--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজব বিশ্বৰ আজব কাণ্ড। এইখন পৃথিৱীত দৈনন্দিন আমি দেখোঁ কিছুমান নাভূত-নাশ্ৰুত ঘটনা, যিবোৰ দেখিলে বা শুনিলে আপোনাৰ-মোৰ চকু কপালত উঠে। এইবাৰ তেনেকুৱা এক আজব কাণ্ড সংঘটিত হৈছে এখন বিমানক লৈ। সাধাৰণতে বিমান উঠি ভ্ৰমণ কৰাৰ বাসনা আমাৰ সকলোৰে থাকে। কিয়নো বিমানতে আমি শূন্যৰ বুকুত ল'ব পাৰো ডাৱৰৰ লুকা-ভাকুৰ প্ৰকৃত মাদকতা।

কিন্তু বিমানৰ প্ৰকৃত মাদকতা আকাশত লোৱাৰ পৰিৱৰ্তে যদি ৰাজপথ ল’বলগীয়া হ’ল বুলি কওঁ, তেনেহ’লে কথাটো শুনি আপোনাৰো আচহুৱা লাগিব। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও তেনে এক ঘটনাই সংঘটিত হ'ল ভাৰতত। ঘটনাটো সংঘটিত হৈছে হৈছে দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰ নেচনেল্ এয়াৰপ’ৰ্টৰ সমীপতে। য’ত ৪০ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’ ক্লিপত দেখা পোৱা গৈছে যে, দিল্লী-গুৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়াৰ ইণ্ডিয়াৰ এখন বিমান অভাৰব্ৰীজ তলত অৱতৰণ কৰা দেখা পোৱা গৈছে, আৰু বিমানখনৰ কাষেদি বাহনসমূহ পাৰ হৈ যোৱা দেখা পোৱা গৈছে। ইফালে এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে, এই ঘটনাটো কোনো দুৰ্ঘটনা নহয় আৰু বিমানখন এখন পুৰণা বিমান আৰু এয়াৰ ইণ্ডিয়াৰ পৰা ক্ৰয় কৰিছিল এজন নতুন ক্ৰেতাই আৰু পাইলটৰ সামান্য অসাৱধানতাৰ বাবে এই কাণ্ড সংঘটিত হোৱা বুলি বিমান কৰ্তৃপক্ষই জনায়। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰিয়েক্ট, চেয়াৰে ভৰাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক