--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ প্ৰচাৰৰ পূৰ্বে আমিৰ খান আৰু কিৰণ ৰাৱে নিজৰ ছবি ‘লাপাটা লেডিজ’ৰ নাম সলনি কৰিছে। কিৰণ ৰাওৰ পৰিচালিত এই ছবিখনৰ নিৰ্মাতাসকলে মুকলি কৰিছে এখন নতুন পোষ্টাৰ, য’ত ছবিখনৰ নাম লিখা গৈছে ‘লষ্ট লেডিজ’। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত ছবিখনৰ প্ৰসাৰ আৰু আকৰ্ষণ বৃদ্ধিৰ বাবে ছবিখনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ছবিখনৰ নতুন পোষ্টাৰখন আমিৰ খান প্ৰডাকচন হাউছৰ অফিচিয়েল ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰা হৈছে। ইয়াৰ লগতে শেহতীয়াকৈ নিৰ্মাতাসকলে ‘লষ্ট লেডিজ’ নামৰ এটা ইনষ্টাগ্ৰাম পেজ তৈয়াৰ কৰিছে। নতুন পোষ্টাৰত দেখা গৈছে যে এই ছবিখন ভাৰতৰ পৰা শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শিতানত অস্কাৰ বঁটালৈ আনুষ্ঠানিক প্ৰৱেশ হিচাপে প্ৰেৰণ কৰা হৈছে।


মঙলবাৰে চেফ বিকাশ খান্নাই নিউয়ৰ্কত লষ্ট লেডিজ ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰে। ছ’চিয়েল মিডিয়াতো কিছু দৃশ্য শ্বেয়াৰ কৰি লিখিছে, ‘যেতিয়া প্ৰাৰ্থনা হৃদয়ৰ পৰা কৰা যায়, ‘জীত লো দুনিয়া’। অস্কাৰৰ প্ৰচাৰ অভিযানৰ অনুষ্ঠান এটা আয়োজন কৰাৰ সময়তো মোৰো একেধৰণৰ অনুভৱ হৈছিল। কিৰণ, আপুনি এজন প্ৰকৃত শিল্পী, যিয়ে এনে এখন আইকনিক ছবি নিৰ্মাণ কৰিছে।” পোষ্টটোত তেওঁ আমিৰ খানকো প্ৰশংসা কৰে।

লাপাটা লেডিজত মুখ্য চৰিত্ৰত দেখা গৈছে নিতাংশী গোয়াল, প্ৰতিভা ৰন্তা আৰু স্পৰ্শ শ্ৰীবাস্তৱক। তেওঁলোকৰ উপৰিও ছবিখনত ৰবি কিষাণ, ছয়া কদম, সতেন্দ্ৰ ছোনী, গীতা আগৰৱাল শৰ্মাৰ দৰে অভিনেতাও অভিনয় কৰিছে । চলিত বৰ্ষৰ ১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছিল এই ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ