--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে মহিলাসকলে  চুলি দীঘলকৈ ৰাখে। বহু পুৰুষেও অৱশ্যে চুলি দীঘলকৈ ৰাখি ভালপায়।পুৰুষৰ পনিটেল, জোপোহা দীঘল চুলিয়ে বহুতৰে দৃষ্টিও আকৰ্ষণ কৰি আহিছে।উত্তৰ প্ৰদেশৰ এজন কিশোৰে দীঘল চুলিৰ জড়িয়তেই গঢ়িছে বিশ্বাভিলেখ।  কিশোৰজন পৃথিৱীৰ আটাইতকৈ দীঘল চুলিৰ পুৰুষ হিচাবে  গিনীজ বুক অব ৱৰ্ল্ড  ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ  ১৫ বছৰীয়া শিখ  কিশোৰ চিদাকদীপ সিং চাহালে এই অভিলেখ গঢ়িছে। ধৰ্মীয় ৰীতি-নীতিৰ বাবে তেওঁ জন্মৰ পৰাই কেতিয়াও চুলি কাটি পোৱা নাই। ডেৰ দশকতকৈ অধিক কাল ধৰি বাঢ়ি অহা কিশোৰ জনৰ চুলি এতিয়া ৪ ফুট ৩ ইঞ্চি দীঘল হৈছে। 

কিশোৰ জনৰ এই অভিলেখৰ কথা উল্লেখ কৰি গিনীজ বুক  কৰ্তৃপক্ষই ইউটিউবত এটা ভিডিঅ' পোষ্ট কৰিছে। সেয়া ভাইৰেল হৈ পৰিছে। লৰা মানুহৰ ইমান দীঘল  চুলি দেখি সকলোৱে আচৰিত হৈ পৰিছে। 

কিশোৰজনে গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ  নাম অন্তৰ্ভুক্ত হোৱাত অত্যন্ত  সুখী।তেওঁ কয়  "মই এজন শিখ, আমাৰ ধৰ্মত চুলি ৰখাটো এটা নিয়ম। ইমান দীঘল চুলি পাবলৈ যথেষ্ট যত্ন ল’বলগীয়া হৈছে। মোৰ পৰিয়ালৰ সমৰ্থন অবিহনে এয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। মোৰ মায়ে সৰুৰে পৰাই মোৰ চুলিৰ যত্ন লৈ আহিছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা