--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ লৈ এজন যুৱকে তেজেৰে লিখিলে চিঠি। চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক এটা বিশেষ দাবী কৰিলে যুৱকজনে। জন্মাষ্টমীত প্ৰাৰ্থনাৰ বাবে শ্বাহী মছজিদৰ ঈদগাহত বিচাৰিলে অনুমতি। এই খবৰে এতিয়া উত্তৰ প্ৰদেশত লাভ কৰিছে বিশেষ চৰ্চা।


পিছে এই পত্ৰ লিখা যুৱকজন কোন?


এই যুৱকজন হৈছে এজন হিন্দু নেতা। তেওঁৰ নাম দীনেশ শৰ্মা। দীনেশ অখিল ভাৰত হিন্দু মহাসভাৰ কোষাধ্যক্ষ। তেজেৰে লিখা চিঠিখনত তেওঁ যোগী আদিত্যনাথক হনুমানৰ অৱতাৰ বুলি উল্লেখ কৰিছে। দীনেশ শৰ্মাৰ মতে, যি ঠাইত এতিয়া শ্বাহী মছজিদৰ ঈদগাহ আছে সেইয়া প্ৰকৃততে শ্ৰীকৃষ্ণৰ জন্মভূমি। দীনেশৰ গভীৰ বিশ্বাস; মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক অনুমতি প্ৰদান কৰিব। 


অনুমতি প্ৰদান নকৰিলে বিবাদৰো ভাবুকি প্ৰদান কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে। পত্ৰখনত তেওঁ লিখে, “যদি এই অনুমতি অস্বীকাৰ কৰা হয়, তেন্তে তেওঁক মৃত্যুৰ অনুমতি দিয়া উচিত। কাৰণ ভগৱান শ্ৰীকৃষ্ণক জন্মস্থানতে প্ৰণাম নকৰাকৈ জীৱন যাপন কৰাটো অনৰ্থক।”

 

উল্লেখযোগ্য যে, বিগত বহু বছৰজুৰি ৰামৰ জন্মভূমিৰ বিবাদৰ সমান্তৰালভাৱে চলি আছিল শ্ৰীকৃষ্ণৰ জন্মভূমিৰ বিবাদ। ৰাম জন্মভূমিৰ বিবাদ নিষ্পত্তি হ’লেও এতিয়াও শ্ৰীকৃষ্ণৰ জন্মভূমিৰ বিবাদ ন্যায়ালয়ৰ বিচাৰধীন। তেনে সময়ছোৱাত হিন্দুত্ববাদী নেতাগৰাকীয়ে তেজেৰে লিখা পত্ৰখনে বিশেষ চৰ্চা লাভ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু