--°C
Loading...
Listen to Article
2 min read
80%

বাশ্বিংটন : তালিবানৰ তীব্ৰ সকীয়নিৰ পাছত ৩১ আগষ্টৰ ভিতৰত নাগৰিকক নিষ্কমণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ তৎপৰ হৈ পৰিছে আমেৰিকা। ৩১আগষ্টৰ ভিতৰত আফগানিস্তানৰ ভূমি মাৰ্কিন সেনামুক্ত নহ’লে পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিছিল মৌলবাদী সংগঠনটোৱে। তাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ।

অৱশ্যে, তাৰ মাজতে ৰাষ্ট্ৰপতি জো বাইডেনে বিকল্প পৰিকল্পনা প্ৰস্তুত কৰিবলৈকো আহ্বান জনাইছে বিষয়াবৰ্গক। কিয়নো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দেশখন ত্যাগ কৰিব খোজা লোকসকলক আঁতৰাই নিয়াৰ বাবে তালিবানৰ সহযোগ জৰুৰী হ’ব বুলি তেওঁ উল্লেখ কৰে।

এয়াৰপ’ৰ্টলৈ যোৱাৰ পথত তালিবানে বাধা-নিষেধ আৰোপ কৰাৰ বাবে বহু লোকে আফগানিস্তানৰ পৰা বাহিৰ ওলোৱাৰ পৰিকল্পনা কৰিলেও সেইটো সম্ভৱ হৈ উঠা নাই। এনে পৰিপ্ৰেক্ষিতত নিষ্কমণ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ আশংকাৰ সৃষ্টি হৈছে। কিন্ত যদিহে এই সময়সীয়া বৃদ্ধি কৰিবলগীয়া হয় তেন্তে তাৰ বাবে পেণ্টাগন আৰু গৃহ বিভাগক বিকল্প আৰু তাৎক্ষণিক পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি জো বাইডেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ