--°C
Loading...
Listen to Article
2 min read
80%

বাশ্বিংটন : তালিবানৰ তীব্ৰ সকীয়নিৰ পাছত ৩১ আগষ্টৰ ভিতৰত নাগৰিকক নিষ্কমণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ তৎপৰ হৈ পৰিছে আমেৰিকা। ৩১আগষ্টৰ ভিতৰত আফগানিস্তানৰ ভূমি মাৰ্কিন সেনামুক্ত নহ’লে পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিছিল মৌলবাদী সংগঠনটোৱে। তাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ।

অৱশ্যে, তাৰ মাজতে ৰাষ্ট্ৰপতি জো বাইডেনে বিকল্প পৰিকল্পনা প্ৰস্তুত কৰিবলৈকো আহ্বান জনাইছে বিষয়াবৰ্গক। কিয়নো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দেশখন ত্যাগ কৰিব খোজা লোকসকলক আঁতৰাই নিয়াৰ বাবে তালিবানৰ সহযোগ জৰুৰী হ’ব বুলি তেওঁ উল্লেখ কৰে।

এয়াৰপ’ৰ্টলৈ যোৱাৰ পথত তালিবানে বাধা-নিষেধ আৰোপ কৰাৰ বাবে বহু লোকে আফগানিস্তানৰ পৰা বাহিৰ ওলোৱাৰ পৰিকল্পনা কৰিলেও সেইটো সম্ভৱ হৈ উঠা নাই। এনে পৰিপ্ৰেক্ষিতত নিষ্কমণ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ আশংকাৰ সৃষ্টি হৈছে। কিন্ত যদিহে এই সময়সীয়া বৃদ্ধি কৰিবলগীয়া হয় তেন্তে তাৰ বাবে পেণ্টাগন আৰু গৃহ বিভাগক বিকল্প আৰু তাৎক্ষণিক পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি জো বাইডেনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু