--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত যোৱা বৰ্ষৰ অক্টোবৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি আন এক কৃষক আন্দোলন গঢ় লৈ তোলাৰ দিশে আগবাঢ়িছে ভাৰতীয় কিষাণ ইউনিয়ন। এই কৃষক বিদ্ৰোহৰ অভিকেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে লখিমপুৰ খেৰী। ভাৰতীয় কিষাণ মৰ্চাৰ কেন্দ্ৰীয় নেতা ৰাকেশ টিকাইটৰ নেতৃত্বত আজিৰ পৰা প্ৰায় ৩১ টা কৃষক সংগঠনে খেৰীৰ ৰাজাপুৰ কৃষি মাণ্ডিত ৭৫ ঘণ্টীয়া মহাধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিক বৰ্খাস্ত কৰাৰ লগতে টিকুনিয়া হিংসাৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা কৃষকসকলক মুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক সংগঠন সমূহে।

ৰাজাপুৰ মাণ্ডিত উপস্থিত থকা ভাৰতীয় কিষাণ ইউনিয়নৰ জিলা সভাপতি দিলবাগ সিঙে জানিবলৈ দিয়া মতে ৰাকেশ টিকাইট ইতিমধ্যে বুধবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হৈছে। ভাৰতীয় কিষাণ ইউনিয়নৰ লগতে ৩১ টা সংগঠনৰ এই প্ৰতিবাদী কাৰ্যসূচীত টিকাইটে নেতৃত্ব প্ৰদান কৰিব।ইতিমধ্যে মহাধৰ্ণা প্ৰতিবাদত যোগদানৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ পৰা শতাধিক কৃষক প্ৰতিবাদস্থলীত উপস্থিত হৈছে বুলি কৃষক সংগঠনটোৰ নেতৃবৰ্গই জানিবলৈ দিছে। 

ইফালে লখিমপুৰ খেৰীত উপস্থিত হোৱাৰ পিছতে ৰাকেশ টিকাইতে কয় যে দুমাহ পূৰ্বে দিল্লীত অনুষ্ঠিত বৈঠকত সৰ্বসন্মতিক্ৰমে লখিমপুৰ খেৰীৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।  টিকুনিয়া গোচৰত কাৰাগাৰত বন্দী হৈ থকা কৃষকসকলক মুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক বৰ্খাস্তকৰণ আৰু কৃষকৰ উৎপাদিত সামগ্ৰীৰ সমৰ্থন মূল্য (MSP)ৰ দাবীত ৭৫ ঘণ্টাৰ ধৰ্ণা অনুষ্ঠিত কৰা হ'ব।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে প্ৰতিবাদী কৃষকসকলক মহতীয়াই নিছিল। এই নৃশংস হত্যাকাণ্ডত চাৰিগৰাকী কৃষকৰ মৃত্যু হৈছিল। প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশ চৰকাৰে মূল অভিযুক্ত আশীষ মিশ্ৰক ৰক্ষণাবেক্ষণ দিছিল যদিও পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

এই হত্যাকাণ্ডৰ তদন্ত কৰি থকা বিশেষ তদন্ত কমিটিয়ে  এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল। হত্যাৰ অভিযোগত আশীষ মিশ্ৰৰ নাম সাঙোৰ খাই পৰাৰ পিছত দেশৰ বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে কৃষক সংগঠনসমূহেও কেন্দ্ৰীয় মন্ত্ৰীত্বৰ পৰা অজয় মিশ্ৰক বৰ্খাস্ত কৰাৰ দাবী তুলিছিল। কিন্তু এই দাবীলৈ কোনো কেৰেপ কৰা নাছিল বিজেপি চৰকাৰে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আশীষ মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীকাণ্ডত নিহত হোৱা কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ২৪ এপ্ৰিলত পুনৰ আত্মসমৰ্পণ কৰিছিল আশীষ মিশ্ৰই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু