--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক য়’ য়’ হানী সিঙৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। শেহতীয়াকৈ দিল্লীৰ এখন আদালতত পত্নী শালিনী তলৱাৰৰ সৈতে ১ কোটি টকাৰ সাহায্যমূলক পুজিঁৰ বিনিময়ত বিবাহ বিচ্ছেদ হয় হানী সিঙৰ। পত্নী শালিনীয়ে হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু মানসিক শোষণৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। ২০২১ৰ ৩ছেপ্তেম্বৰৰ পৰা ইয়াৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছিল। 

পত্নী শালিনী তালৱাৰে যোৱা বছৰ দিল্লীৰ তিছ হাজাৰী আদালতত হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু আন মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ককে ধৰি কেইবাটাও গুৰুতৰ অভিযোগত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। হানী সিঙৰ পৰা বিবাহ বিচ্ছেদৰ বাবে ১০ কোটি টকাৰ দাবী কৰিছিল শালিনীয়ে কিন্তু এতিয়া এক কোটি টকাৰ ওপৰত দুয়োৰে মাজত এক নিষ্পত্তি হৈছে। এতিয়া আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছে হানী সিং আৰু শালিনীৰ। দিল্লীৰ সাকেত জিলা আদালতৰ পৰিয়াল আদালতত হানী সিঙে ১ কোটি টকাৰ চেক এখন ছীল কৰা খামত অৰ্পণ কৰে শলিনী তালৱাৰক।
উল্লেখ্য যে, এই বিবাহ বিচ্ছেদক লৈ পৰৱৰ্তী শুনানি হ’ব ২০২৩ৰ ২০মাৰ্চত।

শালিনী তালৱাৰে কৰা অভিযোগৰ পাছত হানি সিঙে ২০২১ চনৰ ৬ আগষ্টত ছ’চিয়েল মিডিয়াত এটা পষ্ট শ্বেয়াৰ কৰিছিল। য’ত তেওঁ এই অভিযোগসমূহ তীব্ৰভাৱে অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে ''মোৰ আৰু মোৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন হোৱাটো অতি দুখৰ বিষয়। এই অভিযোগবোৰে মোক বহুত আমনি কৰিছে। মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি নিন্দনীয় আৰু এইবোৰ মোক হাৰাশাস্তি কৰাৰ বাবে কৰা হৈছে।''

২০১১ চনত হানি সিং আৰু শালিনী তালৱাৰ বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে প্ৰেম কাহিনী স্কুলৰ পৰাই আৰম্ভ হৈছিল। ২০ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। বিবাহৰ ১০ বছৰ পাছত হানি সিং আৰু শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু