--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ গ্লেমাৰৰ জগতখনত ছ’চিয়েল মিডিয়াত বচ্চন পৰিয়ালক লৈ চৰ্চাৰ অন্ত নপৰে। বচ্চন পৰিয়ালৰ বোৱাৰী হ'ব বুলি চৰ্চাত থকা এগৰাকী অভিনেত্ৰী হ'ল ৰাণী মুখাৰ্জী। আমাৰ মাজৰ বহুতেই জানে যে ৰাণী মুখাৰ্জী বচ্চন পৰিয়ালৰ কইনা হোৱাৰ কথা আছিল। কিন্তু কিয় নহ'ল জানো আহক।

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। তেওঁ উপহাৰ দিছে ইখনৰ পাছত সিখন ছুপাৰহিট চিনেমা। অভিনয়ৰ বাবেই বলীউড জগতত নিজৰ নাম উজলাবলৈ বেছি সময় নালাগিল ৰাণীৰ। মাজতে ৰাণী মুখাৰ্জীৰ সৈতে অভিষেক বচ্চনৰ সম্পৰ্ক থকাৰ কথা শুনা গৈছিল। আনকি তেওঁলোকৰ সম্পৰ্ক বিবাহলৈকেও আগবাঢ়িছিল কিন্তু অভিষেক বচ্চনৰ মাতৃ জয়া বচ্চনৰ আপত্তিৰ বাবে তেওঁলোকৰ সম্পৰ্ক সফল নহ’ল।

প্ৰথমতে বচ্চন পৰিয়ালৰ সকলোৱে অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জীৰ বিবাহত সন্মতি দিছিল। কিন্তু শেষত জয়া বচ্চনে বাধা দিলে। তেওঁ নিবিচাৰিছিল যে ৰাণী মুখাৰ্জী তেওঁৰ পৰিয়ালৰ বোৱাৰী হওক। ইয়াৰ একমাত্ৰ কাৰণটো আছিল ৰাণী মুখাৰ্জীয়ে এখন চিনেমাত অমিতাভ বচ্চনৰ সৈতে ৰোমান্টিক আৰু অন্তৰংগ দৃশ্যত অভিনয় কৰিছিল। সেইবাবেই জয়া বচ্চনে ৰাণী মুখাৰ্জীক পৰিয়ালৰ বোৱাৰী হোৱাটো বিচৰা নাছিল।

ফলত ৰাণী মুখাৰ্জীয়ে ইচ্ছা কৰিলেও বচ্চন পৰিয়ালৰ বোৱাৰী হ’ব নোৱাৰিলে। জয়াৰ বাবেই সম্পৰ্কটো শেষ কৰিব লগা হৈছিল অভিষেক আৰু ৰাণীয়ে। অৱশেষত অভিষেকে ঐশ্বৰ্যৰ লগত বিয়া পাতিলে। আনহাতে ৰাণী মুখাৰ্জীৰ বিয়া হয় আদিত্য চোপ্ৰাৰ সৈতে। দুয়োজনেই এতিয়া নিজৰ পৰিয়ালৰ সৈতে অতি সুখী। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক