--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীক বিজেপিয়ে ছ'চিয়েল মিডিয়াত  'নতুন যুগৰ ৰাৱণ' হিচাপে চিত্ৰিত কৰিছে।বিজেপিয়ে প্ৰকাশ কৰা ৰাৱণৰূপী ৰাহুলৰ পোষ্টাৰ ভাইৰেল হৈ পৰাৰ পিছতে  এজন কংগ্ৰেছ নেতাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলটোৰ আইটি চেলৰ ভাৰপ্ৰাপ্ত অমিত মালৱীয়ৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজুৰ প্ৰস্তুতি চলাইছে।

ৰাজস্থান কংগ্ৰেছৰ সাধাৰণ সম্পাদক যশৱন্ত গুৰ্জাৰে তেওঁৰ আবেদনত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৯ ( এজন ব্যক্তিৰ বিৰুদ্ধে মিছা অভিযোগ), ৫০০ (মানহানি) আৰু ৫০৪ (ইচ্ছাকৃত অপমান)ৰ অধীনত বিজেপিৰ নেতা দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছিল। গুৰ্জাৰে জয়পুৰ মেট্ৰ'পলিটান আদালতত  এখন আবেদন দাখিল কৰিছে। আৱেদনখনৰ শুনানি ৯ অক্টোবৰত হ'ব।

উল্লেখ্য যে, ৰাহুল গান্ধীক ৰাৱণৰ চৰিত্ৰত দেখুওৱা এখন পোষ্টাৰ বিজেপিৰ 'এক্স'  হেণ্ডেলত প্ৰকাশ কৰা হৈছিল।  পোষ্টাৰখনে  ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। কংগ্ৰেছে ইয়াক তীব্ৰ সমালোচনা কৰি কয় যে এনে কাৰ্যকলাপ "গ্ৰহণযোগ্য নহয়" আৰু এয়া "বিপজ্জনক"। আদালতত দাখিল কৰা গুৰ্জাৰৰ আবেদনত কোৱা হৈছে, "অভিযুক্তসকলে ইচ্ছাকৃতভাৱে ৫ অক্টোবৰত অসৎ উদ্দেশ্যৰে পোষ্টটো প্ৰচাৰ কৰিছিল আৰু অভিযুক্তসকলৰ উদ্দেশ্য আছিল কংগ্ৰেছৰ  শুভাকাংক্ষীসকলক বদনাম কৰা আৰু ক্ষতি কৰি  আৰু ৰাজনৈতিক লাভ আদায়  কৰা।" তেওঁ লগতে কয় "বিজেপি নেতাসকলে ইচ্ছাকৃতভাৱে ৰাহুল গান্ধীক ৰাম বিৰোধী আৰু ধৰ্মবিৰোধী হিচাপে চিত্ৰিত কৰিছে ," ।আবেদনকাৰীয়ে আদালতক অভিযুক্ত দুয়োজনৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আৰু বিষয়টো তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।

কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে প্ৰচাৰ কৰা পোষ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। ছ'চিয়েল মিডিয়াত পোষ্ট কৰা পোষ্টাৰখনত ৰাহুল গান্ধীক কেইবাটাও মূৰৰ সৈতে দেখুওৱা হৈছে, যাৰ শিৰোনাম হৈছে 'ভাৰত খত্ৰে মে হে্য  '। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু