--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় গায়ক য়’ য়’ হানী সিঙৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। শেহতীয়াকৈ দিল্লীৰ এখন আদালতত পত্নী শালিনী তলৱাৰৰ সৈতে ১ কোটি টকাৰ সাহায্যমূলক পুজিঁৰ বিনিময়ত বিবাহ বিচ্ছেদ হয় হানী সিঙৰ। পত্নী শালিনীয়ে হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু মানসিক শোষণৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। ২০২১ৰ ৩ছেপ্তেম্বৰৰ পৰা ইয়াৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছিল। 

পত্নী শালিনী তালৱাৰে যোৱা বছৰ দিল্লীৰ তিছ হাজাৰী আদালতত হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু আন মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ককে ধৰি কেইবাটাও গুৰুতৰ অভিযোগত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। হানী সিঙৰ পৰা বিবাহ বিচ্ছেদৰ বাবে ১০ কোটি টকাৰ দাবী কৰিছিল শালিনীয়ে কিন্তু এতিয়া এক কোটি টকাৰ ওপৰত দুয়োৰে মাজত এক নিষ্পত্তি হৈছে। এতিয়া আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছে হানী সিং আৰু শালিনীৰ। দিল্লীৰ সাকেত জিলা আদালতৰ পৰিয়াল আদালতত হানী সিঙে ১ কোটি টকাৰ চেক এখন ছীল কৰা খামত অৰ্পণ কৰে শলিনী তালৱাৰক।
উল্লেখ্য যে, এই বিবাহ বিচ্ছেদক লৈ পৰৱৰ্তী শুনানি হ’ব ২০২৩ৰ ২০মাৰ্চত।

শালিনী তালৱাৰে কৰা অভিযোগৰ পাছত হানি সিঙে ২০২১ চনৰ ৬ আগষ্টত ছ’চিয়েল মিডিয়াত এটা পষ্ট শ্বেয়াৰ কৰিছিল। য’ত তেওঁ এই অভিযোগসমূহ তীব্ৰভাৱে অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে ''মোৰ আৰু মোৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন হোৱাটো অতি দুখৰ বিষয়। এই অভিযোগবোৰে মোক বহুত আমনি কৰিছে। মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি নিন্দনীয় আৰু এইবোৰ মোক হাৰাশাস্তি কৰাৰ বাবে কৰা হৈছে।''

২০১১ চনত হানি সিং আৰু শালিনী তালৱাৰ বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে প্ৰেম কাহিনী স্কুলৰ পৰাই আৰম্ভ হৈছিল। ২০ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। বিবাহৰ ১০ বছৰ পাছত হানি সিং আৰু শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী