--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান যুৱপ্ৰজন্মৰ মাজত  বৃদ্ধি পাইছে  ইউৰিক এচিডৰ সমস্যা ৷ ইয়াৰ ফলত  ভৰিৰ তলুৱাত বিষে দেখা দিয়ে। ব্যস্ত জীৱন আৰু খাদ্যাভ্যাসত অনিয়ম হৈছে এই  সৃষ্টি হোৱাৰ এটা মুখ্য কাৰণ৷  এই ৰোগ ফলত  তেজত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয়৷ 

ভৰিৰ আঙুলিৰ বিষ, গোৰোহাৰ জ্বলা-পোৰা বা শৰীৰৰ হাড় ফুলি যোৱাৰ দৰে  তীব্ৰ বিষ - এই সকলো বোৰ শাৰীৰিক অসুবিধা আমাৰ বাবে নতুন নহয়। এই সমূহো ইউৰিক এচিড বৃদ্ধি পোৱাৰ বাবেই হয়৷ 

খাদ্যৰ পৰা উৎপন্ন হোৱা ইউৰিক এচিড তেজৰ সৈতে মিহলি হৈ বৃক্কত উপনীত হয়। বৃক্কই  প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা এই দূষিত পদাৰ্থ আঁতৰ কৰে। কিন্তু যেতিয়া শৰীৰত ইউৰিক এচিডৰ স্তৰ যথেষ্ট বৃদ্ধি হয়, তেতিয়া বৃক্কৰ বাবে সেই অতিৰিক্ত এচিড আঁতৰ কৰা সম্ভৱ নহয়। ফলস্বৰূপে, শৰীৰৰ বিভিন্ন অংশত ইউৰিক এচিড জমা হয়, তাৰ পিছত গাঁঠিত বিষ আৰম্ভ হয়। ইয়াৰ বাবে অনিয়ন্ত্ৰিত খাদ্যাভ্যাস মুখ্যতঃ দায়ী। এই লেখাটোৰ জৰিয়তে জানক এই ৰোগ হ’লে কোনবোৰ পাচলি খাব নালাগে-

পালেং শাক: পালেং শাক ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ। ইয়াৰ বাহিৰেও এই শাকত  এণ্টি-অক্সিডেণ্ট আছে৷ যি শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে। পালেং শাকত অক্সালেট থাকে, যি শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰে। গতিকে যদি শৰীৰত ইউৰিক এচিডৰ স্তৰ বেছি হয়, তেন্তে এই পাচলি নোখোৱাই ভাল।

বিলাহী: বিলাহী  প্ৰায় সকলোৰে প্ৰিয়। এই পাচলিটো মাহজাতীয় শস্যৰ পৰা পাতৰ মাংসলৈকে সকলো আঞ্জাতে প্ৰয়োজনীয়। ইয়াত  আঁহ অধিক থাকে। বিলাহীৰ অক্সালেটৰ স্তৰও উচ্চ। সেয়েহে, চিকিৎসকে ইউৰিক এচিডৰ ৰোগীসকলক এই পাচলি নাখাবলৈ পৰামৰ্শ দিয়ে।

 ভেন্দী : বহুতে ভেন্দী খাবলৈ খুউব ভাল পায়৷ অৱশ্যে, এই  পাচলি বেছিকৈ  খালে তেজত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হ'ব পাৰে। গতিকে যদি ইউৰিক এচিডৰ সমস্যা হয়,ভেন্দী  পৰিহাৰ কৰা ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু