--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে মহিলাসকলে  চুলি দীঘলকৈ ৰাখে। বহু পুৰুষেও অৱশ্যে চুলি দীঘলকৈ ৰাখি ভালপায়।পুৰুষৰ পনিটেল, জোপোহা দীঘল চুলিয়ে বহুতৰে দৃষ্টিও আকৰ্ষণ কৰি আহিছে।উত্তৰ প্ৰদেশৰ এজন কিশোৰে দীঘল চুলিৰ জড়িয়তেই গঢ়িছে বিশ্বাভিলেখ।  কিশোৰজন পৃথিৱীৰ আটাইতকৈ দীঘল চুলিৰ পুৰুষ হিচাবে  গিনীজ বুক অব ৱৰ্ল্ড  ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ  ১৫ বছৰীয়া শিখ  কিশোৰ চিদাকদীপ সিং চাহালে এই অভিলেখ গঢ়িছে। ধৰ্মীয় ৰীতি-নীতিৰ বাবে তেওঁ জন্মৰ পৰাই কেতিয়াও চুলি কাটি পোৱা নাই। ডেৰ দশকতকৈ অধিক কাল ধৰি বাঢ়ি অহা কিশোৰ জনৰ চুলি এতিয়া ৪ ফুট ৩ ইঞ্চি দীঘল হৈছে। 

কিশোৰ জনৰ এই অভিলেখৰ কথা উল্লেখ কৰি গিনীজ বুক  কৰ্তৃপক্ষই ইউটিউবত এটা ভিডিঅ' পোষ্ট কৰিছে। সেয়া ভাইৰেল হৈ পৰিছে। লৰা মানুহৰ ইমান দীঘল  চুলি দেখি সকলোৱে আচৰিত হৈ পৰিছে। 

কিশোৰজনে গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ  নাম অন্তৰ্ভুক্ত হোৱাত অত্যন্ত  সুখী।তেওঁ কয়  "মই এজন শিখ, আমাৰ ধৰ্মত চুলি ৰখাটো এটা নিয়ম। ইমান দীঘল চুলি পাবলৈ যথেষ্ট যত্ন ল’বলগীয়া হৈছে। মোৰ পৰিয়ালৰ সমৰ্থন অবিহনে এয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। মোৰ মায়ে সৰুৰে পৰাই মোৰ চুলিৰ যত্ন লৈ আহিছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল