--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওটছ বহুতৰে প্ৰিয় খাদ্য। ওটছৰ বহু খাদ্য গুণ আছে। বহুতে আজিকালি পুৱাৰ আহাৰত স্বাস্থ্যকৰ খাদ্যৰ  প্ৰতি মনোযোগ দিয়া আৰম্ভ কৰিছে। এনে পৰিস্থিতিত  বহুলোকে প্ৰ'টিন, আঁহ আৰু কেলচিয়াম সমৃদ্ধ ওটছ খাবলৈ ভালপায়। ওটছ সঁচাকৈয়ে উত্তম খাদ্য। কিন্তু ওটছ সকলোৰে বাবে উত্তম খাদ্য নহয়।  আপুনি জানেনে যে ওটছ খোৱাৰ ফলত  নানান শাৰীৰিক সমস্যা যেনে  হজমৰ সমস্যা, ৰক্ত শৰ্কৰা বৃদ্ধি আৰু বৃক্কৰ সমস্যাও হ'ব পাৰে। এইলেখাত  আমি আপোনাক কোনে  তেওঁলোকৰ আহাৰত ওটছ অন্তৰ্ভুক্ত কৰাৰ আগতে সাৱধান হোৱা উচিত আৰু ওটছে স্বাস্থ্যৰ কি ক্ষতি কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰাৰ চেষ্টা চলাইছো।

ওটছে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে
যদি আপুনি দৈনিক ওটছ খায় , তেন্তে জানিব যে ই আপোনাৰ  ৰক্ত শৰ্কৰাৰ স্তৰ  বৃদ্ধি পোৱাৰ  কাৰণ হ'ব পাৰে। ওটছত  জটিল কাৰ্বোহাইড্ৰেট থাকে, যি ডায়েবেটিচ ৰোগীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰিছে তেন্তে ওছট খালে আপোনাৰ ওজন সহজে হ্ৰাস নাপাবও পাৰে।  

  এলাৰ্জিৰ সমস্যা
নিয়মীয়াকৈ ওটছ খালে  ছাল সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। বহুতে ওটছ  খালে  এলাৰ্জিৰ প্ৰতিক্ৰিয়া হোৱা দেখা যায়। ফলত  ছালৰ চোকোৰা বন্ধা আৰু জ্বলা-পোৰা কৰাৰ  দৰে সমস্যা হ'ব পাৰে। বহু  ক্ষেত্ৰত ওটছ খোৱাৰ ফলত ছালত খজুৱতি, ৰঙা দাগ আদি হ'ব পাৰে।

বৃক্কৰ সমস্যা
বৃক্কৰ সমস্যাও ওটছ খোৱাৰ ফলত হ’ব পাৰে।  যিহেতু অত্যধিক ফছফৰাছ গ্ৰহণে  বৃক্কৰ  ঊতিসাধন কৰিব পাৰে। সেয়ে যিসকল লোকৰ বৃক্কৰ সমস্যা আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে ওটছ  গ্ৰহণ কৰিব নালাগে।

হজম শক্তি দুৰ্বল কৰে
যদি আপোনাৰ প্ৰায়ে পাচন তন্ত্ৰৰ  সমস্যা হৈ থাকে, তেনেহ'লে ওটছ খোৱাটো ভাল  নহয়। ওটছ  প্ৰাকৃতিকভাৱে গ্লুটেন-মুক্ত শস্য যেনে বাৰ্লি, ঘেঁহু আৰু ৰাইৰ দৰে একেধৰণে সংসাধিত কৰা হয়, যিয়ে চিলিয়াক ৰোগ বা নন-চিলিয়াক গ্লুটেন সংবেদনশীলতা থকা লোকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে  ইয়াত থকা উচ্চ আঁহে গেছ আৰু এচিডিটিৰ লগতে পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

সংসাধিত ওটছ
আজিকালি বজাৰত উপলব্ধ প্ৰায়ভাগ  ওটছ সংসাধিত কৰি  প্ৰস্তুত কৰা হয়। যিবোৰক  দীঘলীয়া সময়ৰ বাবে ভালে ৰাখিবলৈ বহু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ  মিহলি কৰা হয়। সেয়ে এনে ওটছৰ  দৈনিক ব্যৱহাৰে বহু স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক