--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বাংলাদেশে দ্বিতীয় স্থান লাভ কৰে। শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিলে পাকিস্তানে। এই প্ৰতিযোগিতাৰ ফাইনেল হ’ব ২০২৫ চনত। প্ৰথম আৰু দ্বিতীয় স্থানৰ দলৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল। সকলো দলৰে এতিয়াও বহু টেষ্ট বাকী আছে। দক্ষিণ আফ্ৰিকাই এতিয়াও টেষ্ট খেলা নাই। গতিকে সকলো হিচাপ দুবছৰৰ পিছত সলনি হ’ব পাৰে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্টৰ ওপৰত নহয়, পইণ্ট শতাংশৰ ওপৰতহে যুঁজ দিয়া হয়। অৰ্থাৎ এটা দলে পোৱা মুঠ পইণ্টৰ শতাংশৰ ওপৰত ভিত্তি কৰি লীগৰ তালিকা নিৰ্ধাৰণ কৰা হয়। এখন মেচত জয়ী হ’লে ১২ পইণ্ট পোৱা যায়। ড্ৰ’ হ’লে ৪ পইণ্ট পোৱা যায়। হেৰুৱালে কোনো পইণ্ট নাই। এই পৰ্যন্ত পাকিস্তানে দুখন মেচ খেলিছে। দুয়ো জয়ী হয়। বাংলাদেশে এটা খেলি এটাত জয়ী হয়। দুয়োটা দলৰ বাবে ১০০ শতাংশ পইণ্ট। গতিকে এই দুটা দল এক আৰু দুটা নম্বৰ। অধিক পইণ্টৰ বাবেই শীৰ্ষত আছে পাকিস্তান।

তিনি নম্বৰত আছে ভাৰত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট খেলিছিল। এটা জয়ী হৈছিল আৰু আনটো ড্ৰ’ হৈছিল। ভাৰতৰ ৬৬.৬৭ শতাংশ পইণ্ট। চতুৰ্থ স্থানত থকা অষ্ট্ৰেলিয়াই লাভ কৰে ৩০ শতাংশ পইণ্ট। পাঁচখন খেলৰ এছেছত ইংলেণ্ডৰ বিৰুদ্ধে দুখন জয়, এখন ড্র আৰু দুখন পৰাজয়৷ কিন্তু তেওঁলোকে ১০ পইণ্টৰ পেনাল্টি পায়। ফলত পোৱা পইণ্টৰ পৰা ১০ পইণ্ট কৰ্তন কৰা হয়।

আনহাতে ইংলেণ্ডে ১৯ পইণ্ট হেৰুৱাইছে। ষষ্ঠ স্থানত (১৫ শতাংশ পইণ্ট)। পঞ্চম স্থানত আছে ৱেষ্ট ইণ্ডিজ (১৬.৬৭ শতাংশ পইণ্ট)। শ্ৰীলংকা আৰু নিউজিলেণ্ডে এতিয়ালৈকে কোনো পইণ্ট পোৱা নাই। দক্ষিণ আফ্ৰিকাই এতিয়াও টেষ্ট খেলা নাই।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নিয়ম অনুসৰি প্ৰতিটো দলে ঘৰুৱা ক্ষেত্ৰত তিনিখন টেষ্ট শৃংখলা আৰু বিদেশত তিনিখন টেষ্ট খেল খেলিব। ইতিমধ্যে ভাৰতে বিদেশৰ মাটিত এখন ছিৰিজ খেলিছে। অহা মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। সেই দেশতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক