--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আধুনিকতাৰ ধামখুমীয়াত সময়ৰ লগত নিজকে খাপ খোৱাবলৈ মানুহবোৰো যান্ত্ৰিক হৈ পৰা দেখা যায়। আজিকালি প্ৰায় সকলোৱে দিনটোৰ বেছিভাগ সময় কামৰ বোজাৰে পাৰ কৰে। এনে ব্যস্ততাপূৰ্ণ জীৱনশৈলীত খোৱা-বোৱাকো বহুতে আওকাণ কৰা দেখা যায়। ফলত গেছ, বদহজম আদি বিভিন্ন সমস্যাই শেষত ভয়াৱহ ৰূপ ধাৰণ কৰে। বহু ক্ষেত্ৰত দেখা যায় যে মানুহে বাহিৰৰ খাদ্য গ্ৰহণ কৰাৰ ফলত শৰীৰৰ সৰ্বাধিক ক্ষতি হয়। কিন্তু এই যান্ত্ৰিক ব্যস্ততা আৰু মিশ্ৰিত খাদ্যৰ মাজতো আমি নিজকে কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি তথা বনৌষধি নিয়মিত ব্যৱহাৰ কৰি নিজকে সুস্থ, শক্তিশালী আৰু সতেজ কৰি ৰাখিব পাৰি জানো আহক।

 ১. হালধি আৰু গাখীৰঃ-গাখীৰৰ লগত হালধি মিহলাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ভাইৰাছৰ সংক্ৰমণৰ প্ৰৱণতা থকাসকলৰ বাবে হালধি আৰু গাখীৰ অতি উপকাৰী। সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে হালধি-গাখীৰ হৈছে উত্তম ঘৰুৱা উপায়। প্ৰতিদিনে পুৱা বা নিশা শোৱাৰ আগতে এগিলাচ গাখীৰৰ লগত হালধি মিহলাই খালে চৰ্দি আৰু কাহৰ পৰা উপশম পাব পাৰি। এন্টি-ভাইৰেল আৰু এন্টি-বেক্টেৰিয়েল গুণৰ বাবে হালধিয়ে বিভিন্ন ধৰণৰ ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

২. আমলখিঃ-পুৱা খালী পেটত আমলখি ৰস খাব পাৰে। কিন্তু এই ৰস খোৱাৰ পাছত ৪৫ মিনিটলৈকে কফি বা চাহ খাব নালাগে। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আয়ুৰ্বেদত কোৱা হৈছে যে নিয়মিতভাৱে আমলখি খালে আয়ুস বৃদ্ধি হয়। আমলখিৰ বহুতো ঔষধি গুণ আছে বিশেষকৈ যকৃৎ, পেটৰ সমস্যা, হজম আৰু কাহত আমালখি ৰস উপকাৰী। আমলখিত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, চৰ্দি হ্ৰাস কৰাৰ লগতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

৩. মেথিঃ-অতীজৰে পৰা মেথি ব্যৱহাৰ হৈ আহিছে। আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানতো মেথিৰ কথা উল্লেখ আছে। বহুতে মেথি তিয়াই থৈ পানী কোৱা দেখা যায়। কিন্তু অংকুৰিত মেথিৰ পানী অবিহনেও যিকোনো তৰকাৰীত মেথি দি খাব পাৰি। এইক্ষেত্ৰত মেথিয়ে ডায়েবেটিছ, কলেষ্টেৰল, ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪. পদিনাঃ-এই বনৌষধিৰ একাধিক উপকাৰিতা আছে। শৰীৰ সুস্থ কৰি ৰাখিবলৈ কিছুমান নিয়ম মানি পদিনা বা পদিনাৰ ৰস সেৱন কৰিব পাৰি। পদিনাৰ পাত ভালদৰে ধুই চোবাই খালে কোষ্ঠকাঠিন্য, বদহজম, মুখৰ দুৰ্গন্ধ, চৰ্দি-কাহত পৰিত্ৰাণ পাব পাৰি।

৫. আদাঃ-আদা বিভিন্ন ধৰণৰ তৰকাৰী আৰু চাহৰ লগত খাব পাৰি। আদাই চৰ্দিৰ লগতে বিভিন্ন ধৰণৰ ভাইৰাছ জ্বৰত থকা এন্টি অক্সিডেন্টৰ বাবে পেশীৰ বিষ বিভিন্ন ৰোগৰ পৰা উপশম দিয়ে। ইয়াৰ এন্টিচেপ্টিক আৰু এন্টিবেক্টেৰিয়েল গুণে শৰীৰক সতেজ কৰি ৰাখে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক