--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টীম ইণ্ডিয়াই ৰচিলে নতুন অভিলেখ৷ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সবাতোকৈ অধিক মেচত জয়ী হোৱাৰ অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই। 

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ মেচখনত জয়ী হৈ এই অভিলেখ গঢ়ে টীম ইণ্ডিয়াই। কালি ৰায়পুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪ৰ্থ টি-২০ মেচত ভাগ লৈছিল ভাৰতীয় ক্ৰিকেট দলটোৱে।

এই মেচত ২০ ৰাণত ভাৰতে জয়লাভ কৰি শৃংখলা দখল কৰে। ইয়াৰ লগতে সৰ্বাধিক মেচত জয়ী হোৱাৰ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয়। ভাৰতীয় দলে এতিয়ালৈকে ২১৩খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। ভাৰতে এতিয়ালৈকে জয়লাভ কৰিছে ১৩৬খন টি-২০ মেচ। 

ইয়াৰ বিপৰীতে পৰাজিত হৈছে ৬৭খন মেচত। আনহাতে, এখন মেচ ‘টাই’ হৈছিল। ভাৰতৰ জয়ৰ হাৰ ৬৩ দশমিক ৮৪ শতাংশ। 

পূৰ্বে সৰ্বাধিক টি-২০ মেচত জয়ী হোৱাৰ অভিলেখ আছিল পাকিস্তানৰ। পাকিস্তানে এতিয়ালৈকে জয়লাভ কৰিছে ১৩৫খন টি-২০। পাকিস্তানে এতিয়ালৈকে খেলিছে ২২৬খন টি-২০ মেচ। 

আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত সৰ্বাধিক জয়ৰ তৃতীয় স্থানত আছে নিউজিলেণ্ড। নিউজিলেণ্ডে ২০০খন মেচ খেলি ১০২খন মেচত জয়ী হৈছে। 

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ৯৫খনকৈ মেচত জয়ী হৈছে। অষ্ট্ৰেলিয়াই খেলিছে ১৮১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ। ইপিনে, দক্ষিণ আফ্ৰিকাই খেলিছে ১৭১খন মেচ। 

টীম ইণ্ডিয়া দেওবাৰে পুনৰ অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। চলিত ৫খনীয়া শৃংখলাৰ অন্তিমখন মেচ দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক