--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানে  ইউক্ৰেইনৰ সেনাক গোপনে অস্ত্ৰ সৰবৰাহ কৰি থকাৰ খবৰে এতিয়া বিশ্বজুৰি তোলপাৰ লগাইছে। জানিব পৰা মতে পাকিস্তানে ইউক্ৰেইনক যোগান ধৰা  সেই গোলাবাৰুদ ৰাছিয়ান সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে। 

শেহতীয়া এক প্ৰতিবেদনে এনে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। প্ৰতিবেদন খনে  ইছলামাবাদৰ নিৰপেক্ষ স্থিতি কেৱল যে এক প্ৰহসন তাকেই প্ৰমাণ কৰিছে। শেহতীয়াকৈ, 'জিঅ'-পলিটিক' নামৰ এটা সংগঠনে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়ে এখন প্ৰতিবেদন প্ৰকাশ  কৰিছে। প্ৰতিবেদন অনুসৰি পাকিস্তানে ৰাছিয়াৰ মনোযোগ এৰাই চলিবলৈ আন দেশৰ অস্ত্ৰ নিৰ্মাতা বা যোগানকৰ্তাৰ জৰিয়তে ইউক্ৰেইনক অস্ত্ৰ বিক্ৰী কৰি আছে। 

বিশেষকৈ যুদ্ধক্ষেত্ৰত ৰাছিয়ান বাহিনীৰ বিৰুদ্ধে ১২২ মিমি হাউটজাৰ অস্ত্ৰ পাকিস্তানত ইউক্ৰেইনৰ সেনাই নিৰ্মাণ কৰিছে। এই হাউটজাৰ কামান পুটিনৰ বাহিনীৰ গুৰুত্বপূৰ্ণ ঘাটিসমূহত আক্ৰণণ  কৰিবলৈ জেলেনস্কিৰ সেনাৰ আটাইতকৈ বিশ্বাসযোগ্য অস্ত্ৰ হিচাবে পৰিগণিত হৈছে। ইয়াৰ উপৰি ইউক্ৰেইনৰ অস্ত্ৰ নিৰ্মাতা সংস্থা  উকাৰাব্ৰানপ্ৰমৰ সৈতে পাকিস্তানে  ৮৬.৫ নিযুত ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে। এই চুক্তি অনুসৰি ইউক্ৰেইনত নিৰ্মাণ কৰা পাকিস্তানী সেনাৰ টি-80ইউডি টেংকসমূহৰ আধুনিকীকৰণ কৰা হ'ব।

 জিঅ'-পলিটিকৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে পাকিস্তানৰ অস্ত্ৰ সৰবৰাহকাৰী এম/এছ ডিএমআই এছ'চিয়েটছৰ বুলগেৰিয়াৰ 'মেচাৰ্ছ ডিফেন্স ইণ্ডাষ্ট্ৰী গ্ৰুপ'ৰ সৈতে সম্পৰ্ক আছে। ইছলামাবাদে বুলগেৰিয়ান কোম্পানীৰ জৰিয়তে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিছে। এনেদৰে শ্বাহবাজ শ্বৰীফ চৰকাৰে কেইবাটাও বিদেশী কোম্পানী আৰু ব্যৱসায়ীৰ জৰিয়তে কিয়েভক অস্ত্ৰ  প্ৰদান কৰি আছে।

  পাকিস্তান সদায় ইউক্ৰেইনৰ অস্ত্ৰৰ এজন ডাঙৰ ক্ৰেতা হৈ আহিছে। কেইদিনমান আগতে পাকিস্তানৰ সেনা প্ৰধান কামাৰ জাভেদ বাজৱা কিয়েভলৈ গৈছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ছমাহৰো অধিক সময় ধৰি চলি থকা  ভয়ংকৰ যুদ্ধত পাকিস্তানে যে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই সেয়া শেহতীয়া প্ৰতিবেদন খনেই প্ৰমাণ কৰিছে। এনে ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈয়েই হয়তো  ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি হুংকাৰ দি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক