--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ নাম উৰ্ফি জাৱেদ। ছ’চিয়েল মিডিয়াত প্ৰায়ে চৰ্চাৰ বিষয় হৈ থাকে উৰ্ফী। এইবাৰ উৰ্ফি জাৱেদে প্ৰবীণ তথা প্ৰখ্যাত অভিনেত্ৰী জয়া বচ্চনৰ ব্যৱহাৰক তীব্ৰ ভাষাৰে গৰিহণা দিবলৈ কুণ্ঠাবোধ নকৰা বাবে চৰ্চালৈ আহিছে। উৰ্ফীৰ জয়া বচ্চনক উদ্দেশ্যি কয় যে 'আপুনি বয়সস্থ আৰু প্ৰভাৱশালী হোৱাৰ বাবেই মানুহে আপোনাক সন্মান নকৰে, আপুনি তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিলেহে সন্মান পাব।'

প্ৰকৃততে ঘটনাটো কি আছিল জানো আহক। মুম্বাই ফেশ্বন উইকত অংশগ্ৰহণ কৰিবলৈ নাতিনীয়েক নব্য নভেলী নন্দাৰ সৈতে উপস্থিত হয় জয়া বচ্চন। তাতে পাপাৰাজী ব্যস্ত হৈ পৰিল জয়া আৰু নব্যাৰ ফটো তুলিবলৈ। জয়া বচ্চনে ঘটনাস্থলীত উপস্থিত থকা পাপাৰাজীসকলৰ সৈতে তুচ্ছ-তাচ্ছিল্যমূলক সুৰত কথা পাতি থকা দেখা যায়। ছ'চিয়েল মিডিয়াত জয়া বচ্চনৰ এই ভিডিঅ’ক সমালোচনা কৰা হৈছে। বহু নেটিজেনে জয়া বচ্চনৰ এনে অভৱ্য ব্যৱহাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

পাপাৰাজীৰ প্ৰতি জয়া বচ্চনে কৰা আচৰণ দেখি উৰ্ফি জাভেদৰ খং উঠে। ইনষ্টাষ্টৰীত ভিডিঅ’টো শ্বেয়াৰ কৰি উৰ্ফীয়ে লিখিছে, ''অনুগ্ৰহ কৰি সকলোৱে, অনুগ্ৰহ কৰি তেওঁৰ দৰে নহ'ব, সাৱধান হওক। কেমেৰাৰ সন্মুখতেই হওক বা পিছফালেই হওক। আপুনি বয়সস্থ আৰু প্ৰভাৱশালী হোৱাৰ বাবেই মানুহে আপোনাক সন্মান নকৰে, আপুনি তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিলেহে সন্মান পাব।'

অৱশ্যে এয়া জয়াই পাপাৰাজিক গালি-গালাজ কৰা ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ পাপাৰাজীৰ লগত বেয়া আচৰণ কৰা দেখা গৈছে অমিতাভ পত্নীক। উল্লেখ্য জয়া বচ্চনক পুনৰবাৰ ডাঙৰ পৰ্দাত দেখা যাব কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী’ত। ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং, আলিয়া ভাটে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু