--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুৱসমাজৰ মাজত ধূমপানৰ আসক্তি বৃদ্ধি পাই অহা সময়তে বলিউডৰ অভিনেতা  শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিনত ধূমপান ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷ বলীউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে অনুৰাগীৰ সৈতে মুম্বাইত আয়োজিত এক বিশেষ অনুষ্ঠানত অনুৰাগীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত অভিনেতা গৰাকীয়ে আগন্তুক প্ৰকল্পসমূহৰ ওপৰতো আলোকপাত কৰে৷

জানিব পৰা মতে শ্বাহৰুখ খানে বহু দিনৰ পৰা ধূমপান কৰি আহিছে। ২০১১ চনত তেওঁ কয় যে তেওঁ নিজৰ সৰু পুত্ৰ আবৰামৰ সৈতে অধিক সময় কটাব বিচাৰে আৰু ধূমপান বাধা হৈ পৰিছিল৷ এই অনুষ্ঠানত শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীসকলক অন্ততঃ অহা ১০ বছৰলৈকে ‘বিশেষ ছবি”ৰে মনোৰঞ্জন দি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কলাত্মক পৰিচালক জিঅ’না এ নাজাৰোৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত অভনেতাগৰাকীয়ে তেওঁৰ কেৰিয়াৰ আৰু কৃতিত্বৰ বিষয়ে আলোচনা কৰে। আৰু  তেওঁৰ পৰৱৰ্তী ছবি ‘কিং’ৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা সুজয় ঘোষৰ সৈতেও তেওঁৰ সহযোগিতাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে৷

তেওঁ আৰু কয় কিছুমান বিশেষ ধৰণৰ ছবিত কাম কৰিব বিছাৰে যিবিলাক হয়তো অধিক বয়সকেন্দ্ৰিক হ’ব৷ আৰু বিশেষ কিবা এটা চেষ্টা কৰিব বিচাৰে যিটো ৬-৭ বছৰ ধৰি তেওঁ এই বিষয়ে চিন্তা কৰি আহিছো মত প্ৰকাশ কৰে আৰু  এদিন সুজয় ঘোষৰ আগতো এই সন্দৰ্ভত উল্লেখ কৰিছিলো বুলি কয়৷ 

এছ আৰ কেয়ে লগতে কয় যে তেওঁ অতি সোনকালে নিজৰ কন্যা চুহানা খানৰ সৈতে নিজৰ নতুন ছবি ‘কিং’ৰ সৈতে আহি আছে বুলি জানিবলৈ দিয়ে। তেওঁ কণ্যাৰ সৈতে আহিব লগীয়া ছবি ‘কিং’ৰ বাবে ওজন কমোৱাৰ কথাও কয় অভিনেতাগৰাকীয়ে৷ অৱশ্যে সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অভিনেতা গৰাকী৷ আৰু এই ছবিখন সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই অভিনেতাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ