--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিডনী হৈছে শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। যদি ই সঠিকভাৱে কাম নকৰে তেন্তে তেজ সঠিকভাৱে বিশুদ্ধ নহয়। ই শৰীৰৰ সকলো অংগতে প্ৰভাৱ পেলাব পাৰে।ক্ৰমান্বয়ে কিডনীৰ অৱনতি ঘটে। গতিকে বৃক্কৰ সমস্যাবোৰ আৰম্ভণিতে চিনাক্ত কৰিব লাগিব।

বহুতে হয়তো নাজানে যে কিডনীৰ সমস্যাৰ কিছুমান লক্ষণ মুখৰ ছালতো ধৰা পৰিব পাৰে। যদি এইবোৰ জনা যায় তেন্তে বৃক্কৰ সমস্যা আগতীয়াকৈ ধৰা পেলাব পাৰি। চিকিৎসক ৰিংকি কাপুৰে কিডনীৰ সমস্যা ধৰা পেলাবলৈ ছালৰ কি কিড়লক্ষণ চাবলৈ কয় জানো আহক- 

১) ছালৰ ৰং সলনি হোৱা: তেজ বিশুদ্ধ কৰাৰ বাবে বৃক্কৰ কাৰ্য্য। সেয়ে কিডনিয়ে ভালদৰে কাম নকৰিলে শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়। ই ছালৰ বিভিন্ন অংশৰ ৰং সলনি কৰে।

২) খজুৱতি: যদি কিডনি সঠিকভাৱে কাম নকৰে, তেতিয়া তেজ বিশুদ্ধ নহয়, তেন্তে ছালৰ তলত বিষাক্ত পদাৰ্থ জমা হয়। ফলত কিছুমান অংশত খজুৱতি হ’ব পাৰে। এনে হ’লে চিকিৎসকক জনাওক।

৩) ৰক্তক্ষৰণ: কেতিয়াবা ছালৰ তলত বিষাক্ত পদাৰ্থ জমা হৈ খজুৱতি, ছাল ফাটি যোৱা আৰু ৰক্তক্ষৰণ হয়। কিডনীৰ সমস্যাৰ বাবেও ইয়াৰ সৃষ্টি হয়। যিকোনো ক্ষেত্ৰতে চিকিৎসকৰ পৰামৰ্শ লওক।

৪) ডাৰ্ক স্পট বা হাইপাৰপিগমেণ্টেচনঃ কিডনীৰ সমস্যাৰ বাবেও হ’ব পাৰে। যদি কোনো কাৰণ নোহোৱাকৈ ছালত ক’লা দাগ থাকে তেন্তে নিশ্চিতভাৱে চিকিৎসকক জনাব।

৫) অত্যধিক শুকান ছাল বা জেৰ’ছিছঃ ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল বৃক্কৰ সমস্যা। কিয়নো বৃক্কৰ সমস্যাত ঘামগ্ৰন্থিয়ে ভালদৰে কাম নকৰে। ই ছালখন শুকান আৰু ফাটি যায়।

৬) ছালত ফোঁহা বা এলাৰ্জি: কিডনীৰ সমস্যাৰ বাবেও এনে হয়। ছালৰ তলত বিষাক্ত পদাৰ্থ জমা হোৱাৰ ফলত ইয়াৰ সৃষ্টি হয়। বিশেষকৈ ৰাতিৰ সময়ত এই সমস্যা বাঢ়ি যায়। তেনেকুৱা কিবা দেখা পালে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু