--°C
Loading...
Listen to Article
2 min read
80%

চীন : কোৱা হয়, সাপৰ সৰু-বৰ নাই। কিন্তু এতিয়া চীনত সংঘটিত হোৱা এটা ঘটনাই এতিয়া ক’বলৈ বাধ্য কৰিছে সাপৰ জীয়া-মৰাও নাই। চীনত সংঘটিত এই ঘটনাৰ বিষয়ে জানিলে হতচকিত হৈ উঠিব আপুনিও। চীনদেশত বিভিন্ন জীৱ-জন্তু তথা সৰীসৃপ ভক্ষণৰ কথা তেনেই সাধাৰণ। দক্ষিণ চীনৰ এখন ৰেষ্টুৰেণ্টত এজন ৰান্ধনীয়ে বিষাক্ত ফেঁটীসাপ এডালৰ ছুপ ৰান্ধিবলৈ মূৰটো কাটি থৈছিল। তাৰ পাছত ৰান্ধনীজনে 'স্নেক ছুপ' তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে।

উল্লেখ্য যে, চীনত 'স্নেক ছুপ' এক জনপ্ৰিয় খাদ্য আৰু ই প্ৰায়বোৰ ৰেঁস্তোৰাতে উপলব্ধ। কাটি থোৱাৰ প্ৰায় ২০ মিনিট পাছত ৰান্ধনীজনে সাপৰ মূৰটো জাৱৰডানীত পেলাবলৈ লওতেই কটা মূৰটোৱে তেওঁক দংশন কৰে আৰু এই বিষাক্ত দংশনৰ পাছতেই ৰান্ধনীজনৰ মৃত্যু ঘটে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ এজন মুখপাত্ৰই প্ৰকাশ কৰে যে, এয়া অতি ব্যতিক্ৰমী ঘটনা।

চেফগৰাকীৰ ৰক্ষা কৰাৰ বাবে একো কৰিবলগীয়া নাছিল। ইফালে, বিশেষজ্ঞই এই ঘটনা সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে। তেওঁলোকৰ মতে, সাপৰ দৰে আন কিছুমান সৰীসৃপক হত্যা কৰাৰ এঘণ্টাৰ পাছতো সিহঁতে পুনঃসক্ৰিয় গতিবিধি প্ৰকাশ কৰিব পাৰে। দুৰ্ভগীয়া চেফগৰাকীও তেনে এক দুৰ্ঘটনাৰে চিকাৰ হ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ