--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীক বিজেপিয়ে ছ'চিয়েল মিডিয়াত  'নতুন যুগৰ ৰাৱণ' হিচাপে চিত্ৰিত কৰিছে।বিজেপিয়ে প্ৰকাশ কৰা ৰাৱণৰূপী ৰাহুলৰ পোষ্টাৰ ভাইৰেল হৈ পৰাৰ পিছতে  এজন কংগ্ৰেছ নেতাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলটোৰ আইটি চেলৰ ভাৰপ্ৰাপ্ত অমিত মালৱীয়ৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজুৰ প্ৰস্তুতি চলাইছে।

ৰাজস্থান কংগ্ৰেছৰ সাধাৰণ সম্পাদক যশৱন্ত গুৰ্জাৰে তেওঁৰ আবেদনত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৯ ( এজন ব্যক্তিৰ বিৰুদ্ধে মিছা অভিযোগ), ৫০০ (মানহানি) আৰু ৫০৪ (ইচ্ছাকৃত অপমান)ৰ অধীনত বিজেপিৰ নেতা দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছিল। গুৰ্জাৰে জয়পুৰ মেট্ৰ'পলিটান আদালতত  এখন আবেদন দাখিল কৰিছে। আৱেদনখনৰ শুনানি ৯ অক্টোবৰত হ'ব।

উল্লেখ্য যে, ৰাহুল গান্ধীক ৰাৱণৰ চৰিত্ৰত দেখুওৱা এখন পোষ্টাৰ বিজেপিৰ 'এক্স'  হেণ্ডেলত প্ৰকাশ কৰা হৈছিল।  পোষ্টাৰখনে  ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। কংগ্ৰেছে ইয়াক তীব্ৰ সমালোচনা কৰি কয় যে এনে কাৰ্যকলাপ "গ্ৰহণযোগ্য নহয়" আৰু এয়া "বিপজ্জনক"। আদালতত দাখিল কৰা গুৰ্জাৰৰ আবেদনত কোৱা হৈছে, "অভিযুক্তসকলে ইচ্ছাকৃতভাৱে ৫ অক্টোবৰত অসৎ উদ্দেশ্যৰে পোষ্টটো প্ৰচাৰ কৰিছিল আৰু অভিযুক্তসকলৰ উদ্দেশ্য আছিল কংগ্ৰেছৰ  শুভাকাংক্ষীসকলক বদনাম কৰা আৰু ক্ষতি কৰি  আৰু ৰাজনৈতিক লাভ আদায়  কৰা।" তেওঁ লগতে কয় "বিজেপি নেতাসকলে ইচ্ছাকৃতভাৱে ৰাহুল গান্ধীক ৰাম বিৰোধী আৰু ধৰ্মবিৰোধী হিচাপে চিত্ৰিত কৰিছে ," ।আবেদনকাৰীয়ে আদালতক অভিযুক্ত দুয়োজনৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আৰু বিষয়টো তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।

কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে প্ৰচাৰ কৰা পোষ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। ছ'চিয়েল মিডিয়াত পোষ্ট কৰা পোষ্টাৰখনত ৰাহুল গান্ধীক কেইবাটাও মূৰৰ সৈতে দেখুওৱা হৈছে, যাৰ শিৰোনাম হৈছে 'ভাৰত খত্ৰে মে হে্য  '। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ