--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ গ্লেমাৰৰ জগতখনত ছ’চিয়েল মিডিয়াত বচ্চন পৰিয়ালক লৈ চৰ্চাৰ অন্ত নপৰে। বচ্চন পৰিয়ালৰ বোৱাৰী হ'ব বুলি চৰ্চাত থকা এগৰাকী অভিনেত্ৰী হ'ল ৰাণী মুখাৰ্জী। আমাৰ মাজৰ বহুতেই জানে যে ৰাণী মুখাৰ্জী বচ্চন পৰিয়ালৰ কইনা হোৱাৰ কথা আছিল। কিন্তু কিয় নহ'ল জানো আহক।

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী। তেওঁ উপহাৰ দিছে ইখনৰ পাছত সিখন ছুপাৰহিট চিনেমা। অভিনয়ৰ বাবেই বলীউড জগতত নিজৰ নাম উজলাবলৈ বেছি সময় নালাগিল ৰাণীৰ। মাজতে ৰাণী মুখাৰ্জীৰ সৈতে অভিষেক বচ্চনৰ সম্পৰ্ক থকাৰ কথা শুনা গৈছিল। আনকি তেওঁলোকৰ সম্পৰ্ক বিবাহলৈকেও আগবাঢ়িছিল কিন্তু অভিষেক বচ্চনৰ মাতৃ জয়া বচ্চনৰ আপত্তিৰ বাবে তেওঁলোকৰ সম্পৰ্ক সফল নহ’ল।

প্ৰথমতে বচ্চন পৰিয়ালৰ সকলোৱে অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জীৰ বিবাহত সন্মতি দিছিল। কিন্তু শেষত জয়া বচ্চনে বাধা দিলে। তেওঁ নিবিচাৰিছিল যে ৰাণী মুখাৰ্জী তেওঁৰ পৰিয়ালৰ বোৱাৰী হওক। ইয়াৰ একমাত্ৰ কাৰণটো আছিল ৰাণী মুখাৰ্জীয়ে এখন চিনেমাত অমিতাভ বচ্চনৰ সৈতে ৰোমান্টিক আৰু অন্তৰংগ দৃশ্যত অভিনয় কৰিছিল। সেইবাবেই জয়া বচ্চনে ৰাণী মুখাৰ্জীক পৰিয়ালৰ বোৱাৰী হোৱাটো বিচৰা নাছিল।

ফলত ৰাণী মুখাৰ্জীয়ে ইচ্ছা কৰিলেও বচ্চন পৰিয়ালৰ বোৱাৰী হ’ব নোৱাৰিলে। জয়াৰ বাবেই সম্পৰ্কটো শেষ কৰিব লগা হৈছিল অভিষেক আৰু ৰাণীয়ে। অৱশেষত অভিষেকে ঐশ্বৰ্যৰ লগত বিয়া পাতিলে। আনহাতে ৰাণী মুখাৰ্জীৰ বিয়া হয় আদিত্য চোপ্ৰাৰ সৈতে। দুয়োজনেই এতিয়া নিজৰ পৰিয়ালৰ সৈতে অতি সুখী। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু