--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত  স্থানীয় ভাষাৰ সংকট নামি অহা পৰিলক্ষিত হৈছে তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে তেওঁৰ চৰকাৰে  সৰলভাৱে আৰু ভাৰতীয় ভাষাত আইনৰ খচৰা প্ৰস্তুত কৰাৰ  প্ৰয়াস অব্যাহত ৰাখিছে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় অধিবক্তা  সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আইন ৰচনা  আৰু ন্যায়িক প্ৰক্ৰিয়াত ব্যৱহৃত ভাষাই ন্যায় নিশ্চিত কৰাত এক ডাঙৰ ভূমিকা পালন কৰে।

 মোদীয়ে কয় "আমি  ভাবি আছো যে আইন দুটা ধৰণে প্ৰস্তুত কৰা উচিত। এখন খচৰা সকলোৱে  অভ্যস্ত ভাষাত হ'ব,দ্বিতীয় খচৰাটো এনে এটা ভাষাত হ'ব যিটো দেশৰ সাধাৰণ মানুহে বুজিব পাৰে। যাতে তেওঁ আইনক নিজৰ বুলি বিবেচনা কৰিব পাৰে।" মোদীয়ে কয়  যে জটিল ধৰণে আইনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰথা পূৰ্বতে  আছিল। অধিবক্তাসকলক  প্ৰশংসা কৰি তেওঁ কয় যে ন্যায়পালিকা আৰু বাৰ দীৰ্ঘদিন ধৰি ভাৰতৰ ন্যায় ব্যৱস্থাৰ ৰক্ষক হৈ আহিছে আৰু তেওঁলোকে ভাৰতৰ স্বাধীনতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰ, জৱহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে লোকসকলো অধিবক্তা আছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। 

তেওঁ কয় যে এই সন্মিলন এনে এক সময়ত অনুষ্ঠিত  হৈছে যেতিয়া ভাৰতে কেইবাটাও ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ আছে। সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই মহিলাসকলৰ উন্নয়নক নতুন গতি আৰু শক্তি প্ৰদান কৰিব। তেওঁ জি-২০ সন্মিলন আৰু চন্দ্ৰযান অভিযানত ভাৰতৰ  সফলতাৰ কথাও উল্লেখ কৰে। । ২০৪৭ চনৰ ভিতৰত ভাৰতে এখন উন্নত দেশ হোৱাৰ লক্ষ্যত উপনীত হ’বলৈ  কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এক শক্তিশালী আৰু নিৰপেক্ষ ন্যায় ব্যৱস্থাৰ আধাৰৰ প্ৰয়োজন বুলিও মোদীয়ে কয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা