--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বাংলাদেশে দ্বিতীয় স্থান লাভ কৰে। শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিলে পাকিস্তানে। এই প্ৰতিযোগিতাৰ ফাইনেল হ’ব ২০২৫ চনত। প্ৰথম আৰু দ্বিতীয় স্থানৰ দলৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল। সকলো দলৰে এতিয়াও বহু টেষ্ট বাকী আছে। দক্ষিণ আফ্ৰিকাই এতিয়াও টেষ্ট খেলা নাই। গতিকে সকলো হিচাপ দুবছৰৰ পিছত সলনি হ’ব পাৰে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্টৰ ওপৰত নহয়, পইণ্ট শতাংশৰ ওপৰতহে যুঁজ দিয়া হয়। অৰ্থাৎ এটা দলে পোৱা মুঠ পইণ্টৰ শতাংশৰ ওপৰত ভিত্তি কৰি লীগৰ তালিকা নিৰ্ধাৰণ কৰা হয়। এখন মেচত জয়ী হ’লে ১২ পইণ্ট পোৱা যায়। ড্ৰ’ হ’লে ৪ পইণ্ট পোৱা যায়। হেৰুৱালে কোনো পইণ্ট নাই। এই পৰ্যন্ত পাকিস্তানে দুখন মেচ খেলিছে। দুয়ো জয়ী হয়। বাংলাদেশে এটা খেলি এটাত জয়ী হয়। দুয়োটা দলৰ বাবে ১০০ শতাংশ পইণ্ট। গতিকে এই দুটা দল এক আৰু দুটা নম্বৰ। অধিক পইণ্টৰ বাবেই শীৰ্ষত আছে পাকিস্তান।

তিনি নম্বৰত আছে ভাৰত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট খেলিছিল। এটা জয়ী হৈছিল আৰু আনটো ড্ৰ’ হৈছিল। ভাৰতৰ ৬৬.৬৭ শতাংশ পইণ্ট। চতুৰ্থ স্থানত থকা অষ্ট্ৰেলিয়াই লাভ কৰে ৩০ শতাংশ পইণ্ট। পাঁচখন খেলৰ এছেছত ইংলেণ্ডৰ বিৰুদ্ধে দুখন জয়, এখন ড্র আৰু দুখন পৰাজয়৷ কিন্তু তেওঁলোকে ১০ পইণ্টৰ পেনাল্টি পায়। ফলত পোৱা পইণ্টৰ পৰা ১০ পইণ্ট কৰ্তন কৰা হয়।

আনহাতে ইংলেণ্ডে ১৯ পইণ্ট হেৰুৱাইছে। ষষ্ঠ স্থানত (১৫ শতাংশ পইণ্ট)। পঞ্চম স্থানত আছে ৱেষ্ট ইণ্ডিজ (১৬.৬৭ শতাংশ পইণ্ট)। শ্ৰীলংকা আৰু নিউজিলেণ্ডে এতিয়ালৈকে কোনো পইণ্ট পোৱা নাই। দক্ষিণ আফ্ৰিকাই এতিয়াও টেষ্ট খেলা নাই।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নিয়ম অনুসৰি প্ৰতিটো দলে ঘৰুৱা ক্ষেত্ৰত তিনিখন টেষ্ট শৃংখলা আৰু বিদেশত তিনিখন টেষ্ট খেল খেলিব। ইতিমধ্যে ভাৰতে বিদেশৰ মাটিত এখন ছিৰিজ খেলিছে। অহা মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। সেই দেশতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক