--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত  স্থানীয় ভাষাৰ সংকট নামি অহা পৰিলক্ষিত হৈছে তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে তেওঁৰ চৰকাৰে  সৰলভাৱে আৰু ভাৰতীয় ভাষাত আইনৰ খচৰা প্ৰস্তুত কৰাৰ  প্ৰয়াস অব্যাহত ৰাখিছে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় অধিবক্তা  সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আইন ৰচনা  আৰু ন্যায়িক প্ৰক্ৰিয়াত ব্যৱহৃত ভাষাই ন্যায় নিশ্চিত কৰাত এক ডাঙৰ ভূমিকা পালন কৰে।

 মোদীয়ে কয় "আমি  ভাবি আছো যে আইন দুটা ধৰণে প্ৰস্তুত কৰা উচিত। এখন খচৰা সকলোৱে  অভ্যস্ত ভাষাত হ'ব,দ্বিতীয় খচৰাটো এনে এটা ভাষাত হ'ব যিটো দেশৰ সাধাৰণ মানুহে বুজিব পাৰে। যাতে তেওঁ আইনক নিজৰ বুলি বিবেচনা কৰিব পাৰে।" মোদীয়ে কয়  যে জটিল ধৰণে আইনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰথা পূৰ্বতে  আছিল। অধিবক্তাসকলক  প্ৰশংসা কৰি তেওঁ কয় যে ন্যায়পালিকা আৰু বাৰ দীৰ্ঘদিন ধৰি ভাৰতৰ ন্যায় ব্যৱস্থাৰ ৰক্ষক হৈ আহিছে আৰু তেওঁলোকে ভাৰতৰ স্বাধীনতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰ, জৱহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে লোকসকলো অধিবক্তা আছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। 

তেওঁ কয় যে এই সন্মিলন এনে এক সময়ত অনুষ্ঠিত  হৈছে যেতিয়া ভাৰতে কেইবাটাও ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ আছে। সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই মহিলাসকলৰ উন্নয়নক নতুন গতি আৰু শক্তি প্ৰদান কৰিব। তেওঁ জি-২০ সন্মিলন আৰু চন্দ্ৰযান অভিযানত ভাৰতৰ  সফলতাৰ কথাও উল্লেখ কৰে। । ২০৪৭ চনৰ ভিতৰত ভাৰতে এখন উন্নত দেশ হোৱাৰ লক্ষ্যত উপনীত হ’বলৈ  কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এক শক্তিশালী আৰু নিৰপেক্ষ ন্যায় ব্যৱস্থাৰ আধাৰৰ প্ৰয়োজন বুলিও মোদীয়ে কয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল