--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অন্যতম এখন চহৰ চেন্নাইত সংঘটিত হৈছে এক আজৱ ঘটনা৷ চেন্নাইৰ এজন ফাৰ্মাচী কৰ্মীয়ে শনিবাৰে আৱিষ্কাৰ কৰে যে তেওঁৰ বেংক একাউণ্টত বৃহৎ ৭৫৩ কোটি টকা জমা হৈছে।ব্যক্তিজনৰ নাম মহম্মদ ইদ্ৰিছ৷মহম্মদ ইদ্ৰিছে শুকুৰবাৰে (৬ অক্টোবৰ) তেওঁৰ কোটক মহিন্দ্ৰা বেংক একাউণ্টৰ পৰা এজন বন্ধুলৈ ২০০০ টকা ট্ৰেন্সফাৰ কৰিছিল। এই লেনদেনৰ পাছত তেওঁ নিজৰ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়৷যেতিয়া তেওঁ নিজৰ বেংকৰ বেলেঞ্চ চায় তেতিয়া নিজৰ একাউণ্টত ৭৫৩ কোটি টকা আবিষ্কাৰ কৰে৷

এই অস্বাভাৱিক পৰিঘটনাক লৈ উদ্বিগ্ন হৈ ইদ্ৰিছে এই বিষয়টো বেংকক জনাইছিল আৰু পৰৱৰ্তী সময়ত বেংকটোৱে তেওঁৰ একাউণ্ট ফ্ৰীজ কৰি ৰাখিছিল।তামিলনাডুত এনেধৰণৰ এইটো তৃতীয়টো ঘটনা সংঘটিত হৈছে।পূৰ্বৰ এক ঘটনাত চেন্নাইৰ ৰাজকুমাৰ নামৰ কেব চালক এজনে তেওঁৰ তামিলনাডু মাৰ্কেন্টাইল বেংক একাউণ্টত ৯ হাজাৰ কোটি টকা বেলেঞ্চ থকা বুলি আৱিষ্কাৰ কৰে।এই বিষয়টো উত্থাপন কৰাৰ পাছত তামিলনাড মাৰ্কেন্টাইল বেংকে ভুলটোৰ শুধৰণি কৰে৷আন এক ঘটনা সংঘটিত হয় যেতিয়া থাঞ্জাৱুৰৰ গণেশন নামৰ এজন ব্যক্তিৰ বেংক একাউণ্টত ৭৫৬ কোটি টকা ভুলবশতঃ সোমাই পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু