--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওটছ বহুতৰে প্ৰিয় খাদ্য। ওটছৰ বহু খাদ্য গুণ আছে। বহুতে আজিকালি পুৱাৰ আহাৰত স্বাস্থ্যকৰ খাদ্যৰ  প্ৰতি মনোযোগ দিয়া আৰম্ভ কৰিছে। এনে পৰিস্থিতিত  বহুলোকে প্ৰ'টিন, আঁহ আৰু কেলচিয়াম সমৃদ্ধ ওটছ খাবলৈ ভালপায়। ওটছ সঁচাকৈয়ে উত্তম খাদ্য। কিন্তু ওটছ সকলোৰে বাবে উত্তম খাদ্য নহয়।  আপুনি জানেনে যে ওটছ খোৱাৰ ফলত  নানান শাৰীৰিক সমস্যা যেনে  হজমৰ সমস্যা, ৰক্ত শৰ্কৰা বৃদ্ধি আৰু বৃক্কৰ সমস্যাও হ'ব পাৰে। এইলেখাত  আমি আপোনাক কোনে  তেওঁলোকৰ আহাৰত ওটছ অন্তৰ্ভুক্ত কৰাৰ আগতে সাৱধান হোৱা উচিত আৰু ওটছে স্বাস্থ্যৰ কি ক্ষতি কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰাৰ চেষ্টা চলাইছো।

ওটছে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে
যদি আপুনি দৈনিক ওটছ খায় , তেন্তে জানিব যে ই আপোনাৰ  ৰক্ত শৰ্কৰাৰ স্তৰ  বৃদ্ধি পোৱাৰ  কাৰণ হ'ব পাৰে। ওটছত  জটিল কাৰ্বোহাইড্ৰেট থাকে, যি ডায়েবেটিচ ৰোগীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰিছে তেন্তে ওছট খালে আপোনাৰ ওজন সহজে হ্ৰাস নাপাবও পাৰে।  

  এলাৰ্জিৰ সমস্যা
নিয়মীয়াকৈ ওটছ খালে  ছাল সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। বহুতে ওটছ  খালে  এলাৰ্জিৰ প্ৰতিক্ৰিয়া হোৱা দেখা যায়। ফলত  ছালৰ চোকোৰা বন্ধা আৰু জ্বলা-পোৰা কৰাৰ  দৰে সমস্যা হ'ব পাৰে। বহু  ক্ষেত্ৰত ওটছ খোৱাৰ ফলত ছালত খজুৱতি, ৰঙা দাগ আদি হ'ব পাৰে।

বৃক্কৰ সমস্যা
বৃক্কৰ সমস্যাও ওটছ খোৱাৰ ফলত হ’ব পাৰে।  যিহেতু অত্যধিক ফছফৰাছ গ্ৰহণে  বৃক্কৰ  ঊতিসাধন কৰিব পাৰে। সেয়ে যিসকল লোকৰ বৃক্কৰ সমস্যা আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে ওটছ  গ্ৰহণ কৰিব নালাগে।

হজম শক্তি দুৰ্বল কৰে
যদি আপোনাৰ প্ৰায়ে পাচন তন্ত্ৰৰ  সমস্যা হৈ থাকে, তেনেহ'লে ওটছ খোৱাটো ভাল  নহয়। ওটছ  প্ৰাকৃতিকভাৱে গ্লুটেন-মুক্ত শস্য যেনে বাৰ্লি, ঘেঁহু আৰু ৰাইৰ দৰে একেধৰণে সংসাধিত কৰা হয়, যিয়ে চিলিয়াক ৰোগ বা নন-চিলিয়াক গ্লুটেন সংবেদনশীলতা থকা লোকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে  ইয়াত থকা উচ্চ আঁহে গেছ আৰু এচিডিটিৰ লগতে পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

সংসাধিত ওটছ
আজিকালি বজাৰত উপলব্ধ প্ৰায়ভাগ  ওটছ সংসাধিত কৰি  প্ৰস্তুত কৰা হয়। যিবোৰক  দীঘলীয়া সময়ৰ বাবে ভালে ৰাখিবলৈ বহু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ  মিহলি কৰা হয়। সেয়ে এনে ওটছৰ  দৈনিক ব্যৱহাৰে বহু স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement