--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ষ্টাৰ ইফালে নবাবী কন্যা তথাপিও অতি সাধাৰণ জীৱন কটাই ভালপায় ছাৰা আলী খানে। সহজ-সৰলকে জীৱন যাপন কৰি সাধাৰণভাৱে থাকি বেছি ভালপায় ছাৰাই। ছাৰাৰ এই সাধাৰণ জীৱনশৈলীয়ে বহু মানুহক আকৃষ্ট কৰে। 

শেহতীয়াকৈ হৈ যোৱা দীপাৱলী পৰিয়ালৰ সৈতে উদযাপন কৰে ছাৰা আলী খানে। এই উদযাপনত পৰিয়ালৰ মানুহকে ধৰি আন লোকসকলো উপস্থিত আছিল। ছাৰাই ইনষ্টাগ্ৰামত দীপাৱলীৰ ফটোও শ্বেয়াৰ কৰে, য’ত তেওঁক ভাতৃ ইব্ৰাহিম আলী খানৰ সৈতে দেখা গৈছে। এই ফটো শ্বুটত ভাই-ভগ্নীৰ যুটিটোক বহুত ভাল দেখা গৈছে। এই ফটোবোৰত ছাৰাই পিন্ধিছে হালধীয়া ৰঙৰ এযোৰ ছেলোৱাৰ ছ্যুট। কোটিপতি ছাৰা আলী খানে যিযোৰ ছেলোৱাৰ পৰিধান কৰি আছিল সেইযোৰ ছেলোৱাৰ সাধাৰণ লোকেও ক্ৰয় কৰিব পাৰিব। ছাৰাৰ কাপোৰযোৰৰ দাম জানি পুনৰ ছাৰাক প্ৰশংসা কৰিলে নেটিজেনসকলে।

ছাৰা আলী খানৰ এই হালধীয়া আনাৰকালী ছ্যুটটো 'বুনাই' ব্ৰেণ্ডৰ যাৰ নাম উৰ্ভি কটন ছ্যুট চেট। এই কপাহী ছ্যুটৰ সৈতে এটা মেচিং ডুপাট্টাও আহে।

ছাৰাই মেচিং হালধীয়া পালাজ্জো পেণ্ট আৰু কোটা ড’ৰিয়া ডুপাট্টা পিন্ধিছিল, দুয়োটাতে সোণালী গোটা পট্টি এম্ব্ৰয়ডাৰী আৰু ফুলৰ আকৃতিৰ গোটা ৱৰ্ক আছিল।

ছাৰাৰ হালধীয়া এথনিক লুকত আছিল অনাৰকলি কুৰ্তা, পালাজ্জো পেণ্ট আৰু ডুপাট্টা। আনাৰকালী শৈলীৰ কুৰ্তাটোৰ ডিঙিৰ ৰেখা ঘূৰণীয়া আৰু সীমাত সুক্ষ্ম সোণালী গোটা এম্ব্ৰয়ডাৰী আছিল। নেকলাইন আৰু চতুৰ্থাংশ দীঘল হাতৰ আঁচলত সোণালী ফুলৰ গোটা কাম আছিল। অফিচিয়েল ৱেবছাইটত ছাৰাৰ এই ছ্যুটৰ দাম ৩৮৫০ টকা। যিসময়ত আন ষ্টাৰসকলে কাপোৰৰ নামতে লাখ লাখ টকা বা ৭০ হাজাৰ, ৮০ হাজাৰ টকা খৰচ কৰে সেইসময়ত ছাৰাৰ মাত্ৰ ৩০০০ টকীয়া কাপোৰযোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ছাৰাই কান্ধত দুপাট্টা লৈছিল আৰু আনুষংগিক সামগ্ৰী হিচাপে মেচিং হালধীয়া বেংগল, আঙঠি, কাণফুলি, শিৱলিংগ লকেটৰে সজাই থোৱা শিকলিযুক্ত নেকেলেচ আৰু এম্ব্ৰয়ডাৰী হালধীয়া জোতা পৰিধান কৰিছিল। চুলিখিনি মাজত বান্ধি পনিটেইল বনাইছিল। ক’লা বিন্দি, আইলাইনাৰ, পাতল ৰঙৰ লিপষ্টিক, কাজল আৰু ব্লাছেৰে তেওঁ নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু