--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮১ বছৰৰ পাছত উদ্ধাৰ হৈছে এখন সাগৰত ডুবা জাহাজৰ ভগ্নাৱশেষ। ১৯৪২ চনৰ ১ জুলাইত জাপানৰ পৰা মণ্টেভিডিঅ’ মাৰু নামৰ বিশেষ জাহাজখনে যাত্ৰা কৰিছিল। তাত ১০৬০ৰো অধিক অষ্ট্ৰেলিয়ান যাত্ৰী আছিল। কিন্তু সাগৰত ডুবাৰ ফলত সন্ধানহীন হৈ পৰিছিল যাত্ৰীসকল।

অৱশেষত সেই জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হ’ল। শনিবাৰে এই কথা সংবাদ মাধ্যমক জনাইছে জাহাজখনৰ অনুসন্ধানৰ দায়িত্বত থকা বিশেষ দলটোৱে।

যাত্ৰীসকলৰ বেছিভাগেই আছিল যুদ্ধবন্দী। কিন্তু সেই জাহাজখনত যুদ্ধবন্দীৰ উপৰিও আন দেশৰ কেইবাজনো সাধাৰণ যাত্ৰীও উপস্থিত আছিল।

ঘটনাক্ৰমে সেইপিনেৰেই এখন আমেৰিকান চাবমেৰিন পাৰ হৈ গৈ আছিল। সেই চাবমেৰিনে ভুলতে জাহাজখনক আক্ৰমণ কৰিছিল। ফলত জাপানী জাহাজখন ডুব যায়। তাত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হয়।

দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পাছতো জাহাজখন পোৱা নগ’ল। ইয়াৰ মাজতে ৮১ বছৰ পাৰ হৈ গ’ল। অৱশেষত বিশেষ অনুসন্ধান দলৰ প্ৰচেষ্টাত জাহাজখন উদ্ধাৰ কৰা হৈছে।

চাইলেণ্টৱৰ্ল্ডৰ সঞ্চালক জন মুলেনে সংবাদ মাধ্যমৰ আগত কয় যে মণ্টেভিডিঅ’ মাৰু আৱিষ্কাৰে এটা দীঘলীয়া অধ্যায়ৰ অন্ত পেলালে। এতিয়াও আপোনজনৰ খবৰৰ বাবে অপেক্ষা কৰি থকা পৰিয়ালবোৰে এইবাৰ শান্তি পাব।

এই জাহাজখন বিচাৰি উলিওৱাৰ আঁৰত আছে 'চাইলেণ্টৱৰ্ল্ড’ নামৰ এটা সংস্থা। পাঁচ বছৰ ধৰি সংস্থাটোৱে জাহাজখন বিচাৰিবলৈ বিভিন্ন অভিযানৰ পৰিকল্পনা কৰিছিল। ইয়াৰ লগত আছিল নেদাৰলেণ্ডৰ বিশেষ গভীৰ সাগৰীয় চোৱাচিতা সংস্থা ফাগ্ৰো আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা বিভাগ।

১২ দিনৰ তালাচীৰ অন্তত উদ্ধাৰ হয় জাহাজখন। জাহাজখন সাগৰৰ পৰা ৪ কিলোমিটাৰ তলত ডুব গৈছিল। যিটো আচলতে টাইটানিকতকৈও অধিক গভীৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস