--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অন্যতম এখন চহৰ চেন্নাইত সংঘটিত হৈছে এক আজৱ ঘটনা৷ চেন্নাইৰ এজন ফাৰ্মাচী কৰ্মীয়ে শনিবাৰে আৱিষ্কাৰ কৰে যে তেওঁৰ বেংক একাউণ্টত বৃহৎ ৭৫৩ কোটি টকা জমা হৈছে।ব্যক্তিজনৰ নাম মহম্মদ ইদ্ৰিছ৷মহম্মদ ইদ্ৰিছে শুকুৰবাৰে (৬ অক্টোবৰ) তেওঁৰ কোটক মহিন্দ্ৰা বেংক একাউণ্টৰ পৰা এজন বন্ধুলৈ ২০০০ টকা ট্ৰেন্সফাৰ কৰিছিল। এই লেনদেনৰ পাছত তেওঁ নিজৰ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়৷যেতিয়া তেওঁ নিজৰ বেংকৰ বেলেঞ্চ চায় তেতিয়া নিজৰ একাউণ্টত ৭৫৩ কোটি টকা আবিষ্কাৰ কৰে৷

এই অস্বাভাৱিক পৰিঘটনাক লৈ উদ্বিগ্ন হৈ ইদ্ৰিছে এই বিষয়টো বেংকক জনাইছিল আৰু পৰৱৰ্তী সময়ত বেংকটোৱে তেওঁৰ একাউণ্ট ফ্ৰীজ কৰি ৰাখিছিল।তামিলনাডুত এনেধৰণৰ এইটো তৃতীয়টো ঘটনা সংঘটিত হৈছে।পূৰ্বৰ এক ঘটনাত চেন্নাইৰ ৰাজকুমাৰ নামৰ কেব চালক এজনে তেওঁৰ তামিলনাডু মাৰ্কেন্টাইল বেংক একাউণ্টত ৯ হাজাৰ কোটি টকা বেলেঞ্চ থকা বুলি আৱিষ্কাৰ কৰে।এই বিষয়টো উত্থাপন কৰাৰ পাছত তামিলনাড মাৰ্কেন্টাইল বেংকে ভুলটোৰ শুধৰণি কৰে৷আন এক ঘটনা সংঘটিত হয় যেতিয়া থাঞ্জাৱুৰৰ গণেশন নামৰ এজন ব্যক্তিৰ বেংক একাউণ্টত ৭৫৬ কোটি টকা ভুলবশতঃ সোমাই পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ