--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ট্ৰফীত ভৰি দিয়াৰ পিছত বিতৰ্কত লিপ্ত হৈছিল মিচেল মাৰ্ছ। ইয়াৰ পিছতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীক লৈ যথেষ্ট সমালোচনা হয়। সেই সমালোচনাৰ প্ৰত্যুত্তৰো দিছিল অলৰাউণ্ডাৰগৰাকীয়ে। এইবাৰ তেওঁ ভাৰত-অষ্ট্ৰেলিয়া টি-২০ ছিৰিজক লৈ আপত্তি কৰে। তেওঁ বিশ্বকাপ বিজয়ী সতীৰ্থসকলে একেলগে ঘৰলৈ উভতি যাব পৰা নাই বুলি আপত্তি কৰে।

অষ্ট্ৰেলিয়াৰ এটা ৰেডিঅ’ চেনেলৰ আগত মাৰ্ছে কয়, ‘বিশ্বকাপ জয় কৰাৰ পিছতো সতীৰ্থসকল ভাৰতত থাকি অহাটো নিষ্ঠুৰতাৰ দৰেই। অৱশ্যেই আমি এই কথাটোক সন্মান কৰা উচিত যে আমি অষ্ট্ৰেলিয়াৰ হৈ খেলিছো। ভাৰতৰ বিৰুদ্ধে খেল সকলোতকৈ ডাঙৰ। কিন্তু ইয়াৰ এটা মানৱীয় পক্ষও আছে।"

মাৰ্ছে লগতে কয়, ‘সকলো ক্ৰিকেটাৰে বিশ্বকাপ জিকি উঠিছে। কিছু সময়ৰ বাবে হ’লেও উদযাপন কৰাটো তেওঁলোকৰ অধিকাৰ। এই বিষয়ে চিন্তা কৰিব লাগিব যাতে পৰিয়ালৰ সৈতে মজা কৰিব পাৰে। আমি আগন্তুক দিনবোৰত মনত ৰাখিব লাগিব যাতে ডাঙৰ প্ৰতিযোগিতাখনৰ পিছত কোনো ছিৰিজ নহয়।"

অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী দলটোৰ ৭ গৰাকী খেলুৱৈ টি-২০ শৃংখলাত খেলিবলৈ ভাৰতত থাকিল। কিন্তু মাৰ্ছ ঘৰলৈ উভতিল। তৃতীয়খন খেলৰ অন্তত অষ্ট্ৰেলিয়ান দলৰ ছয়গৰাকী খেলুৱৈ ঘৰলৈ উভতি আহে। বাকী আছে মাথোঁ ট্ৰেভিছ হেড, যিয়ে কাৰ্যতঃ এককভাৱে ভাৰতক বিশ্বকাপৰ ফাইনেলত শতকৰে পৰাস্ত কৰিছিল।

প্ৰসংগক্ৰমে ট্রফীৰ স’তে বিতৰ্কিত ছবিখনৰ সন্দৰ্ভত ১১ দিনৰ পাছত ‘চেন ৰেডিঅ’ত দিয়া সাক্ষাৎকাৰত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে কয় যে, “বিশ্বকাপৰ ট্ৰফীক অসন্মান কৰাৰ মোৰ কোনো বাসনা নাই। সেই ছবিখনৰ বিষয়ে মই একো নাভাবিছিলো। কিন্তু শুনিছোঁ ছ’চিয়েল মিডিয়াত এই বিষয়ে বহুত চৰ্চা হৈছে। চচিয়েল মিডিয়া বেছি নাচাওঁ। বহুতে মোক কৈছে যে ছবিখন ভাইৰেল হৈছে। ইয়াতকৈ বেছি একো নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক