--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮১ বছৰৰ পাছত উদ্ধাৰ হৈছে এখন সাগৰত ডুবা জাহাজৰ ভগ্নাৱশেষ। ১৯৪২ চনৰ ১ জুলাইত জাপানৰ পৰা মণ্টেভিডিঅ’ মাৰু নামৰ বিশেষ জাহাজখনে যাত্ৰা কৰিছিল। তাত ১০৬০ৰো অধিক অষ্ট্ৰেলিয়ান যাত্ৰী আছিল। কিন্তু সাগৰত ডুবাৰ ফলত সন্ধানহীন হৈ পৰিছিল যাত্ৰীসকল।

অৱশেষত সেই জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হ’ল। শনিবাৰে এই কথা সংবাদ মাধ্যমক জনাইছে জাহাজখনৰ অনুসন্ধানৰ দায়িত্বত থকা বিশেষ দলটোৱে।

যাত্ৰীসকলৰ বেছিভাগেই আছিল যুদ্ধবন্দী। কিন্তু সেই জাহাজখনত যুদ্ধবন্দীৰ উপৰিও আন দেশৰ কেইবাজনো সাধাৰণ যাত্ৰীও উপস্থিত আছিল।

ঘটনাক্ৰমে সেইপিনেৰেই এখন আমেৰিকান চাবমেৰিন পাৰ হৈ গৈ আছিল। সেই চাবমেৰিনে ভুলতে জাহাজখনক আক্ৰমণ কৰিছিল। ফলত জাপানী জাহাজখন ডুব যায়। তাত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হয়।

দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পাছতো জাহাজখন পোৱা নগ’ল। ইয়াৰ মাজতে ৮১ বছৰ পাৰ হৈ গ’ল। অৱশেষত বিশেষ অনুসন্ধান দলৰ প্ৰচেষ্টাত জাহাজখন উদ্ধাৰ কৰা হৈছে।

চাইলেণ্টৱৰ্ল্ডৰ সঞ্চালক জন মুলেনে সংবাদ মাধ্যমৰ আগত কয় যে মণ্টেভিডিঅ’ মাৰু আৱিষ্কাৰে এটা দীঘলীয়া অধ্যায়ৰ অন্ত পেলালে। এতিয়াও আপোনজনৰ খবৰৰ বাবে অপেক্ষা কৰি থকা পৰিয়ালবোৰে এইবাৰ শান্তি পাব।

এই জাহাজখন বিচাৰি উলিওৱাৰ আঁৰত আছে 'চাইলেণ্টৱৰ্ল্ড’ নামৰ এটা সংস্থা। পাঁচ বছৰ ধৰি সংস্থাটোৱে জাহাজখন বিচাৰিবলৈ বিভিন্ন অভিযানৰ পৰিকল্পনা কৰিছিল। ইয়াৰ লগত আছিল নেদাৰলেণ্ডৰ বিশেষ গভীৰ সাগৰীয় চোৱাচিতা সংস্থা ফাগ্ৰো আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা বিভাগ।

১২ দিনৰ তালাচীৰ অন্তত উদ্ধাৰ হয় জাহাজখন। জাহাজখন সাগৰৰ পৰা ৪ কিলোমিটাৰ তলত ডুব গৈছিল। যিটো আচলতে টাইটানিকতকৈও অধিক গভীৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন