--°C
Loading...
Listen to Article
2 min read
80%

চীন : কোৱা হয়, সাপৰ সৰু-বৰ নাই। কিন্তু এতিয়া চীনত সংঘটিত হোৱা এটা ঘটনাই এতিয়া ক’বলৈ বাধ্য কৰিছে সাপৰ জীয়া-মৰাও নাই। চীনত সংঘটিত এই ঘটনাৰ বিষয়ে জানিলে হতচকিত হৈ উঠিব আপুনিও। চীনদেশত বিভিন্ন জীৱ-জন্তু তথা সৰীসৃপ ভক্ষণৰ কথা তেনেই সাধাৰণ। দক্ষিণ চীনৰ এখন ৰেষ্টুৰেণ্টত এজন ৰান্ধনীয়ে বিষাক্ত ফেঁটীসাপ এডালৰ ছুপ ৰান্ধিবলৈ মূৰটো কাটি থৈছিল। তাৰ পাছত ৰান্ধনীজনে 'স্নেক ছুপ' তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে।

উল্লেখ্য যে, চীনত 'স্নেক ছুপ' এক জনপ্ৰিয় খাদ্য আৰু ই প্ৰায়বোৰ ৰেঁস্তোৰাতে উপলব্ধ। কাটি থোৱাৰ প্ৰায় ২০ মিনিট পাছত ৰান্ধনীজনে সাপৰ মূৰটো জাৱৰডানীত পেলাবলৈ লওতেই কটা মূৰটোৱে তেওঁক দংশন কৰে আৰু এই বিষাক্ত দংশনৰ পাছতেই ৰান্ধনীজনৰ মৃত্যু ঘটে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ এজন মুখপাত্ৰই প্ৰকাশ কৰে যে, এয়া অতি ব্যতিক্ৰমী ঘটনা।

চেফগৰাকীৰ ৰক্ষা কৰাৰ বাবে একো কৰিবলগীয়া নাছিল। ইফালে, বিশেষজ্ঞই এই ঘটনা সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে। তেওঁলোকৰ মতে, সাপৰ দৰে আন কিছুমান সৰীসৃপক হত্যা কৰাৰ এঘণ্টাৰ পাছতো সিহঁতে পুনঃসক্ৰিয় গতিবিধি প্ৰকাশ কৰিব পাৰে। দুৰ্ভগীয়া চেফগৰাকীও তেনে এক দুৰ্ঘটনাৰে চিকাৰ হ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু