--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দেশৰ পৰ্যটনৰ অন্যতম আকর্ষণৰ কেন্দ্ৰ গোৱা।

এতিয়া আইএফএফআই ২০২৪ত ডুব যাবলৈ সাজু বিশ্বৰ চলচ্চিত্ৰ জগত৷ অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱা পানাজীত অনুষ্ঠিত হ’ব ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪৷

আই এফ এফ আই ২০২৪ৰ বিষয়বস্তু - “যুৱ চলচ্চিত্ৰ নিৰ্মাতা’ – ভৱিষ্যত এতিয়া” ।সৃষ্টিশীলতাৰ দিশত ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ সম্ভাৱনাক স্বীকৃতি দিয়ে IFFI এ।।

উল্লেখ্য যে এইবাৰ গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া জনপ্ৰিয় ছবি স্বৰ্গৰথ। A M টেলিভিছনৰ হৈ ড° সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণৰ প্ৰযোজনা তথা ৰাজেশ ভূঞাৰ পৰিচালনাত মুক্তি লাভ কৰা 'স্বৰ্গৰথ' ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈছে। যি খৱৰ এতিয়া ছবিখনৰ কলা কুশলীৰ লগতে অসমীয়া চলচ্চিত্ৰজগতৰ বাবেই অতিকৈ গৌৰৱৰ বিষয়।

ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত আন দুখন অসমীয়া ছবি ক্ৰমে ড° ববী শৰ্মা বৰুৱাৰ 'ৰ'দৰ পখী' আৰু যদুমণি দত্তৰ জুইফুল। সকলো শিল্পী, কলা-কুশলীলৈ শুভেচ্ছা প্রাগ নিউজ পৰিয়ালৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু