--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীট ইউজি ২০২৪ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উঠি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে মঙলবাৰে  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA)ক নীট ইউজি ২০২৪ পৰীক্ষা অনুষ্ঠিত কৰাত ‘০.০০১% অৱহেলা’ হ’লেও  যাতে  সকলো বিষয় গুৰুত্বসহকাৰে চোৱা-চিতা কৰা হয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰে। 

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি ভট্টিৰ  বিচাৰপীঠে প্ৰশ্নকাকত ফাদিল আৰু একাংশ প্ৰাৰ্থীক দিয়া বিতৰ্কিত গ্ৰেচ নম্বৰ আদিৰ প্ৰসংগত  উদ্বেগ প্ৰকাশ  কৰি দাখিল কৰা ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰে। 

বিচাৰপীঠে বৰ্তমানৰ আবেদনখনক আন অনুৰূপ বিষয়সমূহৰ সৈতে টেগ কৰিছিল যিবোৰ ৮ জুলাইত তালিকাভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰ আৰু এন টি এক প্ৰতিনিধিত্ব কৰা অধিবক্তা কানু আগৰৱালা আৰু বৰ্ধমান কৌশিকক উদ্দেশ্য কৰি ন্যায়াধীশ ভট্টিয়ে  কয় "যদি কাৰোবাৰ ফালৰ পৰা ০.০০১%ও গাফিলতি থাকে, তেন্তে  ইয়াৰ  সম্পূৰ্ণ মোকাবিলা কৰা উচিত। এই সকলোবোৰ বিষয়ক বিৰোধীৰ বিষয়  হিচাপে গণ্য কৰা উচিত নহয়।"
ন্যায়াধীশ ভট্টিয়ে লগতে কয় যে পৰীক্ষাত প্ৰৱঞ্চনা কৰি চিকিৎসক হোৱা পৰীক্ষাৰ্থী সমাজৰ বাবে অধিক বিপজ্জনক।

 তেওঁ লগতে কয় যে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে যি কঠোৰ পৰিশ্ৰম কৰিছে তাৰ প্ৰতি বিচাৰকসকল সচেতন।শুনানিৰ সময়ত এনটিএক আদালতে কয় , ‘কল্পনা কৰক যে প্ৰৱঞ্চনা কৰি  চিকিৎসক হোৱা এজনে   শিশুক চিকিৎসা কৰি আছে আৰু তেওঁৰ উত্তীৰ্ণ সন্দৰ্ভত তদন্ত চলি আছে। ইয়াক আন কোনো পৰম্পৰাগত ক্ষেত্ৰৰ দৰে নাভাবিব। ভুল হ'লে স্বীকাৰ কৰক। কওক, হয় আমাৰ ফালৰ পৰা ভুল হৈছিল আৰু আমি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। তেতিয়া অন্ততঃ মানুহৰ আপোনালোকৰ ওপৰত বিশ্বাস অটুট থাকিব।”

ন্যায়াধীশ ভট্টিয়ে লগতে কয় যে এন টি এই  সক্ৰিয়ভাৱে কাম কৰিব লাগিব আৰু কিবা ভুল হ’লে স্বীকাৰ কৰিব লাগিব।বিচাৰপীঠে বিষয়টোক অন্যান্য বিচাৰাধীন আবেদনৰ সৈতে একেলগ  কৰি অধিবক্তাসকলক ৮ জুলাইত একেলগে নিজৰ তথ্য দাখিল কৰিবলৈ কয়। এন টি এ আৰু কেন্দ্ৰকো দুসপ্তাহৰ ভিতৰত এইক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু