ আব্দুল নাফাই টাকোৰে এই বিস্ফোৰণৰ বিষয়ে সদৰী কৰিছে আৰু বিস্ফোৰণ সন্দৰ্ভত তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰিছে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই ভয়াৱহ বিস্ফোৰণত দুগৰাকী লোক নিহত হোৱাৰ বিপৰীতে ২০ জনৰো অধিক লোক আহত হয়।

উল্লেখ্য যে চলিত সপ্তাহত এয়া কাবুলত দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। সোমবাৰে কাবুলৰ এটা শিক্ষা কেন্দ্ৰত সংঘটিত বোমা বিস্ফোৰণত ৫০ জনৰো অধিক লোক নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক