--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ট্ৰফীত ভৰি দিয়াৰ পিছত বিতৰ্কত লিপ্ত হৈছিল মিচেল মাৰ্ছ। ইয়াৰ পিছতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীক লৈ যথেষ্ট সমালোচনা হয়। সেই সমালোচনাৰ প্ৰত্যুত্তৰো দিছিল অলৰাউণ্ডাৰগৰাকীয়ে। এইবাৰ তেওঁ ভাৰত-অষ্ট্ৰেলিয়া টি-২০ ছিৰিজক লৈ আপত্তি কৰে। তেওঁ বিশ্বকাপ বিজয়ী সতীৰ্থসকলে একেলগে ঘৰলৈ উভতি যাব পৰা নাই বুলি আপত্তি কৰে।

অষ্ট্ৰেলিয়াৰ এটা ৰেডিঅ’ চেনেলৰ আগত মাৰ্ছে কয়, ‘বিশ্বকাপ জয় কৰাৰ পিছতো সতীৰ্থসকল ভাৰতত থাকি অহাটো নিষ্ঠুৰতাৰ দৰেই। অৱশ্যেই আমি এই কথাটোক সন্মান কৰা উচিত যে আমি অষ্ট্ৰেলিয়াৰ হৈ খেলিছো। ভাৰতৰ বিৰুদ্ধে খেল সকলোতকৈ ডাঙৰ। কিন্তু ইয়াৰ এটা মানৱীয় পক্ষও আছে।"

মাৰ্ছে লগতে কয়, ‘সকলো ক্ৰিকেটাৰে বিশ্বকাপ জিকি উঠিছে। কিছু সময়ৰ বাবে হ’লেও উদযাপন কৰাটো তেওঁলোকৰ অধিকাৰ। এই বিষয়ে চিন্তা কৰিব লাগিব যাতে পৰিয়ালৰ সৈতে মজা কৰিব পাৰে। আমি আগন্তুক দিনবোৰত মনত ৰাখিব লাগিব যাতে ডাঙৰ প্ৰতিযোগিতাখনৰ পিছত কোনো ছিৰিজ নহয়।"

অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী দলটোৰ ৭ গৰাকী খেলুৱৈ টি-২০ শৃংখলাত খেলিবলৈ ভাৰতত থাকিল। কিন্তু মাৰ্ছ ঘৰলৈ উভতিল। তৃতীয়খন খেলৰ অন্তত অষ্ট্ৰেলিয়ান দলৰ ছয়গৰাকী খেলুৱৈ ঘৰলৈ উভতি আহে। বাকী আছে মাথোঁ ট্ৰেভিছ হেড, যিয়ে কাৰ্যতঃ এককভাৱে ভাৰতক বিশ্বকাপৰ ফাইনেলত শতকৰে পৰাস্ত কৰিছিল।

প্ৰসংগক্ৰমে ট্রফীৰ স’তে বিতৰ্কিত ছবিখনৰ সন্দৰ্ভত ১১ দিনৰ পাছত ‘চেন ৰেডিঅ’ত দিয়া সাক্ষাৎকাৰত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে কয় যে, “বিশ্বকাপৰ ট্ৰফীক অসন্মান কৰাৰ মোৰ কোনো বাসনা নাই। সেই ছবিখনৰ বিষয়ে মই একো নাভাবিছিলো। কিন্তু শুনিছোঁ ছ’চিয়েল মিডিয়াত এই বিষয়ে বহুত চৰ্চা হৈছে। চচিয়েল মিডিয়া বেছি নাচাওঁ। বহুতে মোক কৈছে যে ছবিখন ভাইৰেল হৈছে। ইয়াতকৈ বেছি একো নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক