--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সলনি হ’ব দেশৰ মুখ্য ন্যায়াধীশ । বৰ্তমানৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে অহা  ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। ইয়াৰ পিছতেই মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূডে।দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ  হিচাবে আজি ডি ৱাই চন্দ্ৰচূডৰ নিযুক্তিত অনুমোদন জনায়  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।  ন্যায়াধীশ  চন্দ্ৰচূড ১১ নৱেম্বৰ, ২০২৪ লৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধীষ্ঠিতহৈ থাকিব।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে  আজি আনুষ্ঠানিকভাবে এই বিষয়ত সন্মতি প্ৰদান কৰে।কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে সোমবাৰে সন্ধিয়া টুইট কৰি কয়, "ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ ভিত্তিত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে।" ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে ৯ নৱেম্বৰ, ২০২২ তাৰিখে দায়িত্ব গ্ৰহণ কৰিব। '

অক্টোবৰৰ ১১ তাৰিখে, ন্যায়াধীশ চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল।  ন্যায়াধীশ চন্দ্ৰচূড দুবছৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হ'ব। তেওঁ ১১ নৱেম্বৰ,২০২৪  তাৰিখে অৱসৰ ল'ব। 

ন্যায়াধীশ চন্দ্ৰচূডে  নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ত  আইন অধ্যয়ন কৰিছিল। তেওঁ ’ আমেৰিকাৰ হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা এলএলএম ডিগ্ৰী লাভ  কৰিছিল । তেওঁ  জুৰিডিকেল চাইন্সত ডক্টৰেট উপাধিও অৰ্জন কৰিছিল।

তেওঁ ১৯৯৮ চনৰ পৰা ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই বছৰৰ জুন মাহত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাবে কৰ্মৰত হৈছিল।  ২০০২ চনৰ ২৯ মাৰ্চত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ন্যায়াধীশ চন্দ্ৰচূডে ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পিছত ২০১৬ চনত, তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে আনকি তেওঁৰ দেউতাকে দি থৈ যোৱা  ৰায়ো খাৰিজ কৰিছিল।

২০১৮ চনত ন্যায়াধীশ  চন্দ্ৰচূডে  তেওঁৰ পিতৃ আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৱাই.ভি. চন্দ্ৰচূডৰ ৰায় এটা বাতিল কৰাৰ নিৰ্দেশ দিছিল । তেওঁৰ দেউতাকে ৩৬ বছৰ আগতে ব্যভিচাৰৰ প্ৰসংগত এটা ৰায় দিছিল। ন্যায়াধীশ  চন্দ্ৰচূডে কৈছিল যে তেওঁৰ দেউতাকে দিয়া ৰায়টো সাংবিধানিকভাৱে শুদ্ধ নাছিল। সেই ৰায়দানৰ এবছৰ আগতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে তেওঁৰ দেউতাকৰ আন এটা ৰায় বাতিল কৰিছিল।

আগষ্ট ২০১৭ত তেওঁ ৰায় দিছিল যে গোপনীয়তা এক মৌলিক অধিকাৰ। ৷ ন্যায়াধীশ চন্দ্ৰচূডে ৯ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূডৰ দেউতাক যশৱন্ত চন্দ্ৰচূড দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে তেওঁ চি জে আই হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement