--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীট ইউজি ২০২৪ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উঠি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে মঙলবাৰে  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA)ক নীট ইউজি ২০২৪ পৰীক্ষা অনুষ্ঠিত কৰাত ‘০.০০১% অৱহেলা’ হ’লেও  যাতে  সকলো বিষয় গুৰুত্বসহকাৰে চোৱা-চিতা কৰা হয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰে। 

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি ভট্টিৰ  বিচাৰপীঠে প্ৰশ্নকাকত ফাদিল আৰু একাংশ প্ৰাৰ্থীক দিয়া বিতৰ্কিত গ্ৰেচ নম্বৰ আদিৰ প্ৰসংগত  উদ্বেগ প্ৰকাশ  কৰি দাখিল কৰা ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰে। 

বিচাৰপীঠে বৰ্তমানৰ আবেদনখনক আন অনুৰূপ বিষয়সমূহৰ সৈতে টেগ কৰিছিল যিবোৰ ৮ জুলাইত তালিকাভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰ আৰু এন টি এক প্ৰতিনিধিত্ব কৰা অধিবক্তা কানু আগৰৱালা আৰু বৰ্ধমান কৌশিকক উদ্দেশ্য কৰি ন্যায়াধীশ ভট্টিয়ে  কয় "যদি কাৰোবাৰ ফালৰ পৰা ০.০০১%ও গাফিলতি থাকে, তেন্তে  ইয়াৰ  সম্পূৰ্ণ মোকাবিলা কৰা উচিত। এই সকলোবোৰ বিষয়ক বিৰোধীৰ বিষয়  হিচাপে গণ্য কৰা উচিত নহয়।"
ন্যায়াধীশ ভট্টিয়ে লগতে কয় যে পৰীক্ষাত প্ৰৱঞ্চনা কৰি চিকিৎসক হোৱা পৰীক্ষাৰ্থী সমাজৰ বাবে অধিক বিপজ্জনক।

 তেওঁ লগতে কয় যে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে যি কঠোৰ পৰিশ্ৰম কৰিছে তাৰ প্ৰতি বিচাৰকসকল সচেতন।শুনানিৰ সময়ত এনটিএক আদালতে কয় , ‘কল্পনা কৰক যে প্ৰৱঞ্চনা কৰি  চিকিৎসক হোৱা এজনে   শিশুক চিকিৎসা কৰি আছে আৰু তেওঁৰ উত্তীৰ্ণ সন্দৰ্ভত তদন্ত চলি আছে। ইয়াক আন কোনো পৰম্পৰাগত ক্ষেত্ৰৰ দৰে নাভাবিব। ভুল হ'লে স্বীকাৰ কৰক। কওক, হয় আমাৰ ফালৰ পৰা ভুল হৈছিল আৰু আমি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। তেতিয়া অন্ততঃ মানুহৰ আপোনালোকৰ ওপৰত বিশ্বাস অটুট থাকিব।”

ন্যায়াধীশ ভট্টিয়ে লগতে কয় যে এন টি এই  সক্ৰিয়ভাৱে কাম কৰিব লাগিব আৰু কিবা ভুল হ’লে স্বীকাৰ কৰিব লাগিব।বিচাৰপীঠে বিষয়টোক অন্যান্য বিচাৰাধীন আবেদনৰ সৈতে একেলগ  কৰি অধিবক্তাসকলক ৮ জুলাইত একেলগে নিজৰ তথ্য দাখিল কৰিবলৈ কয়। এন টি এ আৰু কেন্দ্ৰকো দুসপ্তাহৰ ভিতৰত এইক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ