--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হোটলৰ OYO ৰুমত গোপন কেমেৰা ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উত্তৰপ্ৰদেশৰ চাৰিজনকৈ লোক। নয়দাৰ গৌতম বুদ্ধ নগৰত গ্ৰেপ্তাৰ কৰা লোককেইজনে  OYO ৰুমসমূহত গোপনে কেমেৰা থৈ দম্পত্তিসকলক ব্লেকমেইল কৰি আহিছিল।

 

লোককেইজনৰ নাম ক্ৰমে বিষ্ণু সিং, আব্দুল ৱাহাৱ, পংকজ কুমাৰ আৰু অনুৰাগ কুমাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, লোককেইজনে OYO ৰুমত গোপন কেমেৰাৰে কৰা ৰেকৰ্ডিংসমূহ দেখুৱাই দম্পত্তিসমূহক ধন দাবী কৰি আহিছে।

 

আৰক্ষীয়ে জনোৱামতে, তেওঁলোকে গোপন কেমেৰাসমূহ হোটলৰ কোঠালিত থৈ দিয়ে আৰু দম্পত্তিসমূহৰ ব্যক্তিগত মুহূৰ্তসমূহ ৰেকৰ্ড কৰে। তাৰপাছত সেইসমূহ দম্পত্তিসমূহৰ সামাজিক মাধ্যম একাউণ্টত প্ৰেৰণ কৰি ধন দাবী কৰে।

 

তদুপৰি এটা অবৈধ কল চেণ্টাৰো তেওঁলোকে চলাই অহা বুলি জানিব পৰা গৈছে। কল চেণ্টাৰটোৰ জড়িয়তে অতি কম মূল্যতে আইফোন বিক্ৰী কৰা বুলি তেওঁলোকে জালিয়াতি কৰি আহিছে।

 

আৰক্ষীয়ে জনায় যে যোৱা দুইবছৰ ধৰি তেওঁলোকে এই কামত লিপ্ত হৈ আহিছে। ধাৰণা কৰা অনুসৰি, এইধৰণেই তেওঁলোকে কোটি কোটি টকা জালিয়াতি কৰিছে।

 

ইতিমধ্যে, নয়দা আৰক্ষীয়ে লোককেইজনৰ ওপৰত ভাৰতীয় দণ্ডবিধি ঘধাৰাৰ ৪২০, ৩৮৬, ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। তদুপৰি কেইবাটাও লেপটপ, মোবাইল আৰু ছিম কাৰ্ডো সংগ্ৰহ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক