--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানে  ইউক্ৰেইনৰ সেনাক গোপনে অস্ত্ৰ সৰবৰাহ কৰি থকাৰ খবৰে এতিয়া বিশ্বজুৰি তোলপাৰ লগাইছে। জানিব পৰা মতে পাকিস্তানে ইউক্ৰেইনক যোগান ধৰা  সেই গোলাবাৰুদ ৰাছিয়ান সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে। 

শেহতীয়া এক প্ৰতিবেদনে এনে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। প্ৰতিবেদন খনে  ইছলামাবাদৰ নিৰপেক্ষ স্থিতি কেৱল যে এক প্ৰহসন তাকেই প্ৰমাণ কৰিছে। শেহতীয়াকৈ, 'জিঅ'-পলিটিক' নামৰ এটা সংগঠনে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়ে এখন প্ৰতিবেদন প্ৰকাশ  কৰিছে। প্ৰতিবেদন অনুসৰি পাকিস্তানে ৰাছিয়াৰ মনোযোগ এৰাই চলিবলৈ আন দেশৰ অস্ত্ৰ নিৰ্মাতা বা যোগানকৰ্তাৰ জৰিয়তে ইউক্ৰেইনক অস্ত্ৰ বিক্ৰী কৰি আছে। 

বিশেষকৈ যুদ্ধক্ষেত্ৰত ৰাছিয়ান বাহিনীৰ বিৰুদ্ধে ১২২ মিমি হাউটজাৰ অস্ত্ৰ পাকিস্তানত ইউক্ৰেইনৰ সেনাই নিৰ্মাণ কৰিছে। এই হাউটজাৰ কামান পুটিনৰ বাহিনীৰ গুৰুত্বপূৰ্ণ ঘাটিসমূহত আক্ৰণণ  কৰিবলৈ জেলেনস্কিৰ সেনাৰ আটাইতকৈ বিশ্বাসযোগ্য অস্ত্ৰ হিচাবে পৰিগণিত হৈছে। ইয়াৰ উপৰি ইউক্ৰেইনৰ অস্ত্ৰ নিৰ্মাতা সংস্থা  উকাৰাব্ৰানপ্ৰমৰ সৈতে পাকিস্তানে  ৮৬.৫ নিযুত ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে বুলি জানিব পৰা গৈছে। এই চুক্তি অনুসৰি ইউক্ৰেইনত নিৰ্মাণ কৰা পাকিস্তানী সেনাৰ টি-80ইউডি টেংকসমূহৰ আধুনিকীকৰণ কৰা হ'ব।

 জিঅ'-পলিটিকৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে পাকিস্তানৰ অস্ত্ৰ সৰবৰাহকাৰী এম/এছ ডিএমআই এছ'চিয়েটছৰ বুলগেৰিয়াৰ 'মেচাৰ্ছ ডিফেন্স ইণ্ডাষ্ট্ৰী গ্ৰুপ'ৰ সৈতে সম্পৰ্ক আছে। ইছলামাবাদে বুলগেৰিয়ান কোম্পানীৰ জৰিয়তে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিছে। এনেদৰে শ্বাহবাজ শ্বৰীফ চৰকাৰে কেইবাটাও বিদেশী কোম্পানী আৰু ব্যৱসায়ীৰ জৰিয়তে কিয়েভক অস্ত্ৰ  প্ৰদান কৰি আছে।

  পাকিস্তান সদায় ইউক্ৰেইনৰ অস্ত্ৰৰ এজন ডাঙৰ ক্ৰেতা হৈ আহিছে। কেইদিনমান আগতে পাকিস্তানৰ সেনা প্ৰধান কামাৰ জাভেদ বাজৱা কিয়েভলৈ গৈছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ছমাহৰো অধিক সময় ধৰি চলি থকা  ভয়ংকৰ যুদ্ধত পাকিস্তানে যে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই সেয়া শেহতীয়া প্ৰতিবেদন খনেই প্ৰমাণ কৰিছে। এনে ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈয়েই হয়তো  ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি হুংকাৰ দি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ