--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ লৈ এজন যুৱকে তেজেৰে লিখিলে চিঠি। চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক এটা বিশেষ দাবী কৰিলে যুৱকজনে। জন্মাষ্টমীত প্ৰাৰ্থনাৰ বাবে শ্বাহী মছজিদৰ ঈদগাহত বিচাৰিলে অনুমতি। এই খবৰে এতিয়া উত্তৰ প্ৰদেশত লাভ কৰিছে বিশেষ চৰ্চা।


পিছে এই পত্ৰ লিখা যুৱকজন কোন?


এই যুৱকজন হৈছে এজন হিন্দু নেতা। তেওঁৰ নাম দীনেশ শৰ্মা। দীনেশ অখিল ভাৰত হিন্দু মহাসভাৰ কোষাধ্যক্ষ। তেজেৰে লিখা চিঠিখনত তেওঁ যোগী আদিত্যনাথক হনুমানৰ অৱতাৰ বুলি উল্লেখ কৰিছে। দীনেশ শৰ্মাৰ মতে, যি ঠাইত এতিয়া শ্বাহী মছজিদৰ ঈদগাহ আছে সেইয়া প্ৰকৃততে শ্ৰীকৃষ্ণৰ জন্মভূমি। দীনেশৰ গভীৰ বিশ্বাস; মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক অনুমতি প্ৰদান কৰিব। 


অনুমতি প্ৰদান নকৰিলে বিবাদৰো ভাবুকি প্ৰদান কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে। পত্ৰখনত তেওঁ লিখে, “যদি এই অনুমতি অস্বীকাৰ কৰা হয়, তেন্তে তেওঁক মৃত্যুৰ অনুমতি দিয়া উচিত। কাৰণ ভগৱান শ্ৰীকৃষ্ণক জন্মস্থানতে প্ৰণাম নকৰাকৈ জীৱন যাপন কৰাটো অনৰ্থক।”

 

উল্লেখযোগ্য যে, বিগত বহু বছৰজুৰি ৰামৰ জন্মভূমিৰ বিবাদৰ সমান্তৰালভাৱে চলি আছিল শ্ৰীকৃষ্ণৰ জন্মভূমিৰ বিবাদ। ৰাম জন্মভূমিৰ বিবাদ নিষ্পত্তি হ’লেও এতিয়াও শ্ৰীকৃষ্ণৰ জন্মভূমিৰ বিবাদ ন্যায়ালয়ৰ বিচাৰধীন। তেনে সময়ছোৱাত হিন্দুত্ববাদী নেতাগৰাকীয়ে তেজেৰে লিখা পত্ৰখনে বিশেষ চৰ্চা লাভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ