--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি ডলাৰৰ বিপৰীতে ৮০ টকাৰ সীমা অতিক্ৰম কৰিলে ভাৰতীয় টকাৰ মূল্যই। যোৱা এটা বছৰত ভাৰতীয় টকাৰ মূল্য প্ৰায় সাত শতাংশ হ্ৰাস পাইছে। ভাৰতীয় মুদ্ৰা মঙলবাৰে মুকলি বজাৰত প্ৰতি ডলাৰত ৮০.০১৭৫ টকা পালেগৈ।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে কৈছিল যে, ২০১৪ চনৰ ডিচেম্বৰৰ পৰা আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ২৫ শতাংশলৈকে হ্ৰাস পাইছে। সীতাৰমণে লগতে উল্লেখ কৰিছিল যে, শেহতীয়াকৈ টকাৰ মূল্য হ্ৰাস আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে হৈছে।
আনহাতে, GST বোৰ্ডৰ ৪৭ সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত GST ৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা জাপি দিয়া হৈছে জনতাৰ ওপৰত।

ইফালে, এইখন ভাৰততে চলি আছে দুখন পৃথিৱী। এখন কেন্দ্ৰ চৰকাৰ আৰু আনখন আদানিৰ দৰে পুজিপটি শ্ৰেণীটোৰ বাবে। হয় আদনিৰ প্ৰসংগ এইবাবেই আহিছে যে, দেশৰ এচাম লোক যদি দিনক দিনে ধনীৰ পৰা ধনীলৈ গতি কৰিছে, আন এচাম লোক দৰিদ্ৰ পৰা দৰিদ্ৰলৈ গতি কৰিছে। 

আৰ্থিক অনাটন, সামগ্ৰীৰ মুল্যবৃদ্ধিৰ মাজতো পৃথিৱীৰ ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানত আছে গৌতম আদানি। ইয়াৰ পৰা এইটোৱেই প্ৰমাণ হৈছে দেশৰ সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতিয়ে দেশৰ এচাম ধনী লোকৰ বাবে কোনো হানি কৰা নাই, বৰঞ্চ এই শ্ৰেণীটোক বৰপীৰা পাৰি দিছে বুলি কলেও ভূল কোৱা নহব। চৰকাৰে এফালে যদি হিতাধিকাৰী সৃষ্টি কৰি, বিনামূলীয়া দাইল-চাউল বিতৰণ কৰি নিৰ্বাচনৰ সময়ত ভোট আদায় কৰি আছে, সেই একে সময়তে সামগ্ৰীৰ ওপৰত অতিৰিক্ত দাম বৃদ্ধি কৰি চৰকাৰে সৃষ্টি কৰা হিতাধিকাৰী সকলৰ ওপৰতে ৰামটাঙোন সোধাইছে।  

তাৰ মাজতে, পুনৰ দামবৃদ্ধিৰ বোজা সহিবলৈ সাজু হব লাগিব আপুনি৷ জিএছটি পৰিষদৰ বৈঠকৰ পাছত বৃদ্ধি পালে কেইবাবিধো সামগ্ৰীৰ দাম৷ বৃদ্ধি পাব চাউলৰ মূল্য৷ আনকি, চিকিৎসালয়ৰ কোঠাবোৰো হৈ পৰিল ব্যয়বহুল৷

জিএছটি বৃদ্ধি পোৱাৰ ফলত দাম বৃদ্ধি পাব দৈ, লাচী, চিকিৎসালয় আৰু হোটেলৰ কোঠাৰ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত চাউলো হৈ পৰিল ব্যয়বহুল৷

জিএছটি বোৰ্ডৰ ৪৭ সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে,  ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক কৰৰ বোজা সহিবলৈ সাজু হ’ব লাগিব জনতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য