--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টীম ইণ্ডিয়াই ৰচিলে নতুন অভিলেখ৷ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সবাতোকৈ অধিক মেচত জয়ী হোৱাৰ অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই। 

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ মেচখনত জয়ী হৈ এই অভিলেখ গঢ়ে টীম ইণ্ডিয়াই। কালি ৰায়পুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪ৰ্থ টি-২০ মেচত ভাগ লৈছিল ভাৰতীয় ক্ৰিকেট দলটোৱে।

এই মেচত ২০ ৰাণত ভাৰতে জয়লাভ কৰি শৃংখলা দখল কৰে। ইয়াৰ লগতে সৰ্বাধিক মেচত জয়ী হোৱাৰ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয়। ভাৰতীয় দলে এতিয়ালৈকে ২১৩খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। ভাৰতে এতিয়ালৈকে জয়লাভ কৰিছে ১৩৬খন টি-২০ মেচ। 

ইয়াৰ বিপৰীতে পৰাজিত হৈছে ৬৭খন মেচত। আনহাতে, এখন মেচ ‘টাই’ হৈছিল। ভাৰতৰ জয়ৰ হাৰ ৬৩ দশমিক ৮৪ শতাংশ। 

পূৰ্বে সৰ্বাধিক টি-২০ মেচত জয়ী হোৱাৰ অভিলেখ আছিল পাকিস্তানৰ। পাকিস্তানে এতিয়ালৈকে জয়লাভ কৰিছে ১৩৫খন টি-২০। পাকিস্তানে এতিয়ালৈকে খেলিছে ২২৬খন টি-২০ মেচ। 

আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত সৰ্বাধিক জয়ৰ তৃতীয় স্থানত আছে নিউজিলেণ্ড। নিউজিলেণ্ডে ২০০খন মেচ খেলি ১০২খন মেচত জয়ী হৈছে। 

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ৯৫খনকৈ মেচত জয়ী হৈছে। অষ্ট্ৰেলিয়াই খেলিছে ১৮১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ। ইপিনে, দক্ষিণ আফ্ৰিকাই খেলিছে ১৭১খন মেচ। 

টীম ইণ্ডিয়া দেওবাৰে পুনৰ অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। চলিত ৫খনীয়া শৃংখলাৰ অন্তিমখন মেচ দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক