--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ টি-২০ বিশ্বকাপৰ ছেমিত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলিয়ে ৫৩টা বলত অপৰাজিত ৮২ ৰান সংগ্ৰহ কৰি ভাৰতক জয়লাভ কৰোৱাই। সেই মেচখনত হেৰিছ ৰুফৰ বিৰুদ্ধে মৰা কোহলিৰ ছয়ক বহুতে ‘শ্বট অৱ দ্য চেঞ্চুৰী’ বুলি অভিহিত কৰিছে। সেই মেচখনত তেওঁ আন কিছুমানো ডাঙৰ ডাঙৰ শ্বট খেলিছিল।

কোহলীয়ে ছয় মৰা সেই শ্বটটোৰ বিষয় মুখ খুলিলে। কয়, ‘মই মোৰ কৌশল আৰু দক্ষতাৰে বহুত অনুশীলন কৰিছিলো। যদি কৌশল ঠিক থাকে তেন্তে মই মেচখন জয়ী হ’ব পাৰিম বুলি বিশ্বাস থাকে। যদি মই এনেকৈ খেলিব পাৰো তেন্তে নিশ্চিতভাৱে অনুভৱ কৰিম যে মই উন্নতি কৰিছো। বহু লোক এই উন্নতিৰ বিষয়ে অৱগত নহয়।”

সেই উন্নতি কেনেকৈ হয় সেই কথাও বুজাই দিলে কোহলীয়ে। কয়, ‘মই ভাবো যে মেচখন জয় কৰিবলৈ মই কি কৰিব পাৰো সেই কথা ভবাটোৱেই হৈছে উন্নতি। বহুতে নাজানে যে কাৰিকৰীভাৱে ভাল হ’বলৈ অনুশীলনৰ প্ৰয়োজন নাই। নতুন শ্বট উদ্ভাৱন কৰাৰ প্ৰয়োজন। আপুনি কিমান ডাঙৰ বেটছমেন সেইটো নিৰ্ভৰ কৰে আপুনি দলৰ হৈ কেনেকৈ ৰান সংগ্ৰহ কৰি মেচখন জয়ী কৰিব পাৰে তাৰ ওপৰত। সকলো কাম সঠিকভাৱে কৰি দলটো জয় কৰিব পাৰিলে ইয়াতকৈ ডাঙৰ প্ৰেৰণা নাই।”

ৰাউফক আঘাত কৰা ছয়টাৰ বিষয়ে কোহলীয়ে কয়, ‘মই সেই শ্বটটো বহুবাৰ দেখিছো। ক্ৰীজত থকা এনেকুৱা সৰু সৰু কথাবোৰেই মোৰ বাবে ইমান মিঠা। এই মুহূৰ্তটো সকলোৱে মনত পেলাব বিচাৰে। কাৰণ বাৰে বাৰে দেখা পোৱা নাযায়। এই মুহূৰ্তবোৰ মোৰ বাবে বৰ নষ্টালজিক। সেইদিনা সেই শ্বটটো কেনেকৈ খেলিছিলো মই এতিয়াও নাজানো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক