--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ নাম উৰ্ফি জাৱেদ। ছ’চিয়েল মিডিয়াত প্ৰায়ে চৰ্চাৰ বিষয় হৈ থাকে উৰ্ফী। এইবাৰ উৰ্ফি জাৱেদে প্ৰবীণ তথা প্ৰখ্যাত অভিনেত্ৰী জয়া বচ্চনৰ ব্যৱহাৰক তীব্ৰ ভাষাৰে গৰিহণা দিবলৈ কুণ্ঠাবোধ নকৰা বাবে চৰ্চালৈ আহিছে। উৰ্ফীৰ জয়া বচ্চনক উদ্দেশ্যি কয় যে 'আপুনি বয়সস্থ আৰু প্ৰভাৱশালী হোৱাৰ বাবেই মানুহে আপোনাক সন্মান নকৰে, আপুনি তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিলেহে সন্মান পাব।'

প্ৰকৃততে ঘটনাটো কি আছিল জানো আহক। মুম্বাই ফেশ্বন উইকত অংশগ্ৰহণ কৰিবলৈ নাতিনীয়েক নব্য নভেলী নন্দাৰ সৈতে উপস্থিত হয় জয়া বচ্চন। তাতে পাপাৰাজী ব্যস্ত হৈ পৰিল জয়া আৰু নব্যাৰ ফটো তুলিবলৈ। জয়া বচ্চনে ঘটনাস্থলীত উপস্থিত থকা পাপাৰাজীসকলৰ সৈতে তুচ্ছ-তাচ্ছিল্যমূলক সুৰত কথা পাতি থকা দেখা যায়। ছ'চিয়েল মিডিয়াত জয়া বচ্চনৰ এই ভিডিঅ’ক সমালোচনা কৰা হৈছে। বহু নেটিজেনে জয়া বচ্চনৰ এনে অভৱ্য ব্যৱহাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

পাপাৰাজীৰ প্ৰতি জয়া বচ্চনে কৰা আচৰণ দেখি উৰ্ফি জাভেদৰ খং উঠে। ইনষ্টাষ্টৰীত ভিডিঅ’টো শ্বেয়াৰ কৰি উৰ্ফীয়ে লিখিছে, ''অনুগ্ৰহ কৰি সকলোৱে, অনুগ্ৰহ কৰি তেওঁৰ দৰে নহ'ব, সাৱধান হওক। কেমেৰাৰ সন্মুখতেই হওক বা পিছফালেই হওক। আপুনি বয়সস্থ আৰু প্ৰভাৱশালী হোৱাৰ বাবেই মানুহে আপোনাক সন্মান নকৰে, আপুনি তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিলেহে সন্মান পাব।'

অৱশ্যে এয়া জয়াই পাপাৰাজিক গালি-গালাজ কৰা ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ পাপাৰাজীৰ লগত বেয়া আচৰণ কৰা দেখা গৈছে অমিতাভ পত্নীক। উল্লেখ্য জয়া বচ্চনক পুনৰবাৰ ডাঙৰ পৰ্দাত দেখা যাব কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী’ত। ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং, আলিয়া ভাটে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক