--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তালিবান শাসিত আফগানিস্তানত অব্যাহত আছে সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। দেশখনৰ মূল সন্ত্ৰাসবাদী গোট তালিবানে যোৱা ২০২০ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আন ইছলামিক উগ্ৰপন্থী গোটসমূহে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিশেষকৈ তালিবানৰ সৈতে বিৰুদ্ধাত্মক স্থিতিত থকা এই গোটসমূহে ধাৰাবাহিকভাৱে দেশখনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে। 

এই কট্টৰ ইছলামিক সন্ত্ৰাসবাদী গোটসমূহৰ এনে কাৰ্যকলাপৰ মাজতে দেশখনত আজি পুনৰ এক ভয়াৱহ বিস্ফোৰণে জোকাৰি যায়। আজি দেশখনৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ কাষতে থকা এটা মছজিদত সংঘটিত বোমা বিস্ফোৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

তালিবানৰ মুখপাত্ৰ আব্দুল নাফাই টাকোৰে এই বিস্ফোৰণৰ বিষয়ে সদৰী কৰিছে আৰু বিস্ফোৰণ সন্দৰ্ভত তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰিছে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই ভয়াৱহ বিস্ফোৰণত দুগৰাকী লোক নিহত হোৱাৰ বিপৰীতে ২০ জনৰো অধিক লোক আহত হয়।

উল্লেখ্য যে চলিত সপ্তাহত এয়া কাবুলত দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। সোমবাৰে কাবুলৰ এটা শিক্ষা কেন্দ্ৰত সংঘটিত বোমা বিস্ফোৰণত ৫০ জনৰো অধিক লোক নিহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান