--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুৱসমাজৰ মাজত ধূমপানৰ আসক্তি বৃদ্ধি পাই অহা সময়তে বলিউডৰ অভিনেতা  শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিনত ধূমপান ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷ বলীউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে অনুৰাগীৰ সৈতে মুম্বাইত আয়োজিত এক বিশেষ অনুষ্ঠানত অনুৰাগীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত অভিনেতা গৰাকীয়ে আগন্তুক প্ৰকল্পসমূহৰ ওপৰতো আলোকপাত কৰে৷

জানিব পৰা মতে শ্বাহৰুখ খানে বহু দিনৰ পৰা ধূমপান কৰি আহিছে। ২০১১ চনত তেওঁ কয় যে তেওঁ নিজৰ সৰু পুত্ৰ আবৰামৰ সৈতে অধিক সময় কটাব বিচাৰে আৰু ধূমপান বাধা হৈ পৰিছিল৷ এই অনুষ্ঠানত শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীসকলক অন্ততঃ অহা ১০ বছৰলৈকে ‘বিশেষ ছবি”ৰে মনোৰঞ্জন দি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কলাত্মক পৰিচালক জিঅ’না এ নাজাৰোৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত অভনেতাগৰাকীয়ে তেওঁৰ কেৰিয়াৰ আৰু কৃতিত্বৰ বিষয়ে আলোচনা কৰে। আৰু  তেওঁৰ পৰৱৰ্তী ছবি ‘কিং’ৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা সুজয় ঘোষৰ সৈতেও তেওঁৰ সহযোগিতাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে৷

তেওঁ আৰু কয় কিছুমান বিশেষ ধৰণৰ ছবিত কাম কৰিব বিছাৰে যিবিলাক হয়তো অধিক বয়সকেন্দ্ৰিক হ’ব৷ আৰু বিশেষ কিবা এটা চেষ্টা কৰিব বিচাৰে যিটো ৬-৭ বছৰ ধৰি তেওঁ এই বিষয়ে চিন্তা কৰি আহিছো মত প্ৰকাশ কৰে আৰু  এদিন সুজয় ঘোষৰ আগতো এই সন্দৰ্ভত উল্লেখ কৰিছিলো বুলি কয়৷ 

এছ আৰ কেয়ে লগতে কয় যে তেওঁ অতি সোনকালে নিজৰ কন্যা চুহানা খানৰ সৈতে নিজৰ নতুন ছবি ‘কিং’ৰ সৈতে আহি আছে বুলি জানিবলৈ দিয়ে। তেওঁ কণ্যাৰ সৈতে আহিব লগীয়া ছবি ‘কিং’ৰ বাবে ওজন কমোৱাৰ কথাও কয় অভিনেতাগৰাকীয়ে৷ অৱশ্যে সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে অভিনেতা গৰাকী৷ আৰু এই ছবিখন সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই অভিনেতাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু