--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হোটলৰ OYO ৰুমত গোপন কেমেৰা ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উত্তৰপ্ৰদেশৰ চাৰিজনকৈ লোক। নয়দাৰ গৌতম বুদ্ধ নগৰত গ্ৰেপ্তাৰ কৰা লোককেইজনে  OYO ৰুমসমূহত গোপনে কেমেৰা থৈ দম্পত্তিসকলক ব্লেকমেইল কৰি আহিছিল।

 

লোককেইজনৰ নাম ক্ৰমে বিষ্ণু সিং, আব্দুল ৱাহাৱ, পংকজ কুমাৰ আৰু অনুৰাগ কুমাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, লোককেইজনে OYO ৰুমত গোপন কেমেৰাৰে কৰা ৰেকৰ্ডিংসমূহ দেখুৱাই দম্পত্তিসমূহক ধন দাবী কৰি আহিছে।

 

আৰক্ষীয়ে জনোৱামতে, তেওঁলোকে গোপন কেমেৰাসমূহ হোটলৰ কোঠালিত থৈ দিয়ে আৰু দম্পত্তিসমূহৰ ব্যক্তিগত মুহূৰ্তসমূহ ৰেকৰ্ড কৰে। তাৰপাছত সেইসমূহ দম্পত্তিসমূহৰ সামাজিক মাধ্যম একাউণ্টত প্ৰেৰণ কৰি ধন দাবী কৰে।

 

তদুপৰি এটা অবৈধ কল চেণ্টাৰো তেওঁলোকে চলাই অহা বুলি জানিব পৰা গৈছে। কল চেণ্টাৰটোৰ জড়িয়তে অতি কম মূল্যতে আইফোন বিক্ৰী কৰা বুলি তেওঁলোকে জালিয়াতি কৰি আহিছে।

 

আৰক্ষীয়ে জনায় যে যোৱা দুইবছৰ ধৰি তেওঁলোকে এই কামত লিপ্ত হৈ আহিছে। ধাৰণা কৰা অনুসৰি, এইধৰণেই তেওঁলোকে কোটি কোটি টকা জালিয়াতি কৰিছে।

 

ইতিমধ্যে, নয়দা আৰক্ষীয়ে লোককেইজনৰ ওপৰত ভাৰতীয় দণ্ডবিধি ঘধাৰাৰ ৪২০, ৩৮৬, ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। তদুপৰি কেইবাটাও লেপটপ, মোবাইল আৰু ছিম কাৰ্ডো সংগ্ৰহ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু